Logo
image

ৱেইনাড়ত জনসমুদ্ৰৰ মাজত মনোনয়ন ৰাহুলৰ

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৪ এপ্ৰিল: বিশাল ৰোড শ্ব’ৰে প্ৰতিদ্বন্দ্বীক চমক দি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বুধবাৰে কেৰালাৰ ৱেইনাড় সমষ্টিত মনোনয়ন দাখিল কৰিছে৷ একেদিনাই কেৰালাৰ তিৰুঅনন্তপুৰম  সমষ্টিত মনোনয়ন দাখিল কৰে কংগ্ৰেছৰ  আন এজন হেভীৰেইট প্ৰাৰ্থী, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শশী থাৰুৰে৷ ৰাহুল গান্ধীৰ সৈতে সমগ্ৰ ৰোড শ্ব’ আৰু মনোনয়ন দাখিলৰ সময়ত সংগ প্ৰদান কৰে ভগ্নী প্ৰিয়ংকা গান্ধী আৰু কংগ্ৰেছ দলৰ সাধাৰণ সম্পাদক কে চি বেনুগোপালে৷ ৰাহুল গান্ধীয়ে তিৰুঅনন্তপুৰমৰ পৰা হেলিকপ্টাৰেৰে গৈ নিজৰ সমষ্টি ৱেইনাড়ত  উপস্থিত হয়৷ তাৰ পৰা তেওঁ বিশাল ৰোড শ্ব’ৰে চহৰৰ মাজেৰে নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়লৈ যাত্ৰা কৰে৷ মনোনয়ন দাখিল কৰি ৰাহুল গান্ধীয়ে কয়– ‘সংসদৰ সদস্য হোৱা মোৰ বাবে গৰ্বৰ বিষয়৷ ৱেইনাড়ৰ জনতাই মোক এই সুযোগ দিছে৷ কেৱল প্ৰিয়ংকা নহয়, ৱেইনাড়ৰ প্ৰতিটো ঘৰতে মোৰ ভাই-ভগ্নী আৰু মা আছে৷’ 

২০০৯ চনত আসন পুনৰ্বিন্যাসৰ ফলত গঠন হোৱা কেৰালাৰ ৱেইনাড় সমষ্টি তিনিবাৰেই দখল কৰিছে কংগ্ৰেছে৷ ২০১৯ চনত ৰাহুল গান্ধী ৱেইনাড়ত ৪ লাখ ৩০ হাজাৰ ভোটৰ ব্যৱধানত বিজয়ী হৈছিল চিপিআইৰ প্ৰতিদ্বন্দ্বী পি পি সুৰেন্দ্ৰনৰ বিৰুদ্ধে৷ এইবাৰ চিপিআইৰ সাধাৰণ সম্পাদক ডি ৰাজাৰ পত্নী এনী ৰাজা ৰাহুল গান্ধীৰ মূল প্ৰতিদ্বন্দ্বী৷ ২০১৯ত ৰাহুল গান্ধীৰ নেতৃত্বত উজ্জীৱিত হৈ কেৰালাৰ মুঠ ২০খন আসনৰ ১৯খন লাভ কৰিছিল কংগ্ৰেছ নেতৃত্বাধীন ইউডিএফে৷ আনহাতে, ৰাহুল গান্ধী পূৰ্বে দুবাৰ বিজয়ী হোৱা উত্তৰ প্ৰদেশৰ আমেঠিত স্মৃতি ইৰাণীৰ বিৰুদ্ধে ৫৫ হাজাৰ ভোটত পৰাজিত হৈছিল৷ ইপিনে, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা এসময়ৰ ৰাষ্ট্ৰসংঘৰ আণ্ডাৰ ছেক্ৰেটেৰী জেনেৰেল শশী থাৰুৰৰ এইবাৰৰ প্ৰতিদ্বন্দ্বী হ’ব মোদী মন্ত্ৰীসভাৰ সদস্য ৰাজীৱ চন্দ্ৰশেখৰ আৰু চি পি এমৰ পন্নায়ন ৰবীন্দ্ৰন৷ থাৰুৰ ২০০৯ চনৰ পৰা একেৰাহে ৩বাৰ তিৰুঅনন্তপুৰমৰ সাংসদ৷ এইবাৰ কেৰালাৰ ২০টা সমষ্টিত ভোটগ্ৰহণ হ’ব চ্ছ এপ্ৰিলত দ্বিতীয় পৰ্যায়ত ৷