Logo
image

ছুগাৰ-প্ৰেছাৰৰ ঔষধৰো দাম বাঢ়িল, নীৰৱে মূল্যবৃদ্ধি সুৰাৰো

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২ এপ্ৰিল : ছুগাৰ, প্ৰেছাৰ, কৰ্কট, কুকুৰে কামোৰা, মেলেৰিয়া, ৰক্তহীনতা, টিবি, এণ্টিবায়টিক পেইনকিলাৰ, ভিটামিন, হৃদৰোগ, পেটৰ অসুখ, অ’আৰএছ, মিনাৰেলছকে ধৰি ৮০০বিধ ঔষধৰ দাম সোমবাৰৰ পৰা পুনৰ বৃদ্ধি পালে৷ এক কথাত কবলৈ গ’লে ভোটৰ বতৰত ঔষধ কোম্পানীৰ পৰা ইলেক্টৰেল বণ্ডৰ জৰিয়তে হাজাৰ কোটি টকাৰ চান্দালৈ অত্যাৱশকীয় ঔষধৰ ৰাষ্ট্ৰীয় তালিকাত থকা আঠশৰো অধিক ঔষধৰ মূল্যবৃদ্ধিত কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনালে৷ স্বাভাৱিকতে ভোটাৰৰ মাজত গুণগুণনি উঠিছে– ‘এফালে ফ্ৰি চাউল, আনফালে জীৱনদায়িনী ঔষধৰ মূল্যবৃদ্ধি৷’ লক্ষণীয় যে যোৱা দুবছৰত ইতিমধ্যে ২২শতাংশ ঔষধৰ দাম বৃদ্ধি পাইছে৷ পূৰ্বে ৫০০টকাত পোৱা চাৰিটা ছডিয়াম টেবলেটৰ দাম বাঢ়ি ইতিমধ্যেই ৭৬৪.৯৫টলা হ’ল৷ ৫৫টকাত পোৱা প্ৰেছাৰৰ টেবলেটৰ দাম ১১৫টকা হ’ল৷ হাড়ৰ চিকিৎসাত ব্যৱহৃত কৰ্টিজেন প্ৰ’ টেবলেটৰ দাম ৬৫০ টকাৰ পৰা বাঢ়ি ৭৫০ টকা হ’ল৷ এতিয়া পুনৰ ১ এপ্ৰিলৰ পৰা আকৌ ঔষধৰ দাম বৃদ্ধি পালে৷ স্বাভাৱিকতে দেশৰ  কোটি কোটি দুখীয়া নিম্ন মধ্যবিত্ত শ্ৰেণীৰ লোকৰ বাবে এয়া মুৰত সৰগ ভাগি পৰাৰ খবৰ৷ দেশত এতিয়া এনে দিন আহিল দুখীয়া, মধ্যবিত্তই  শ্ৰম কৰি কোনোমতে পেটৰ ভাত মুঠি জোগাৰ কৰিব পৰিলেও হয়তো বেমাৰত আৰু ঔষধ  কিনি খোৱাটো সম্ভৱ নহ’ব৷ কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ নেছনেল ফাৰ্মাচিউটিকেল প্ৰাইচিং অথৰিটী অব ইণ্ডিয়াই অনুমোদন জনোৱা অনুসৰি ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ হেল’থেন, ইছ’ফ্লুৰেন, কেটামিন, নাইট্ৰাছ অক্সাইড, ডিক্ল’ফিনেক, মেফেনামিক এচিড, পেৰাছিটামল, মৰফিন, এম’ক্সিলিন, এম্পিচিলিন, বেঞ্জিলাপনিচিল, ছেফাজলিন, ছেফট্ৰিয়াকচন আদি এণ্টিবায়টিক তথা আন ঔষধৰ দাম বৃদ্ধি পাইছে৷ ইফালে টিবি ৰোগত আক্ৰান্ত লোকে নিয়মীয়াকৈ ব্যৱহাৰ কৰা এমিকপচিন, ৰেডাকুইলিন, ক্লেৰিথ্ৰ’মাইচিন আদি দৰবৰ লগতে