Logo
image

পদূলিত ব’হাগ, প্ৰচাৰৰ মাজতে বিহুৰ প্ৰস্তুতি

‘আমাৰ অসম’ৰ মহানগৰ সংবাদ, ৫ এপ্ৰিল : পদূলিত ৰঙালী বিহু৷ লোকসভাৰ নিৰ্বাচনৰ দিনো চমু চাপি আহিছে৷ ৰাজ্যৰ চৌপাশে এতিয়া নিৰ্বাচনৰ গৰম বতাহ বলিছে৷ সমান্তৰালকৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে ৰঙালী বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি৷ মুঠতে উজনি-নামনিৰ  সৰ্বত্ৰ এতিয়া বিহুৰ প্ৰস্তুতিৰ সমানে সমানে চলিছে নিৰ্বাচনৰ প্ৰচাৰ অভিযান৷ লোকসভা নিৰ্বাচনৰ প্ৰাক্‌ক্ষণত ৰঙালী বিহু উদযাপনক লৈ ঠায়ে ঠায়ে চলিছে উৎকণ্ঠা আৰু উদ্বিগ্নতা৷ উদ্বিগ্ন হৈ পৰিছে একাংশ বিহু উদযাপন কমিটী৷ উল্লেখ্য ৰাজ্যত আছে ডেৰ শতাধিক বিহু কমিটী৷ পূৰ্বৰ দৰে ৰাজ্য চৰকাৰে নিৰ্বাচনী আচৰণ বিধিৰ প্ৰয়োগৰ পাছত বিহু কমিটীবোৰক বিহু উদযাপনৰ বাবে ধন দিব পাৰিব নে নোৱাৰে  তাকে লৈ উদ্বিগ্ন হৈ পৰিছে একাংশ বিহু কমিটী৷ অৱশ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিহু কমিটীবোৰক পূৰ্বৰ দৰে অনুদান দিয়া ইচ্ছা আছে৷ বিহু কমিটীবোৰক কেনেকৈ ডেৰলাখ টকাকৈ অনুদান দিব পাৰি তাৰ বাবে অনুমতি বিচাৰি মুখ্যমন্ত্ৰীয়ে নিৰ্বাচন আয়োগক অনুৰোধ জনাব বুলিও সদৰি কৰিছে৷ ইপিনে নিৰ্বাচনৰ প্ৰাক্‌ক্ষণত ৰঙালী বিহু উদযাপনৰ ক্ষেত্ৰত একাংশ বিহু কমিটীয়ে ৰাজনৈতিক নেতা-পালিনেতাৰ পৰা বিহুৰ চান্দা নাপাব বুলি আশংকা কৰাৰ বিপৰীতে আন একাংশ বিহু কমিটীয়ে নিৰ্বাচনৰ প্ৰাক্‌ক্ষণত বিহু হোৱা হেতু ৰাজনৈতিক ব্যক্তিৰ পৰা অধিক চান্দা পোৱাৰ আশা প্ৰকাশ পুহি ৰাখিছে৷ লক্ষণীয়ভাৱে ৰঙালী বিহুৰ পাছতে অৰ্থাৎ ১৯ এপ্ৰিলত অনুষ্ঠিত হ’ব লোকসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন৷ এনে পৰিস্থিতিত লোকসভা নিৰ্বাচনে ৰঙালী বিহু উদযাপনৰ ক্ষেত্ৰত যথেষ্ট প্ৰভাৱ পেলাব বুলি সচেতন মহলে আশংকা ব্যক্ত কৰিছে৷ আনহাতে বিহুৰ প্ৰাক্‌ক্ষণত ৰাজ্যৰ বজাৰে বজাৰে ভৰি পৰিছে বহিঃৰাজ্যত প্ৰস্তুত কৰা গামোচা, জাপি আদিয়ে৷ চীনত প্ৰস্তুত কৰা সামগ্ৰীও বজাৰত যথেষ্ট পৰিমাণে উপলব্ধ হৈছে৷ বজাৰে বজাৰে বিক্ৰী বাঢ়িছে ঢোল-পেঁপা-গগনাৰ৷ এফালে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়েও ৰঙালী বিহুত প্ৰভাৱ পেলোৱাৰ আশংকা নথকা নহয়৷ তথাপিও হেঁপাহৰ বিহুটিক আদৰিবলৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে জোৰদাৰ প্ৰস্তুতি৷ মূল্যবৃদ্ধিয়ে কোঙা কৰা ৰাইজে বিহুৰ বাবে পিঠা-পনা বনোৱাৰ সামগ্ৰীও বজাৰৰ পৰা ক্ৰয় কৰিবলৈ আৰম্ভ কৰিছে৷ মুঠতে ৰাজ্যৰ সৰ্বত্ৰ বিহুক লৈ উছাহৰ ঢল বৈছে৷ ইতিমধ্যে নামনি অসমৰ বিশেষকৈ  হাজো, মুকালমুৱা, সৰভোগ, নলবাৰী, গোৱালপাৰা আদিত কোমল চাউল, দৈ, ক্ৰীম আদি বিক্ৰীৰ বাবেও সাজু কৰিছে একাংশ থলুৱা ব্যৱসায়ীয়ে৷ আনহাতে বিহুত অনুষ্ঠান পৰিৱেশনৰ বাবে শিল্পীসকলেও আখৰা চলাই   গীতে-মাতে সাজু হৈ উঠিছে৷ 

