Logo
image

এইবাৰ সংখ্যালঘুৰ দোৱা পামঃ মুখ্যমন্ত্ৰী

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৩ এপ্ৰিলঃ সংখ্যালঘুৰ উন্নয়নৰ বাবে আমি বহুত কৰিছোঁ৷ মুছলমান মহিলাৰ বাবে বহু কাম কৰিছে বিজেপিয়ে৷ নিশ্চিতভাৱে এইবাৰ সংখ্যালঘুৰ দোৱা পাব বিজেপিয়ে৷ এই ভাষ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ৷ মঙলবাৰে তেওঁ সংবাদ মাধ্যমৰ আগত কয়–মুছলমান মহিলা, যুৱক-যুৱতী এতিয়া বিজেপিৰ প্ৰতি আকৃষ্ট হৈছে৷ ধৰ্মীয় সংখ্যালঘু লোকে বিজেপিক ভোট দিব বুলি আশা কৰিছোঁ৷ বিজেপিয়ে মুছলমান মহিলাসকলৰ বাবে বহু কাম কৰিছে৷ বিজেপিয়ে তালাক আইন আনিছে, বাল্য বিবাহ বন্ধ হৈ গ’ল, ল’ৰা-ছোৱালীয়ে বিনা পইচাত চাকৰি বাকৰি পাইছে৷ এতিয়া বহুবিবাহ বন্ধ হ’ব৷ গতিকে সংখ্যালঘু অঞ্চলত ছোৱালী-মহিলা, নিবনুৱা যুৱক-যুৱতীয়ে এইবাৰ বিজেপিক সমৰ্থন দিব৷ এইখিনি মানুহে আজি বিজেপিক ভোট দিব বুলি আশা কৰিছোঁ৷ নিদিলেও ’৩২ অত বিজেপিক ভোট দিব৷ কিন্তু এইটো ঠিক যে সংখ্যালঘু এলেকাৰ মহিলা আৰু ছোৱালীৰ দোৱা বিজেপিৰ লগত আছে৷ কাৰ্বি আংলঙত নিৰ্বাচনী প্ৰচাৰ সভাত ভাগ লৈ তেওঁ এই তাৎপৰ্যপূৰ্ণ বক্তব্য আগবঢ়ায়৷ তেওঁ আৰু কয়–ধৰ্মীয় সংখ্যালঘুক বিজেপি নেতৃত্বাধীন চৰকাৰে অন্যায় কৰা নাই৷ বিজেপিক ভোট নিদিলেও সংখ্যালঘু এলেকাৰ উন্নয়ন হ’বই৷