Logo
image

ৰাজ্যত বছৰটোত ৭,৪৩২টা দুৰ্ঘটনাত ৩,২৯৮জনৰ মৃত্যু

‘আমাৰ অসম’ৰ মহানগৰীৰ প্ৰতিবেদক, ২ এপ্ৰিলঃ  পথ দুৰ্ঘটনা হ্ৰাস কৰাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে বিভিন্ন পদক্ষেপ৷ যিকোনো উৎসৱৰ সময়ত যাতে কোনো ধৰণৰ দুৰ্ঘটনা সংঘটিত নহয় তাৰ বাবেও কঠোৰ হৈছে ৰাজ্য চৰকাৰ তথা আৰক্ষী, পৰিবহণ বিভাগ৷ কিন্তু তাৰ পিছতো ৰাজ্যত ব্যাপকভাৱে বৃদ্ধি পাইছে দুৰ্ঘটনাৰ সংখ্যা ক্ৰমাগতভাৱে ৰাজ্যখনত উদ্বেগজনক হাৰত বৃদ্ধি পোৱা দুৰ্ঘটনাৰ তথ্য পোহৰলৈ আহিছে ৰাজ্য চৰকাৰৰ পৰিবহণ বিভাগ আৰু অসম আৰক্ষীৰ তথ্যত৷  ২০২৩ বৰ্ষত পথ দুৰ্ঘটনাত ৩২৯৮জন লোকৰ মৃত্যু হৈছে বুলি পৰিবহণ বিভাগ আৰু অসম আৰক্ষীৰ তথ্যত প্ৰকাশ পাইছে৷ পৰিবহণ বিভাগ আৰু অসম আৰক্ষীৰ তথ্য অনুসৰি ২০২৩ বৰ্ষত ৭৪৩২টা পথ দুৰ্ঘটনাত ৫৯১০জন লোক আঘাতপ্ৰাপ্ত হৈছে৷ এটা বছৰত যান বাহন আইনৰ জৰিমনা সংগ্ৰহ কৰিছে নগদ ১০৬কোটি ৮৫লাখ ৭৫হাজাৰ ৫০২টকা৷ তদুপৰি ই- চালানৰ জৰিয়তে এটা বছৰত জৰিমনা সংগ্ৰহ কৰিছে ৯৫কোটি ২লাখ ৬৭হাজাৰ ৫০০ টকা৷ চলিত বছৰটোৰ ২০২৪ৰ ফেব্ৰুৱাৰী মাহত ৬২১টা পথ দুৰ্ঘটনাত ৩০০জন লোকৰ মৃত্যু হৈছে আৰু ৫০৭জন লোক আঘাতপ্ৰাপ্ত হৈছে৷ চলিত বৰ্ষৰ মাৰ্চ মাহলৈকে ২ কোটি ৭ লাখ ৪০০ টকা জৰিমনা সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে৷ মন কৰিবলগীয়া বিষয় যে বিগত কেইটা মাহত ধাৰাবাহিকভাৱে কেইবাটাও পথ দুৰ্ঘটনা সংঘটিত হোৱা আৰু ইয়াৰ ফলত বহুসংখ্যক লোকে প্ৰাণ হেৰুওৱাৰ বাবে চৰকাৰে কেতবোৰ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে আৰু সুৰাপায়ী চালকৰ বাবে অত্যন্ত কঠোৰ নীতি গ্ৰহণ কৰিছে৷ একেদৰে উৎসৱৰ এই সময়ছোৱাতে যাতায়াত কৰা লোকসকলৰ ক্ষেত্ৰতো সুৰাপান নিষিদ্ধ কৰা হৈছে ৷ আৰক্ষী আৰু পৰিবহণ বিভাগে যৌথভাৱে বিগত দীৰ্ঘদিন ধৰি চলোৱা ব্যাপক অভিযানৰ বাবে পথ দুৰ্ঘটনাৰ সংখ্যা কিছু হ্ৰাস পাইছে যদিও এই অভিযান কিমান দিনলৈ অব্যাহত থাকে সেয়া লক্ষণীয় হ’ব৷ একেদৰে ৰাষ্ট্ৰীয় ঘাইপথসমূহত জধে-মধে ৰখাই থোৱা বাহনসমূহো দুৰ্ঘটনাৰ অন্যতম কাৰক হৈ পৰিছে৷ কোনো সংকেত নিদিয়াকৈ ঘাইপথৰ দাঁতিত ৰখাই থোৱা ট্ৰাক তথা আন বাহনত খুন্দা মৰাৰ ফলতো ৰাজ্যখনত বহু দুৰ্ঘটনা সংঘটিত হৈছে৷ উচ্ছতম ন্যায়ালয়ে এনেদৰে অনৈতিকভাৱে ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত বাহন ৰখাই থোৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছিল যদিও অসমৰ পৰিবহণ বিভাগে এতিয়ালৈকে ইয়াৰ বিৰুদ্ধে বিশেষ কোনো অভিযান চলোৱা পৰিলক্ষিত হোৱা নাই৷  পথ দুৰ্ঘটনা ৰোধৰ বাবে ৰাজ্য চৰকাৰে সুপৰিকল্পিত নীতিৰে দীৰ্ঘম্যাদী ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে৷ 

