Logo
image

নিজ ইচ্ছানুসৰি দৰৱ খায় হৃদযন্ত্ৰৰ বিপদ চপাই নল’ব

বিশ্বত প্ৰতি বছৰে আটাইতকৈ অধিক লোকৰ মৃত্যু হয় হাৰ্টএটেকত৷ মানসিক চাপ, অত্যধিক কৰ্মব্যস্ততা, নিদ্ৰাহীনতা কিম্বা অন্যান্য আনুষংগিক ৰোগে হৃদৰোগৰ আশংকা বৃদ্ধি কৰে৷ কিন্তু বিশেষজ্ঞসকলৰ মতে হৃদৰোগৰ পৰা হাত সৰাৰ কিছুমান সহজ উপায় আছে৷ এইক্ষেত্ৰত মাত্ৰ কেইটামান অভ্যাস কৰিলেই হ’ল৷ উল্লেখ কৰা হ’ল কোনবোৰ অভ্যাসে  হৃদযন্ত্ৰ সুস্থ ৰখাত সহায় কৰে–

* টোপনি : টোপনি পৰ্যাপ্ত নহ’লে  হৃদৰোগত আক্ৰান্ত হোৱাৰ আশংকা বাঢ়ে৷ চিকিৎসকৰ মতে, নিজকে সুস্থ ৰাখিবলৈ একোজন লোকে দৈনিক ৭-৮ঘণ্টাকৈ শোৱাটো জৰুৰী৷ যদি এই দীঘলীয়া সময়  টোপনি নাহে, তেন্তে কামৰ মাজে মাজে শোৱাৰ অভ্যাস কৰক৷

 * শৰীৰ চৰ্চা : সংবহনতন্ত্ৰ ভালে ৰাখিবলৈ নিতৌ শৰীৰ চৰ্চা কৰাটো বাঞ্ছনীয়৷ দেহত অতিৰিক্ত ওজন বাঢ়িলে হৃদৰোগৰ আশংকা বাঢ়ে৷ সেয়ে নিতৌ শৰীৰ চৰ্চা কৰিব লাগে৷ অৱশ্যে যিসকলে শৰীৰ চৰ্চা কৰিবলৈ সময় নাপায় তেওঁলোকে বেছিসময় খোজ কঢ়াৰ অভ্যাস কৰক৷ যোগাসন কৰিলেও হৃদৰোগৰ আশংকা কমে৷ 

* জধেমধে ঔষধ নাখাব : ডায়েবেটিছ, উচ্চ ৰক্তচাপ আদিৰ দৰে সমস্যাই হৃদৰোগৰ আশংকা বঢ়ায়৷ এনে সমস্যা থকা লোকসকলে ৰোগ নিয়ন্ত্ৰণ কৰি ৰাখিবলৈ নিজৰ ইচ্ছানুসৰি ঔষধ খায়৷ এই অভ্যাস অতি বিপদজ্জনক৷ যিসকলে নিজৰ ইচ্ছানুসৰি ৰক্তচাপৰ দৰৱ খায় তেওঁলোকে অবিলম্বে চিকিৎসকলৰ পৰামৰ্শ লোৱা উচিত৷

* স্বাস্থ্য পৰীক্ষা : বহুতে বুকুত বিষ, ক্লান্তি বা শাৰীৰিক অস্বস্তি অনুভৱ কৰিলে সেয়া গেছৰ বাবে হোৱা বুলি ভাবে৷ এই ভুল নকৰিব৷ বুকুত বিষ অনুভৱ কৰিলে বা সাধাৰণ কষ্টতে ক্লান্তি অনুভৱ কৰিলে চিকিৎসকৰ পৰামৰ্শ লওক৷ কিয়নো এয়া হৃদৰোগৰ লক্ষণ হ’ব পাৰে৷ যিসকলৰ পৰিয়ালত হৃদৰোগৰ ইতিহাস আছে তেওঁলোকে নিতৌ স্বাস্থ্য পৰীক্ষা কৰা উচিত৷ 

* খাদ্যাভ্যাস : বহুতে মছলাযুক্ত বা অতিৰিক্ত তেল ব্যৱহাৰ নোহোৱা খাদ্য খাবলৈ নিবিচাৰে৷ হৃদৰোগৰ পৰা হাত সাৰি থাকিবলৈ হ’লে প্ৰথমেই মছলাযুক্ত আৰু অতিৰিক্ত তেলত ভজা খাদ্য পৰিহাৰ কৰক৷  প্ৰ’টিনযুক্ত খাদ্য মাছ বা মাংসৰ পৰিমাণ কমাই সেউজীয়া পাচলি আৰু আঁহযুক্ত খাদ্য বেছিকৈ খোৱাৰ অভ্যাস কৰক৷ শাক-পাছলিত কলেষ্টে’ৰলৰ মাত্ৰা কম থাকে বাবে ইয়াৰ পৰা হৃদৰোগ হোৱাৰ আশংকা কম৷ পাৰিলে খাদ্য তালিকাত ওটছ, ব্ৰাউন ৰাইচ, বিন, মচুৰ দাইল, বাদাম আৰু ফল-মূল ৰখা কৰক৷