Logo
image

আজি মাজুলীত মুখ্যমন্ত্ৰীৰ চাইকেল ৰেলী

‘আমাৰ অসম’ৰ মাজুলীৰ প্ৰতিবেদক, ১ এপ্ৰিল: যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত মাজুলী বিধানসভা সমষ্টিৰ পৰা লোকসভাৰ নিৰ্বাচনৰ আনুষ্ঠানিক প্ৰচাৰ আৰম্ভ কৰিব মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ ১ এপ্ৰিলৰ পুৱা ১১ বজাত ৫ হাজাৰ চাইকেলেৰে গড়মূৰ মিনি ষ্টেডিয়ামৰ পৰা মুখ্যমন্ত্ৰীয়ে আৰম্ভ কৰিব নিজৰ প্ৰচাৰ৷ ইয়াৰ পাছত মুখ্যমন্ত্ৰী ড॰ শৰ্মাই মহৰীচুকত এখন নিৰ্বাচনী সভাত অংশ ল’ব৷ উল্লেখ্য যে, নিৰ্বাচন যিমানেই ওচৰ চাপি আহিছে সিমানেই মাজুলী জিলাত শাসকীয় আৰু বিৰোধী দলৰ নিৰ্বাচনী তৎপৰতা বৃদ্ধি পাইছে৷ বিশেষকৈ যোৰহাট সমষ্টিত বিৰোধী দলৰ প্ৰাৰ্থী হিচাপে গৌৰৱ গগৈক কংগ্ৰেছৰ পৰা টিকট প্ৰদান কৰাৰ পিছৰ পৰাই কঁপনি উঠিছে শাসকীয় বিজেপি দলত৷ বিজেপি প্ৰাৰ্থী তপন গগৈৰ হৈ প্ৰচাৰ চলাবলৈ দেওবাৰে মাজুলীত উপস্থিত হয় মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা৷ দেওবাৰে বিয়লি ৪.৩০ বজাত হেলিকপ্টাৰ যোগে মাজুলীৰ গড়মূৰত উপস্থিত হোৱা মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা ই পোনে পোনে নামনি মাজুলীৰ নিৰ্মীয়মান চেলেক ধূনাগুৰি দলঙৰ কাম কাজ পৰিদৰ্শন কৰে৷ ইয়াৰ পিছত মাজুলীৰ গৌৰৱ টুনি নদীৰ উদ্ধাৰৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা ২১ কোটি টকীয়া প্ৰকল্পৰ ভেকুলী মাৰি অঞ্চলত পৰিদৰ্শন কৰে৷ সন্ধিয়া দক্ষিণ পাট অঞ্চলত ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হৈ থক মাজুলী-যোৰহাট সংযোগী নিৰ্মীয়মান দলং পৰিদৰ্শন কৰি কামৰ অগ্ৰগতিৰ বুজ লয়৷ নিৰ্মাণ থলিত বিভাগৰ বিষয়া-কৰ্মচাৰী আৰু নিৰ্মাণ সংস্থাৰ লগত আলোচনা কৰি নিৰ্দিষ্ট সময়ৰ ভিতৰত আৰু সঠিকভাৱে দলং নিৰ্মাণৰ বাবে নিৰ্দেশ দিয়ে৷ নিশা মুখ্যমন্ত্ৰীয়ে দলীয় কৰ্মী, সতীৰ্থ মন্ত্ৰী সহ কমলাবাৰী পাৰঘাটৰ সমীপত থকা পৰ্যটন বিভাগৰ অতিথি গৃহত নৈশ যাপন কৰে৷ ১ এপ্ৰিলত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা মাজুলীত এক বৃহৎ চাইকেল ৰেলী অংশগ্ৰহণ কৰিব৷ এই চাইকেল ৰেলী সফল কৰিবলৈ নামনি মাজুলী মণ্ডলত ভাৰতীয় জনতা যুৱ মৰ্চা, অসম প্ৰদেশৰ সভাপতি সিদ্ধাঙ্কু অংকুৰ বৰুৱা উপস্থিত হৈ যুৱ মৰ্চাৰ বিষয়ববীয়া তথা কাৰ্য্যকৰ্তাসকলৰ সৈতে এক বিশেষ প্ৰস্তুতি বৈঠকত মিলিত হয়৷ বৈঠকত যুৱ মৰ্চা, অসম প্ৰদেশৰ ৰাজ্যিক সম্পাদক ঈশান ভৰালী, জিলা যুৱ মৰ্চাৰ সভাপতি বেদপ্ৰতীম বৰাৰ লগতে মাজুলীৰ দলীয় বিষয়ববীয়া তথা কাৰ্য্যকৰ্তাসকল উপস্থিত থাকে৷ দেওবাৰে প্ৰতিকুল বতৰকো নেওচি মুখ্যমন্ত্ৰী ড॰ শৰ্মাৰ এই ভ্ৰমণৰ সময়ত মন্ত্ৰী পীযুষ হাজৰিকা, মাজুলীৰ বিধায়ক ভুৱন গামকে ধৰি অসম বিজেপিৰ বহু কেইজন নেতা কৰ্মী উপস্থিত থাকে৷