Logo
image

তিহাৰ জে’ললৈ কেজৰিৱাল, ইডিৰ চকু মন্ত্ৰী আতিশী-সৌৰভৰ ওপৰত

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২ এপ্ৰিল: দিল্লীৰ আবকাৰী নীতি কেলেংকাৰিত অভিযুক্ত হৈ যোৱা ২১ ফেব্ৰুৱাৰীত এনফৰ্চমেণ্ট ডাইৰেক্টৰেটৰ [ই ডি] হাতত গ্ৰেপ্তাৰ হোৱা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক নতুন দিল্লীৰ ৰাউছ এভিনিউ আদালতে ১৪ দিনৰ বাবে তিহাৰ কাৰাগাৰলৈ নিক্ষেপ কৰিছে৷ বিশেষ আদালতৰ বিচাৰক কাবেৰী বাজৱাৰে সোমবাৰে এই নিৰ্দেশ দিয়াৰ পাছতেই দিল্লীৰ আপ চৰকাৰৰ মুখ্যমন্ত্ৰীজনক দিল্লীৰ তিহাৰ কাৰাগাৰৰ ২ নম্বৰ চেলত কাৰাবন্দী কৰা হয়৷ তিহাৰ কাৰাগাৰত অৰবিন্দ কেজৰিৱালৰ নিচেই কাষতে আছে তেওঁৰ আন তিনিজন সতীৰ্থ ক্ৰমে মনীষ ছিছোদিয়া, সত্যেন্দ্ৰ জৈন আৰু সঞ্জয় সিং৷ কেজৰিৱালৰ কাষৰ চেল নম্বৰত আছে একেই গোচৰত বন্দী, প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়া৷ দিল্লীৰ প্ৰাক্তন স্বাস্থ্যমন্ত্ৰী সত্যেন্দ্ৰ জৈন বন্দী হৈ আছে ৭ নম্বৰ চেলত আৰু দলৰ ৰাজ্যসভাৰ সদস্য সঞ্জয় সিং আছে ৫ নম্বৰ চেলত৷ দুয়ো আৰ্থিক অনিয়মৰ গোচৰত দীৰ্ঘদিন ধৰি তিহাৰ কাৰাগাৰত বন্দী৷ মহিলা বিভাগৰ ৬ নম্বৰ চেলত আছে আবকাৰী নীতি কেলেংকাৰি গোচৰত বন্দী তেলেংগানাৰ বি আৰ এছ নেত্ৰী তথা ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ কন্যা কে কবিতা৷ সোমবাৰে আদালতে অৰবিন্দ কেজৰিৱালক তিহাৰ কাৰাগাৰলৈ নিক্ষেপ কৰি এটা ধৰ্মীয় লকেট পৰিধান কৰি থকাৰ অনুমতি প্ৰদান কৰাৰ লগতে শ্ৰীমদ্ভাগৱত গীতা, ৰামায়ণ আৰু সাংবাদিক নীৰজা চৌধুৰীৰ ‘হাও প্ৰাইম মিনিষ্টাৰ ডিচাইড’কে ধৰি ৩খন গ্ৰন্থ লগত ৰাখিবলৈ অনুমতি দিছে৷ ২৪ ঘণ্টা চি চি টিভিৰ নজৰত থাকিবলগীয়া অৰবিন্দ কেজৰিৱালে ১৮-২০টা চেনেল থকা টিভি চোৱাৰ সুবিধা পাব৷ দিনটোৰ নিৰ্দিষ্ট সময়ত তেওঁ অধিবক্তাৰ সৈতে আলোচনা কৰাৰ সুবিধা পালেও অধিকাংশ সময় চেলৰ ভিতৰত বন্দী হৈ কটাবলগীয়া হ’ব৷ 