ক্লটিমাজল, ফ্লক’নাজল, মুপিৰ’চিন, নাইষ্টটিন, টাৰ্বিমাফাইন আদি দৰবৰো দামো বৃদ্ধি পাইছে৷ এইছআইভি ৰোগত আক্ৰান্তৰ বাবে প্ৰয়োজনীয় এবাকাভিৰ, লেমিভুদিন, লেভিৰাপাইন আদি দৰবৰ দামো বৃদ্ধি পাইছে৷  অ’আৰএছ, লেক্ট’লোজ আদি গেষ্ট’ ইণ্টেষ্টিনেল দৰবৰ দামো বৃদ্ধি পালে৷ কুকুৰে কামোৰাত ব্যৱহৃত ৰেবিছ ভেকচিন, মেলেৰিয়াত আক্ৰান্তই ব্যৱহাৰ কুইনাইন, কৰ্কট ৰোগত ব্যৱহৃত সকলোবোৰ ট্ৰেপ ৰেটিঅ’নইক এছিদ, ৰক্তহীনতাত ব্যৱহৃত ফলিক এছিদ, হৃদৰোগ তথা উচ্ছ ৰক্তচাপত ব্যৱহৃত ভিলিটাজেম, ভিগ’ক্সিন আদি দৰবৰ দামো বৃদ্ধি পাইছে৷ উল্লেখ্য, ইলেক্টৰেল বণ্ডৰ জৰিয়তে ডাঃ ৰেড্ডিছ লেব, চিপলা লিমিটেডকে ধৰি বিভিন্ন ঔষধ কোম্পানীয়ে শাসকীয় বিজেপি তথা আন ৰাজনৈতিক দললৈ হাজাৰ কোটি টকাৰ চান্দা দিয়াৰ পাছতে এনেদৰে অনিয়ন্ত্ৰিত ৰূপত দেশত ঔষধৰ দাম বৃদ্ধি পোৱা বুলি অভিযোগ উঠিছে৷ আনহাতে, কৰনাৰ ঔষধ ৰেমডেচিভিৰৰ পৰা কফ ছিৰাপলৈ লেব পৰীক্ষাত অনুত্তীৰ্ণ নিম্নমানৰ ঔষধ প্ৰস্তুতকৰ্তায়ো বিজেপিসহ ৰাজনৈতিক দলক এহাজাৰ কোটি টকা দিয়াৰ অভিযোগ উঠিছে৷ কেন্দ্ৰীয় চৰকাৰে সুলভ মূল্যত প্ৰধানমন্ত্ৰীৰ জন ঔষধি ফাৰ্মাচীৰ জৰিয়তে জেনেৰিক ঔষধ উপলব্ধ বুলি দাবী কৰিলেও বাস্তৱক্ষেত্ৰত এয়া ৰোগীৰ বাবে উপলব্ধ হোৱা নাই৷ সম্প্ৰসাৰণ হোৱাৰ পৰিৱৰ্তে ইখনৰ পাছত সিখন জন ঔষধি ফাৰ্মাচী বন্ধ হোৱাহে পৰিলক্ষিত হৈছে৷ চিকিৎসকেও প্ৰেছক্ৰাইভ নকৰে জেনৰিক ঔষধ৷ ইফালে, ১ এপ্ৰিলৰ পৰা ৰাজ্যত হোৰাহোৰে বৃদ্ধি পাইছে সুৰাৰ দামো৷ সুৰা ব্যৱসায়ীৰ পঞ্জীয়ন মাছুল দুগুণলৈ বৃদ্ধিৰ পাছত এইবাৰ ৰাজ্যৰ সুৰাপায়ীসকলৰ মূৰত ৰামটোঙোন সোধাই ৭৭ বিধ সুৰাৰ দামো ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ বৃদ্ধি কৰিছে৷ উদাহৰণস্বৰূপে পহিলা এপ্ৰিলৰ পৰা ৪০০ টকাত উপলব্ধ ছিগ্ৰাম ইম্পিৰিয়েল ব্লেক হুইস্কীৰ দাম ৪৮০ টকালৈ বৃদ্ধি কৰিছে৷ ২৪৫ টকাত উপলব্ধ ছিগ্ৰাম ব্লেণ্ডাৰ্ছ প্ৰাইড হুইস্কীৰ দাম ২৬০ টকালৈ বৃদ্ধি কৰিছে৷ ৩৮০ টকাত উপলব্ধ ডাইৰেক্টৰ স্পেচিয়েল ব্লেক হুইস্কীৰ দাম ৪৫০ টকালৈ বৃদ্ধি পাইছে৷ ৩৫০টকাত উপলব্ধ বেগপিপাৰ ডিলাক্স হুইস্কীৰ দাম ৪১০ টকালৈ বৃদ্ধি পাইছে৷