Logo
image

টিকট নাপাই বিজেপিৰ বিৰুদ্ধে নামিব আনন্দ মিশ্ৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৪ এপ্ৰিল : বিজেপিৰ টিকটৰ পৰা বঞ্চিত হৈ অৱশেষত আইপিএছ আনন্দ মিশ্ৰই নিৰ্দলীয় প্ৰাৰ্থী হিচাপেই বক্সাৰ সমষ্টিৰ পৰা যুঁজাৰ কথা ঘোষণা কৰিছে৷ বুধবাৰে সামাজিক মাধ্যমত আনন্দ মিশ্ৰই মনৰ ভাব প্ৰকাশ কৰি কয়– মই নিৰ্বাচন খেলিম বুলি মন স্থিৰ কৰিলোঁ৷ ইয়েছ, মই নিৰ্বাচন খেলিম৷ যি মাধ্যমৰ দ্বাৰাই নহওক কিয়, মই নিৰ্বাচন খেলিম৷ এয়া মোৰ অন্তঃকৰণৰ আৱাজ৷ বহু বছৰৰ পৰাই মই বক্সাৰত সামাজিকভাৱে সক্ৰিয় হৈ আছোঁ৷ যোৱা কেইটামান মাহত মই মানুহৰ সৈতে বহুত বেছিকৈ জড়িত হৈ আছোঁ৷ তেওঁলোকৰ মনৰ কথা শুনিছোঁ৷ সমাজ আৰু জনতাৰ মাজত মোৰ এক সম্পৰ্ক গঢ় লৈ উঠিছে৷ মোৰ বিচাৰধাৰৰ সৈতে মিল থকা বিশেষ ৰাজনৈতিক দলৰ টিকট পোৱা হ’লে ভাল আছিল৷ কিন্তু নহ’ল৷ কিন্তু মোৰ মনৰ ভাৱনাক কেনেকৈ বাধা দিম৷’ লক্ষণীয় যে লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষক পদত কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়তে আনন্দ মিশ্ৰই চাকৰিৰ পৰা পদত্যাগ কৰি বিজেপিৰ টিকটত বিহাৰৰ বক্সাৰ সমষ্টিৰ পৰা লোকসভাৰ নিৰ্বাচন খেলাৰ মানসেৰে স্বৰাজ্য বিহাৰলৈ উভটি গৈছিল৷ টিকট লাভৰ বাবে আনকি তেওঁ মাজুলীত আৰএছএছৰ প্ৰমুখ মোহন ভাগৱতকো গোপনে সাক্ষাৎ কৰিছিল৷ কিন্তু মুৰকত বক্সাৰ সমষ্টিৰ পৰা আনন্দ মিশ্ৰইৰ পৰিৱৰ্তে বিজেপিয়ে মিথিলেশ সিঙকহে প্ৰাৰ্থিত্ব দিয়ে৷