অভিলেখ পৰিমাণৰ ৰাজহ সংগ্ৰহ কামৰূপ মহানগৰ জিলাত

'আমাৰ অসম'ৰ মহানগৰীৰ প্ৰতিবেদকঃ ২০২৩-২৪ বিত্তীয় বৰ্ষত কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ে সৰ্বকালৰ সৰ্বাধিক ৪৭০কোটিৰো অধিক টকাৰ যান-বাহনৰ ৰাজহ সংগ্ৰহ কৰি পৰিবহণ বিভাগৰ ইতিহাসত নজিৰ সৃষ্টি কৰে৷ কাৰ্যালয়টোৱে যোৱা ২০২২-২৩ বিত্তীয় বৰ্ষত সংগ্ৰহ কৰা ৰাজহৰ পৰিমাণ আছিল ৩৬৪, ৯৪, ৫০, ৮৬৯টকা৷  ইয়াৰ বিপৰীতে কাৰ্যালয়টোৱে এইবাৰ ৰাজ্যৰ ৰাজকোষলৈ পূৰ্বতকৈ ১০৬কোটিৰ অধিক অৰ্থাৎ ৪৭০কোটি ১০লাখ ৬ হাজাৰ ৪৩ (৪৭০, ১০, ০৬, ০৪৩)টকাৰ ৰাজহৰ উল্লেখনীয় বৰঙনি আগবঢ়াবলৈ সক্ষম হৈছে৷ উল্লেখ্য যে ৰাজ্যৰ উপ-পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসৰ তত্ত্বাৱধানত কাৰ্যালয়টোৱে বিগত বৰ্ষসমূহত ৰাজহ সংগ্ৰহত সৃষ্টি কৰা অভিলেখ চলিত বৰ্ষতো অব্যাহত থকা, বৰঞ্চ এইবাৰ পূৰ্বৰ সকলো অভিলেখ ভঙ্গ কৰি সৰ্বাধিক ৰাজহ সংগ্ৰহেৰে নজিৰ সৃষ্টি কৰা কাৰ্যত কাৰ্যালয়টোৰ বিষয়া-কৰ্মচাৰীসকল স্বাভাৱিকতেই উৎফুল্ল হৈ পৰে আৰু বিষয়া গৰাকীক উষ্ম অভিনন্দন জনায়৷ চলিত বিত্তীয় বৰ্ষত ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত দেখুওৱা বিৰল আৰু অনুকৰণীয় দৃষ্টান্তৰ বাবে উপ-পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াগৰাকীয়ে জিলা পৰিবহণ বিষয়া (প্ৰৱৰ্তক) হিমাংশু কুমাৰ দাসৰ নেতৃত্বত প্ৰৱৰ্তক পৰিদৰ্শকৰ দলে অবিৰতভাৱে যান-বাহনত চলোৱা তালাচী অভিযান আৰু সজাগতামূলক কাৰ্যসূচী অন্যতম উল্লেখনীয় দিশ বুলি মন্তব্য কৰে৷ বিশেষকৈ সময়মতে যানবাহনৰ যাৱতীয় কৰ পৰিশোধ আৰু নথিপত্ৰ নৱীকৰণৰ ক্ষেত্ৰত লবলগীয়া সাৱধানতা সন্দৰ্ভত বাহনৰ গৰাকীক প্ৰায় নিয়মীয়াকৈ সজাগ-সচেতন কৰি অহা সংবাদ মাধ্যমক উপ-পৰিবহণ আয়ুক্ত গৰাকীয়ে বিশেষভাৱে কৃতজ্ঞতা জ্ঞাপন কৰে৷ যোৱা দিনবিলাকত পৰিবহণ বিভাগে জনোৱা আহ্বানলৈ বাহনৰ গৰাকীসকলে আন্তৰিকতাৰে সহযোগিতা আগবঢ়োৱাৰ বাবেই আজি কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ে ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত অভিলেখ সৃষ্টিৰ ধাৰা দোপতদোপে অব্যাহত ৰাখিবলৈ সক্ষম হোৱা বুলিও তেওঁ কয়৷ এই আপাহতে উপ পৰিবহণ আয়ুক্ত গৰাকীয়ে সাম্প্ৰতিক সময়ত সকলোৰে বাবে প্ৰত্যাহ্বান স্বৰূপ হৈ পৰা পথ দুৰ্ঘটনা ৰোধৰ ক্ষেত্ৰত সকলোকে যানবাহন চালনাৰ নীতিনিয়ম মানি চলি অসমক এখন দুৰ্ঘটনামুক্ত ৰাজ্য হিচাপে গঢ়ি তুলিবলৈ আহ্বান জনায়৷