Logo
image

৬ এপ্ৰিলত নাহেঃ নিৰ্বাচনী ৰণডংকা বজাবলৈ কেতিয়া অসমলৈ আহিব অমিত শ্বাহ?

'আমাৰ অসম'ৰ লখিমপুৰৰ প্ৰতিনিধি,২ এপ্ৰিলঃ ৬ এপ্ৰিলৰ পৰিৱৰ্তে  ৮ এপ্ৰিলতহে লখিমপুৰত নিৰ্বাচনী ৰণডংকা বজাব দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে। ১২ নং লখিমপুৰ লোকসভা সমষ্টিৰ বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰদান বৰুৱাৰ হৈ ৬ এপ্ৰিলত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ লখিমপুৰলৈ অহাৰ কথা আছিল যদিও বৰ্তমান তেওঁ ভ্ৰমণসূচী সলনি কৰিছে। গৃহমন্ত্ৰীজনৰ ভ্ৰমণসূচী সলনি হোৱা বুলি মঙলবাৰে দলীয় শীৰ্ষমহলৰ এক সূত্ৰই জানিবলৈ দিছে। 

ইফালে দেশৰ গৃহমন্ত্ৰীয়ে অংশগ্ৰহণ  কৰিবলগীয়া সভাস্থলীৰ কাম পূৰ্ণগতিত অব্যাহত আছে। চুকুলীভৰীয়াত থকা লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ খেলপথাৰত ১২ নং লখিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত শদিয়া আৰু ডুমডুমাৰ বাহিৰে বাকী ৭ টা বিধানসভা সমষ্টিৰ পৰা প্ৰায় ৭০ হাজাৰোধিক লোকৰ সমাৱেশ ঘটোৱাৰ লক্ষ্যৰে বিশাল মঞ্চ আৰু মণ্ডপ নিৰ্মাণ কৰা হৈছে সভাস্থলীত৷ মণ্ডপৰ কাষতে নিৰ্মাণ কৰা হৈছে অস্থায়ী হেলিপেড। আৰক্ষী, আৰক্ষীৰ বিশেষ শাখাৰ চোকা দৃষ্টিৰ মাজত নিৰ্মাণ কৰি থকা হৈছে মঞ্চ আৰু মণ্ডপ। 

লখিমপুৰ সমষ্টিৰ বিধায়ক মানৱ ডেকায়ো সময়ে-সময়ে নিৰ্মাণ কাৰ্যৰ তদাৰক কৰি থকা পৰিলক্ষিত গৈছে ৷ উল্লেখ্য যে নিৰ্বাচনী প্ৰচাৰ সভাখনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে দিল্লী-দিছপুৰৰ বহু নেতা, মন্ত্ৰীৰ লগতে বহুকেইগৰাকী বিধায়কে অংশগ্ৰহণ কৰিব৷ প্ৰথম পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া সমষ্টিসমূহৰ অন্যতম হ’ল ১২ নং লখিমপুৰ লোকসভা সমষ্টি। এই সমষ্টিটোৰ বিজেপিৰ প্ৰাৰ্থী প্ৰদান বৰুৱাৰ হৈ গৃহমন্ত্ৰী অমিত শ্বাহে ৮ এপ্ৰিলত লখিমপুৰত নিৰ্বাচনী প্ৰচাৰ চলাব লগা এই সভাখন উত্তৰ অসমৰ বাবে গুৰুত্বপূৰ্ণ সভা হ’ব৷ ৰাজ্যৰ নিৰ্বাচনী প্ৰেক্ষাপটত শক্তিশালী প্ৰভাৱ পেলাব বুলি বিজেপিৰ নেতা-কৰ্মীসকলে আশা প্ৰকাশ কৰিছে ।