যোৱা ২১ ফেব্ৰুৱাৰীত গ্ৰেপ্তাৰ কৰা অৰবিন্দ কেজৰিৱালৰ জিম্মাৰ ম্যাদ পৰৱৰ্তী সময়ত চাৰিদিন বৃদ্ধি কৰিলেও সোমবাৰে ই ডিয়ে তেওঁক পুনৰ জিম্মাত নিবিচাৰিলে৷ নতুন দিল্লীৰ ৰাউছ এভিনিউ আদালতত বিচাৰক কাবেৰী বাজৱাৰৰ কক্ষত  ই ডিৰ হৈ অতিৰিক্ত ছলিচিটৰ জেনেৰেল এছ ভি ৰাজুৱে কেজৰিৱালে তদন্ত আৰু জেৰাৰ সময়ত অসহযেগিতা কৰা বুলি প্ৰকাশ কৰে৷ তেওঁ জনায় যে কেজৰিৱালে তদন্তকাৰীৰ হাতত নিজৰ মবাইল ফোনৰ পাছৱৰ্ড তুলি দিয়া নাই৷ অভিযুক্ত কেজৰিৱালে তদন্তত অসহযোগিতা কৰা সত্ত্বেও কিয় তেওঁক ই ডিয়ে পুনৰ জিম্মাত নিবিচাৰিলে সেই লৈ সন্দেহৰ সৃষ্টি হৈছে৷ সাধাৰণতে অভিযুক্তই তদন্তত অসহযোগিতা কৰাৰ অভিযোগ তুলিয়েই তদন্তকাৰী সংস্থাই পুনৰ নিজৰ জিম্মাত বিচাৰে৷ এইক্ষেত্ৰত ই ডিয়ে গ্ৰহণ কৰা পদক্ষেপ কিয় ব্যতিক্ৰম হ’ল সেই লৈ বিভিন্ন পক্ষই প্ৰশ্ন উত্থাপন কৰিছে৷ আপে কৰা অভিযোগ অনুসৰি, অৰবিন্দ কেজৰিৱালে যাতে লোকসভা নিৰ্বাচনৰ ভোটৰ প্ৰচাৰত ভাগ ল’ব নোৱাৰে, সেয়া নিষ্কKI×ক কৰাৰ বাবেই মোদী চৰকাৰৰ নিৰ্দেশত দিল্লীৰ মুখ্যমন্ত্ৰীজনক তদন্তকাৰী ই ডিয়ে অহা চৈধ্যদিন কাৰাবন্দী কৰি ৰাখিছে৷ মোদী চৰকাৰৰ ষড়যন্ত্ৰ অনুসৰিয়েই ই ডিয়ে এই পদক্ষেপ লোৱা বুলি আপে অভিযোগ কৰিছে৷  অহা ১৫ এপ্ৰিলত কাৰাবন্দিত্বৰ ম্যাদ শেষ হোৱাৰ লগে লগে একেটা গোচৰত অৰবিন্দ কেজৰিৱালক চি বি আয়ে গ্ৰেপ্তাৰ কৰিব বুলিও  আপে ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে৷ অৰ্থাৎ লোকসভা নিৰ্বাচনৰ সমগ্ৰ প্ৰক্ৰিয়াত কেজৰিৱালক নিৰ্বাচনী প্ৰচাৰৰ পৰা দূৰত ৰখাৰ বাবে মোদী চৰকাৰে গ্ৰহণ কৰা দীৰ্ঘদিনীয়া পৰিকল্পনা এতিয়া কেন্দ্ৰীয় তদন্তকাৰী সংস্থাসমূহে কাৰ্যকৰী কৰিছে বুলি আপে অভিযোগ উত্থাপন কৰিছে৷

