Logo
image

১৫% পৰ্যন্ত বাঢ়িব পাৰে ঔষধৰ দাম

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ,৩ এপ্ৰিলঃ সোমবাৰৰ পৰা কাৰ্যকৰী হোৱাকৈ ঔষধ কোম্পানীসমূহে ছুগাৰ, প্ৰেছাৰ কৰ্কট, কুকুৰে কামোৰা, মেলেৰিয়া, ৰক্তহীনতা, টিবি, এটিবায়টিক, পেইনকিলাৰ, হৃদৰোগকে ধৰি ৮০০বিধ ঔষধৰ দাম বৃদ্ধি কৰিছে৷ কিন্তু প্ৰায়বোৰ ঔষধৰ দোকানতে এতিয়াও পুৰণা ষ্টকৰ ঔষধেই চলি থকাত গ্ৰাহকে এতিয়াও মূল্যবৃদ্ধিৰ জ্বলাকলা অনুভৱ কৰিব পৰা নাই৷ বিভিন্ন ফাৰ্মাচীৰ সূত্ৰই জনোৱা মতে ঔষধৰ দাম  ১২-১৫শতাংশ পৰ্যন্ত বাঢ়িব পাৰে৷ নতুন ষ্টকৰ ঔষধ অৰ্ডাৰ দিয়া হৈছে, কাইলৈ বা পৰহিলৈ নতুন ষ্টকৰ ঔষধ আহিলেহে প্ৰকৃত সত্য গম পোৱা যাব৷ ইফালে মুখ্যমন্ত্ৰী ড॰ হিমন্তবিশ্ব শৰ্মাই মঙলবাৰে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত ঔষধৰ মূল্যবৃদ্ধি সন্দৰ্ভত অজ্ঞতা প্ৰকাশ কৰে৷ তেওঁ কয় যে দুখীয়া লোকক চিকিৎসাৰ বাবে আয়ুষ্মান ভাৰতৰ কাৰ্ড দিয়া হৈছে উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ নেছনেল ফাৰ্মাচিউটিকেল প্ৰাইচিং অথৰিটী অব ইণ্ডিয়াই অনুমোদন জনোৱা অনুসৰি সোমবাৰৰ পৰা কাৰ্যকৰী হোৱাকৈ হেল’থেন, ইছ’ফ্লুৰেন, কেটামিন, নাইট্ৰাছ অক্সাইড, ডিক্ল’ফিনেক, মেফেনামিক এচিড, পেৰাছিটামল, মৰফিন, এম’ক্সিলিন, এম্পিচিলিন, বেঞ্জিলাপনিচিল, ছেফাজলিন, ছেফট্ৰিয়াকচন আদি এণ্টিবায়টিক তথা আন ঔষধৰ দাম বৃদ্ধি পাইছে৷ ইফালে টিবি ৰোগত আক্ৰান্ত লোকে নিয়মীয়াকৈ ব্যৱহাৰ কৰা এমিকপচিন, ৰেডাকুইলিন, ক্লেৰিথ্ৰ’মাইচিন আদি দৰবৰ লগতে ক্লটিমাজল,  ফ্লক’নাজল, মুপিৰ’চিন, নাইষ্টটিন, টাৰ্বিমাফাইন আদি দৰবৰো দামো বৃদ্ধি পাইছে৷ এইছআইভি ৰোগত আক্ৰান্তৰ বাবে প্ৰয়োজনীয় এবাকাভিৰ, লেমিভুদিন, লেভিৰাপাইন আদি দৰবৰ দামো বৃদ্ধি পাইছে৷  অ’আৰএছ, লেক্ট’লোজ আদি গেষ্ট্ৰ'ইণ্টেষ্টিনেল দৰবৰ দামো বৃদ্ধি পালে৷ কুকুৰে কামোৰাত ব্যৱহৃত ৰেবিছ ভেকচিন, মেলেৰিয়াত আক্ৰান্তই ব্যৱহাৰ কুইনাইন, কৰ্কট ৰোগত ব্যৱহৃত সকলোবোৰ ট্ৰেপ ৰেটিঅ’নইক এছিদ, ৰক্তহীনতাত ব্যৱহৃত ফলিক এছিদ, হৃদ ৰোগ তথা উচ্ছ ৰক্তচাপত ব্যৱহূত ভিলিটাজেম, ভিগ’ক্সিন আদি দৰবৰ দামো বৃদ্ধি পাইছে৷  উল্লেখ্য, ইলেক্টৰেল বণ্ডৰ জৰিয়তে ডাঃ ৰেড্ডিছ লেব, চিপলা লিমিটেডকে ধৰি বিভিন্ন ঔষধ কোম্পানীয়ে শাসকীয় বিজেপি তথা আন ৰাজনৈতিক দললৈ হাজাৰ কোটি টকাৰ চান্দা দিয়াৰ পাছতে এনেদৰে অনিয়ন্ত্ৰিত ৰূপত দেশত ঔষধৰ দাম বৃদ্ধি পোৱা বুলি অভিযোগ উঠিছে৷ আনহাতে, কৰনাৰ ঔষধ ৰেমডেচিভিৰৰ পৰা কফ ছিৰাপলৈ লেব পৰীক্ষাত অনুত্তীৰ্ণ নিম্নমানৰ ঔষধ প্ৰস্তুতকৰ্তায়ো বিজেপিসহ ৰাজনৈতিক দলক এহাজাৰ কোটি টকা দিয়াৰ অভিযোগ উঠিছে৷ কেন্দ্ৰীয় চৰকাৰে সুলভ মূল্যত প্ৰধানমন্ত্ৰীৰ জন ঔষধি ফাৰ্মাচীৰ জৰিয়তে জেনেৰিক ঔষধ উপলব্ধ বুলি দাবী কৰিলেও বাস্তৱক্ষেত্ৰত এয়া ৰোগীৰ বাবে উপলব্ধ হোৱা নাই৷ সম্প্ৰসাৰণ হোৱাৰ পৰিৱৰ্তে ইখনৰ পাছত সিখন জন ঔষধি ফাৰ্মাচী বন্ধ হোৱাহে পৰিলক্ষিত হৈছে৷ চিকিৎসকেও প্ৰেছক্ৰাইভ নকৰে জেনৰিক ঔষধ৷ লক্ষণীয় যে যোৱা দুবছৰত ইতিমধ্যে ঔষধৰ দাম ২২ শতাংশ পৰ্যন্ত বৃদ্ধি পাইছে৷