Logo
image

নিৰ্বাচনী সভাত অথন্তৰঃ ৰাইজক ক্ষমা বিচাৰিলে নগাঁৱৰ বিজেপি প্ৰাৰ্থী সুৰেশ বৰাই

'আমাৰ অসম'ৰ নগাঁৱৰ ষ্টাফ ৰিপ'ৰ্টাৰ, ২ এপ্ৰিলঃ নিৰ্বাচনৰ সময়ত প্ৰাৰ্থীসকলে সময় মানি চলাটো কঠিন হৈ পৰে। বিশেষকৈ একেটা দিনতে ইখনৰ পিছত সিখন সভাত অংশগ্ৰহণ কৰি কাৰ্যসূচী অনুসৰি এটা দিনত পিছৰ ফালৰ সভাবোৰত প্ৰাৰ্থীয়ে সময়মতে অংশগ্ৰহণ কৰাটো সমস্যা হৈ পৰে। নগাঁও লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী সুৰেশ বৰাই মঙলবাৰে সময়মতে এখন সভাত উপস্থিত থাকিব নোৱাৰি বিপদত পৰে৷ প্ৰখৰ ৰ'দত ঘণ্টা ধৰি  অপেক্ষা কৰি থকা ৰাইজক ক্ষমা ভিক্ষা খুজিলে প্ৰাৰ্থীজনে। 

নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত পাখিমৰীয়া মৌজাৰ দেওধৰত আয়োজিত বিজেপিৰ নিৰ্বাচনী সভাখনত অংশগ্ৰহণৰ বাবে একাংশ লোকে আহি দীৰ্ঘ সময় খাপ দিব লগীয়া হৈছিল। দুপৰীয়া হোৱাৰ লগে লগে ৰ'দৰ তাপত মানুহ থাকিব নোৱৰা হয়। সভালৈ অধিকাংশ মহিলা আহিছিল। দুপৰীয়ালৈকে প্ৰাৰ্থী আহি নোপোৱাত খঙে-ৰাগে বহু লোক ঘৰাঘৰি হৈছিল। তেনেতে বিজেপি প্ৰাৰ্থী সুৰেশ বৰা গৈ সভাস্থলীত উপস্থিত হয়। প্ৰাৰ্থী সুৰেশ বৰাই যি সকল লোক তেতিয়াও সভাস্থলীৰ আশে-পাশে আছিল সেইসকলক উদেশ্যি পলমকৈ উপস্থিত হোৱাৰ বাবে ক্ষমা বিচাৰে। প্ৰাৰ্থী বৰাই হাতত মাইক্ৰ'ফোন লৈ কয়, "ৰাইজ মই ক্ষমা বিচাৰিছোঁ। ৰাইজ মাত্ৰ দহ মিনিট। মাত্ৰ দহ মিনিটৰ বাবে আপোনালোক আহি যাওক। আমি দহ মিনিটৰ দেৰি নকৰোঁ। আপোনালোকৰ পৰা মই মাত্ৰ দহ মিনিট বিচাৰিছোঁ।" ক্ষন্তেক পিছত কিছু লোক ওচৰ চাপি অহাত সভা আৰম্ভ কৰিবলৈ লৈ সুৰেশ বৰাই কয়, "মই পাঁচ মিনিটতে সভা শেষ কৰিম। কেৱল আপোনালোকে সোনকালে গুছি গ'লো বুলি নক'ব৷ এই গৰমত পাঁচ মিনিট বহু জটিল৷"