Logo
image

ৰাজনীতিৰ পৰা অৱসৰ ড॰ মনমোহন সিঙৰ

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন,৪ এপ্ৰিল: ১৯৯১ চনত পি ভি নৰসিংহ ৰাৱে প্ৰধানমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰাৰ পূৰ্বে এজন অৰ্থনীতিবিদক দেশৰ বিত্তমন্ত্ৰী হিচাপে দায়িত্ব ল’ব লাগিব বুলি টেলিফোনত অৱগত কৰিছিল৷ শপতগ্ৰহণৰ ৰাজনীতিৰ পৰা অৱসৰ আদগিনালৈকে সেয়া কৌতুক বুলি ভাবি থকা তেতিয়াৰ ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰজনক নৰসিংহ ৰাৱে বেছ উষ্মাৰেই কৈছিল  মই আপোনাৰ সৈতে ধেমালি কৰা বুলি ভাবিছে নেকি? কাইলৈ শপতগ্ৰহণৰ বাবে সাজু হওঁক৷ পিছদিনা তেওঁ বিত্তমন্ত্ৰীৰূপে শপতগ্ৰহণ কৰিছিল আৰু তেওঁ দেশলৈ আগমন ঘটাইছিল মুক্ত অৰ্থনীতিৰ৷ তাৰ আগলৈকে ‘হিন্দু ৰেট অৱ গ্ৰ’থ বা ইক’নমি’ হিচাপে উপহাস কৰা ভাৰতীয় অৰ্থনীতিৰ জিডিপি ২-২.৫ শতাংশৰ তলে-ওপৰে ঘূৰা-ফিৰা কৰি আছিল৷ কিন্তু সেই হাৰ্ভাৰ্ড শিক্ষিত অৰ্থনীতিবিদ ড॰ মনমোহন সিঙে ভাৰতৰ বিত্তমন্ত্ৰীৰ দায়িত্ব লৈ দেশৰ অৰ্থনীতিৰ ৰূপৰেখা সলনি কৰি পেলাইছিল আৰু মুক্ত অৰ্থনীতিৰ আগমণ ঘটাই দেশৰ অৰ্থনীতি বিশ্বৰ আগশাৰীৰ দেশৰ দৰে গঢ়ি তুলিছিল৷ তাৰেই ফলশ্ৰুতি আজিৰ ভাৰতৰ বিশ্বৰ অন্যতম শীৰ্ষ অৰ্থনীতি, যি সাফল্যৰ পথ পৰিক্ৰমা এতিয়া ক্ৰমাৎ ‘মিথ’ত পৰিণত হৈছে৷

পুনৰ যেতিয়া কংগ্ৰেছৰ নেতৃত্বত ইউপিএ চৰকাৰ কেন্দ্ৰত শাসনলৈ আহিছিল, তেতিয়া ২০০৪ চনত দেশৰ প্ৰধানমন্ত্ৰী হৈছিল ড॰ মনমোহন সিং৷ ইউপিএৰ দুয়োটা কাৰ্যকালত ড॰ মনমোহন সিঙেই প্ৰধানমন্ত্ৰী আছিল আৰু আজি বুধবাৰে ৯১ বছৰ বয়সত সেই অৰ্থনীবিদ-ৰাজনীতিকজনে ৰাজ্যসভাৰ সাংসদৰ ম্যাদ শেষ হোৱাৰ লগে লগে সক্ৰিয় ৰাজনীতিৰ পৰা বিদায় গ্ৰহণ কৰিলে৷ অনস্বীকাৰ্য যে ড॰ মনমোহন সিঙৰ ৰাজনীতিৰ পৰা বিদায়ৰ লগে লগে সামৰণি পৰিল দেশৰ ৰাজনীতি-অৰ্থনীতিৰ এটা বৰ্ণিল অধ্যায়ৰ৷

২০২৪ চনত মাথোঁ এবাৰেই ৰাজহুৱা অনুষ্ঠানত অংশগ্ৰহণ কৰা ৯১ বছৰ বয়সীয়া ড॰ মনমোহন সিঙৰ শাৰীৰিক অৱস্থা সম্প্ৰতি বাৰ্ধক্যৰ ভৰত ন্যুব্জ৷ কোনোদিনেই লোকসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰা ড॰ মনমোহন সিঙক ১৯৯১ চনত অসমৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত কৰি পঠিওৱা হৈছিল৷ ৰাজ্যসভাত তেওঁ অসমক প্তবাৰ প্ৰতিনিধিত্ব কৰিছিল আৰু শেষবাৰ ২০১৯ চনত প্ৰতিনিধিত্ব কৰিছিল ৰাজস্থানক৷ প্ৰধানমন্ত্ৰী হিচাপে দ্বিতীয় কাৰ্যকালত ইউপিএ চৰকাৰত একাধিক কেলেংকাৰি সংঘটিত হ’লেও ড॰ মনমোহন সিঙেই দেশৰ নিশ্চিত কৰ্ম আঁচনি ‘এনৰেগা’, ‘শিশুৰ শিক্ষাৰ অধিকাৰ আইন’, ‘তথ্য জনাৰ অধিকাৰ আইন’, ‘ডাইৰেক্ট বেনিফিট ট্ৰেন্সফাৰ’, ‘নেচনেল আইডেণ্টিটী নাম্বাৰ’, ‘আধাৰ’ৰ সূচনা কৰিছিল আৰু ঐতিহাসিক অসামৰিক পাৰমাণৱিক চুক্তিত স্বাক্ষৰ কৰি দেশক পৰমাণু তথা বিদ্যুৎ উৎপাদনত স্বাৱলম্বী হোৱাৰ পথ মুকলি কৰিছিল৷

বিত্তমন্ত্ৰী হিচাপে প্ৰথমটো বক্তৃতাত তেওঁ ভিক্তৰ হুগোক উদ্ধৃত কৰি কৈছিল ‘যাৰ সময় আহি উপস্থিত হয়, তাৰ ভাৱাদৰ্শক বিশ্বৰ কোনো শক্তিয়ে প্ৰতিহত কৰিব নোৱাৰে৷’ তেওঁ কৈছিল– ‘সন্মুখত পৰি থকা দীৰ্ঘ আৰু বিপদসংকুল যাত্ৰাৰ জটিলতা মই হ্ৰাস কৰিব নোৱাৰোঁ৷ কিন্তু মই এই সংসদত ঘোষণা কৰিব পাৰোঁ, ভাৰত এদিন বিশ্বৰ বৃহৎ অৰ্থনৈতিক শক্তিত পৰিণত হ’ব৷ সমগ্ৰ বিশ্বক এই ঘোষণা ডাঙৰকৈ আৰু স্পষ্টকৈ শুনিবলৈ দিয়া৷ ভাৰত এতিয়া বিশালভাৱে জাগি উঠিছে৷ আমি আগবাঢ়িম, আমি প্ৰতিবন্ধকতা অতিক্ৰম কৰিম [ইণ্ডিয়া ইজ নাও ৱাইড এৱেক, উই ছেল প্ৰিভেইল, উই ছেল অভাৰকাম]৷

৩০ বছৰৰ পাছত ভাৰতৰ মুক্ত অৰ্থনীতিৰ সূচনাৰ জন্মবাৰ্ষিকীত ২০২১ চনৰ ২৩ জুলাইত ড॰ মনমোহন সিঙে ভাগ লৈ ৰবাৰ্ট ফ্ৰষ্টৰ কবিতা আওৰাই কৈছিল– ‘বাট আই হেভ প্ৰমিজ টু কীপ, এণ্ড মাইল্‌ছ টু গ’ বিফ’ৰ আই শ্লিপ'