ইপিনে অৰবিন্দ কেজৰিৱালৰ ঘনিষ্ঠ মন্ত্ৰী আতিশী মাৰলেনা আৰু আন এজন শীৰ্ষস্থানীয় মন্ত্ৰী সৌৰভ ভৰদ্বাজকো ই ডিয়ে গ্ৰেপ্তাৰৰ কুচকাৱাজ আৰম্ভ কৰা বুলি প্ৰৱল চৰ্চা আৰম্ভ হৈছে৷ ই ডিয়ে সোমবাৰে জনোৱা মতে, জেৰাৰ সময়ত অৰবিন্দ কেজৰিৱালে আবকাৰী নীতি কেলেংকাৰিৰ অভিযোগ নিজৰ ওপৰৰ পৰা আঁতৰাই সতীৰ্থ মন্ত্ৰী আতিশী মাৰলেনা আৰু সৌৰভ ভৰদ্বাজৰ ওপৰত জাপি দিছে৷ তদন্তকাৰী সংস্থাটোৱে প্ৰকাশ কৰা অনুসৰি আবকাৰী কেলেংকাৰিত অভিযুক্ত আপৰ মুখপাত্ৰ বিজয় নায়াৰৰ বিষয়ে  ই ডিয়ে অৰবিন্দ কেজৰিৱালক প্ৰশ্ন কৰাত কেজৰিৱালে কয় যে, বিজয় নায়াৰ তেওঁৰ অধীনস্থ বিষয়া নহয়, বৰং আতিশী মাৰলেনা আৰু সৌৰভ ভৰদ্বাজৰহে অধীনস্থ বিষয়া আছিল৷ অৰবিন্দ কেজৰিৱালে এই স্বীকাৰোক্তি দিয়াৰ লগে লগে ই ডিয়ে এতিয়া তেওঁলোকৰ তদন্তৰ ফান্দ আতিশী মাৰলেনা আৰু সৌৰভ ভৰদ্বাজলৈ মেলি দিব বুলি চৰ্চা হৈছে৷ ধাৰণা কৰা হৈছে, কেজৰিৱালৰ স্বীকাৰোক্তিৰ ভিত্তিত এই দুই মন্ত্ৰীক অচিৰেই  ই ডিয়ে জেৰা কৰিব৷ লোকসভা নিৰ্বাচনৰ প্ৰক্ৰিয়া অব্যাহত থকাৰ মাজতে দুয়োকে ই ডিয়ে গ্ৰেপ্তাৰ কৰাৰ আশংকাও সৃষ্টি হৈছে৷ উল্লেখ্য, সম্প্ৰতি কেজৰিৱাল, মণীষ ছিছোদিয়া আৰু সত্যেন্দ্ৰ জৈন কাৰাবন্দী হৈ থকা অৱস্থাত দিল্লীৰ আপ চৰকাৰখন পৰিচালনা কৰি আছে ঘাইকৈ মন্ত্ৰী আতিশী মাৰলেনা আৰু সৌৰভ ভৰদ্বাজে৷ তদুপৰি সাম্প্ৰতিক লোকসভা নিৰ্বাচনৰ দলীয় প্ৰচাৰৰ দায়িত্বও কান্ধত তুলি লৈছে এই দুই মন্ত্ৰীয়ে৷ একে সময়তে দুয়ো মোদী চৰকাৰৰ বিৰুদ্ধে  আক্ৰমণাত্মক হৈ পৰিছে৷ অৰবিন্দ কেজৰিৱালৰ অতি ঘনিষ্ঠ, আপৰ আন এজন শীৰ্ষ মন্ত্ৰী ৰাঘৱ চাড্ডা সম্প্ৰতি ৰেটিনাৰ গুৰুতৰ অসুস্থতাৰ বাবে লণ্ডনত চিকিৎসাধীন হৈ আছে৷ অৱশ্যে সম্প্ৰতি তেওঁৰ ভূমিকা ৰহস্যজনক বুলি সংবাদ মাধ্যমে চৰ্চা চলাইছে৷ এনে পৰিস্থিতিত যদি ই ডিয়ে আতিশী মাৰলেনা আৰু সৌৰভ ভৰদ্বাজক ফান্দত পেলাব পাৰে তেন্তে সাম্প্ৰতিক লোকসভা নিৰ্বাচনত আপ নিশ্চিতভাৱে গভীৰ বিপৰ্যয়ত পৰিব৷