Logo
image

খালী পেটত মিছিৰি খালে উপকাৰ পোৱা যায়

চেনিৰ বিকল্প হিচাপে মিছিৰি ব্যৱহাৰ কৰিব পাৰে৷ বিশেষকৈ ডায়েবেটিছত আক্ৰান্ত লোকে মিছিৰি খাব পাৰে৷ পুৱাই খালী পেটতে মিছিৰি পানী খালে পেট পৰিষ্কাৰ হোৱাৰ উপৰি চৰ্দি-কাহ আদিৰ পৰা উপশম পাব পাৰি৷ 
মিছিৰি কিদৰে খাব 

কাহ-চৰ্দিত উপকাৰীঃ কাহ-চৰ্দি আদিত আক্ৰান্ত হ’লে মিছিৰি  ঘিউৰ সৈতে মিলাই খাব লাগে৷ আনহাতে অলপ কুহুমীয়া পানীত কেইটুকুৰামান মিছিৰিৰ লগতে জলকীয়াৰ গুৰি মিহলাই খালে কাহ-চৰ্দিৰ পৰা সোনকালে উপশম পাব পাৰি৷ গাখীৰৰ সৈতে মিছিৰি খালেও বহু উপকাৰ পোৱা যায়৷

হিম’গ্লবিনৰ মাত্ৰা উন্নত কৰেঃ শৰীৰত হিম’গ্লবিনৰ মাত্ৰা কমি গ’লে ৰক্তহীনতাৰ লগতে শাৰীৰিকভাৱে দুৰ্বল অনুভৱ হোৱাৰ উপৰি ভাগৰ লগা, মূৰ ঘূৰোৱাৰ দৰে সমস্যাৰ সৃষ্টি হয়৷ এনে সমস্যাৰ সৃষ্টি হ’লে নিয়মীয়াকৈ মিছিৰি খালে হিম’গ্লবিনৰ মাত্ৰা অটুট থাকে আৰু ৰক্ত সঞ্চালন ঠিকে থাকে৷

সহজতে হজমঃ মিছিৰি খালে খাদ্য সহজে হজম হয়৷ 

এনাৰ্জি বুষ্টাৰঃ নিয়মীয়াকৈ মিছিৰি খালে শৰীৰৰ শক্তি বৃদ্ধি পায়৷  সেয়ে মিছিৰিক এনাৰ্জি বুষ্টাৰ বুলি কোৱা হয়৷ 

নাকৰ পৰা তেজ ওলোৱাত বাধা দিয়েঃ নাকৰ পৰা তেজ ওলোৱাৰ দৰে সমস্যাত ভোগে বিভিন্ন বয়সৰ লোক৷ মিছিৰি পানী নিয়মীয়াকৈ খালে নাকৰ পৰা তেজ ওলোৱা বন্ধ হয়৷ 

শুক্ৰাণু বৃদ্ধি পায়ঃ মিছিৰি খালে শুক্ৰাণু উন্নত হয়৷ পুৱাই মিছিৰি পানী খোৱাৰ অভ্যাস কৰিলে বিভিন্ন ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি৷