Logo
image

শিক্ষামন্ত্ৰীৰ ঘোষণাঃ বিহুৰ আনন্দৰ মাজতেই ঘোষণা হ'ব মেট্ৰিকৰ ফলাফল

'আমাৰ অসম'ৰ লখিমপুৰৰ প্ৰতিনিধি, ৪ এপ্ৰিলঃ "নিৰ্বাচনৰ লগত মেট্ৰিকৰ ফলাফলৰ কোনো সম্পৰ্ক নাই। বিহুৰ পিছতেই ঘোষণা হ'ব মেট্ৰিকৰ ফলাফল।"- শুকুৰবাৰে লখিমপুৰত এই মন্তব্য কৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে। 

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমৃত শ্বাহৰ লখিমপুৰ আগমনৰ উপলক্ষে নিৰ্বাচনী সভাৰ প্ৰস্তুতি সম্পৰ্কত বুজ লোৱাৰ উদ্দেশ্যে উত্তৰ লখিমপুৰত মেট্ৰিকৰ ফলাফলক লৈ ঘোষণা কৰে মন্ত্ৰী পেগুৱে৷ লগতে তেওঁ কয় যে অহা ১৯ বা ২০ এপ্ৰিলত ফলাফল ঘোষণাৰ সম্ভাৱনা আছে। 

তেওঁ কয় যে নিৰ্বাচন নিৰ্বাচন ভাগেই চলি থাকিব আৰু ফলাফল ফলাফল ভাগেই চলি থাকিব। নতুন শিক্ষা বৰ্ষ আৰম্ভ হৈছে। ছাত্ৰ-ছাত্ৰীসকলে পাঠ্যপুথি সময়মতে পাইছে। ইউনিফৰ্মো সময়মতে পাইছে। তদুপৰি বিদ্যালয়ৰ শিক্ষা ব্যৱস্থাত ফাউণ্ডেশ্যনেল লিটাৰেছি আৰু নিউমাৰেছি আৰম্ভ কৰা হৈছে। যাতে ছাত্ৰ-ছাত্ৰীসকলে এক আনন্দদায়ক শিক্ষণ উপভোগ কৰিব পাৰে। নতুন শিক্ষা ব্যৱস্থাত নতুন পদ্ধতি ব্যৱহাৰৰ লগতে শিক্ষকসকলক প্ৰশিক্ষণ দিয়া হৈছে। ইয়াৰ জৰিয়তে শিক্ষা ব্যৱস্থাত এক ৰূপান্তৰৰ সূচনা হৈছে বুলি তেওঁ মন্তব্য কৰে শিক্ষামন্ত্ৰীজনে৷