Logo
image

মুখ্যমন্ত্ৰী অপসাৰণৰ আৱেদন খাৰিজ

নতুন দিল্লী,৫ এপ্ৰিল: ‘দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে নিজে পদত্যাগ নকৰিলে তেওঁক অপসাৰণ কৰিব পৰা নাযাব৷’ দিল্লী উচ্ছ ন্যায়ালয়ে আজি এই ৰায় দিয়ে৷ কেজৰিৱালক মুখ্যমন্ত্ৰী পদৰ পৰা অপসাৰণৰ বাবে দিল্লী উচ্ছ ন্যায়ালয়ত কৰা আবেদন খাৰিজ কৰি আদালতে আজি এই ৰায়দান কৰি কয় যে গণতন্ত্ৰ অনুসৰি এজন মুখ্যমন্ত্ৰীক এনেদৰে অপসাৰণ কৰিব পৰা নাযায়৷ উল্লেখ্য যে কেজৰিৱালক মুখ্যমন্ত্ৰী পদৰ পৰা অপসাৰণৰ বাবে আবেদন জনাইছিল হিন্দু সেনাৰ ৰাষ্ট্ৰীয় সভাপতি তথা দিল্লীৰ এজন সমাজকৰ্মী বিষ্ণু গুপ্তাই৷ বৃহস্পতি বাৰে উক্ত আবেদন খাৰিজ কৰি দি দিল্লী উচ্ছ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠে এইবুলি উল্লেখ কৰে যে, কেজৰিৱাল মুখ্যমন্ত্ৰী হিচাপে থাকিব নে নেথাকে, সেই সিদ্ধান্ত তেওঁ নিজে ল’ব৷ কেজিৰৱালক মুখ্যমন্ত্ৰী পদৰ পৰা অপসাৰণৰ বাবে আদালতত ইয়াৰ পূৰ্বেও আবেদন জনোৱা হৈছিল৷ উক্ত আবেদনো আদালতে আজি খাৰিজ কৰি দিয়ে৷ দ্বিতীয়বাৰ আবেদন খাৰিজ হোৱাৰ পাছত এইবাৰ আবেদনকাৰী বিষ্ণু গুপ্তাই দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰৰ দ্বাৰস্থ হ’ব বুলি এটা সূত্ৰই দাবী কৰিছে৷ উল্লেখ্য যে দিল্লী আবকাৰী বিধি কেলেংকাৰিৰ গোচৰত ২১ মাৰ্চত ইডিয়ে গ্ৰেপ্তাৰ কৰে কেজৰিৱালক৷ গ্ৰেপ্তাৰৰ পাছত কেজৰিৱালে কাৰাগাৰৰ পৰাই চৰকাৰ চলাই যাব বুলি মন্তব্য কৰিছিল৷ সেই অনুসৰি ইডিৰ জিম্মাত থকা অৱস্থাতে তেওঁ দুজন সতীৰ্থ মন্ত্ৰীক মুখ্যমন্ত্ৰী হিচাপে কাৰ্য নিৰ্দেশনাও প্ৰেৰণ কৰে৷ আজিও কেজৰিৱালে  দিল্লীৰ আম আদমী পাৰ্টীৰ বিধায়কসকলক তিহাৰ জে’লৰ পৰাই দিল্লীবাসীৰ সমস্যা সমাধানৰ বাবে নিৰ্দেশ দিয়ে৷ কোনো নাগৰিকে যাতে কষ্ট নাপায় তাৰ বাবে প্ৰতিজন দলীয় বিধায়কক মুখ্যমন্ত্ৰীজনে নিৰ্দেশ দিয়াৰ ভিডিঅ’ বাৰ্তাটো সাংবাদিকক দেখুৱায় মুখ্যমন্ত্ৰীৰ পত্নী সুনীতা কেজৰিৱালে৷ ভিডিঅ’ বাৰ্তাটোত কেজৰিৱালে কয় যে মই কাৰাগাৰত বন্দী হৈ আছো বুলি যাতে দিল্লী কোনো নাগৰিকে কষ্ট পাবলগীয়া নহয়৷ তাৰ বাবে যেন প্ৰতিজন আপ বিধায়ক সষ্টম হৈ থাকে৷ লগতে প্ৰয়োজন অনুসৰি বিধায়কসকলক সমষ্টিসমূহলৈ গৈ জনসাধাৰণৰ সমস্যাৰ বুজ ল’বলৈও ভিডিঅ’ বাৰ্তাটোৰ জৰিয়তে কেজৰিৱালে নিৰ্দেশ দিয়ে৷ 

ইপিনে, দিল্লীৰ আবকাৰী বিধি কেলেংকাৰিৰ গোচৰত গ্ৰেপ্তাৰ হৈ তিহাৰ কাৰাগাৰত থকা আম আদমী পাৰ্টীৰ আন এজন জ্যেষ্ঠ নেতা তথা ৰাজ্য সভাৰ সাংসদ সঞ্জয় সিঙে কালি জামিনত মুক্ত হৈ আহে৷ কাৰাগাৰৰ পৰা ওলাই অহাৰ পাছতে সাংসদ সিঙে তেওঁক আদৰিবলৈ জে’লৰ বাহিৰত ৰৈ থকা আপৰ কৰ্মীসকলক কয় যে ‘এতিয়া উৎসৱৰ সময় নহয়৷ এতিয়া সময় কঠিন যুঁজত অৱতীৰ্ণ হোৱাৰ৷’ উল্লেখ্য যে কাৰাগাৰৰ পৰা মুক্তি লাভৰপাছতে সাংসদ সঞ্জয় সিঙে পোনে পোনে অৰবিন্দ কেজৰিৱালৰ বাসভৱনলৈ গৈ তেওঁৰ পত্নী সুনীতা কেজৰিৱালক সাক্ষাৎ কৰে৷ মুখ্যমন্ত্ৰীৰ পত্নীক সঞ্জয় সিঙে কয় যে কেজৰিৱাল বা তিহাৰ জে’লত থকা আপৰ কোনো এজন নেতা-কৰ্মীক কোনেও অনন্ত কাললৈ বন্দী কৰি ৰাখিব নোৱাৰিব৷ অচিৰেই তেওঁলোক কাৰামুক্ত হৈ আহিব আৰু পূৰ্বৰ দৰে দুৰ্নীতি আৰু অন্যায়ৰ বিৰুদ্ধে চলি থকা যুঁজখনত পূৰ্ণোদ্যমে অৱতীৰ্ণ হ’ব৷ ইয়াৰ পাছতে তেওঁ দলীয় কাৰ্যালয়ত উপস্থিত হৈ আপৰ নেতা-কৰ্মীসকলৰ সৈতে মত বিনিময় কৰে৷ তাত তেওঁ কয় যে বহু সংগ্ৰামৰ অন্তত আম আদমী পাৰ্টীৰ জন্ম হৈছিল৷ অন্যায়ৰ বিৰুদ্ধে সংগ্ৰাম কৰি জন্ম লাভ কৰা দলটোৱে এদিন ন্যায় লাভ কৰিবই৷