‘বৰ অসম’ৰ ৰঙালী মেলা আৰম্ভ

বিগত এক দশকৰো অধিক কাল ধৰি গুৱাহাটীৰ বেচৰকাৰী সংস্থা ‘বৰ অসম’-এ অসমৰ শিপিনী, থলুৱা শিল্পী, আত্মসহায়ক গোটসমূহে প্ৰস্তুত কৰা গামোচা, মেখেলা চাদৰ, ঢোল-পেঁপা, গগনা, কপৌ ফুল, পিঠা-পনা, কোমল চাউল, দৈ-ক্ৰীম আদি বিক্ৰীৰ বাবে ‘বৰ অসম ৰঙালী মেলা’ত এখন বিশাল ক্ষেত্ৰ গুৱাহাটীত দিবলৈ সক্ষম হৈছে৷ অইন বছৰৰ দৰে এইবাৰো ৰঙালী বিহুৰ প্ৰাক্‌ক্ষণত বৃহস্পতিবাৰৰ পৰা ১৩ এপ্ৰিললৈ গুৱাহাটী জিলা পুথিভঁৰালৰ সমীপত থকা সিদ্ধিনাথ শৰ্মা ভৱনত ‘বৰ অসম ৰঙালী মেলা’ আয়োজন কৰিছে৷ মেলাখন উদ্বোধন কৰিছে অভিনেত্ৰী গায়ত্ৰী মহন্তই৷ উদ্বোধনী অনুষ্ঠানত অভিনেত্ৰীগৰাকীয়ে গগনাই বজাই বিহুনৃত্য পৰিৱেশন কৰে৷ উল্লেখ্য, মেলাখন দিনৰ ১০ বজাৰ পৰা নিশা ৮ বজালৈ খোলা থাকিব বুলি ‘বৰ অসম’ৰ সভাপতি বিনীতা দত্ত চৌধুৰীয়ে জনাইছে৷

চিৰ সেউজ কলা কৃষ্টি কেন্দ্ৰৰ ‘ৰঙালী ৰং’

‘আমাৰ অসম’ৰ মহানগৰ সংবাদ : গুৱাহাটী মহানগৰীৰ মহিলা সংগঠন চিৰ সেউজ কলা কৃষ্টি কেন্দ্ৰই বিগত বছৰৰ দৰে এই বছৰো আগন্তুক ৰঙালী বিহুৰ লগত সংগতি ৰাখি ১০ দিনীয়া কাৰ্যসূচীৰে এখনি প্ৰদৰ্শনীৰ আয়োজন কৰিছে৷ বিশিষ্ট কণ্ঠশিল্পী মালবিকা বৰা, সমাজকৰ্মী তথা পশুধন বিভাগৰ অধ্যক্ষ মনোজ শইকীয়া আৰু কণ্ঠশিল্পী ৰিতু বিকাশ বৰাৰ উপস্থিতিত বৃহস্পতিবাৰে এইমেলাখন উদ্বোধন কৰা হয়৷ উপস্থিত বিশিষ্ট ব্যক্তিসকলে এই মেলাখনৰ সফলতা কামনা কৰে৷  ১৩ বছৰত ভৰি দিয়া ৰঙালী ৰং প্ৰদৰ্শনীত অসমৰ বিভিন্ন জিলাৰ থলুৱা উদ্যোগীসকল লগতে শিল্পী জিনা ৰাজকুমাৰী উপস্থিত থাকে৷ এই মেলাত ঢকুৱাখানা, ধেমাজি, ডিব্ৰুগড়, চিলাপথাৰ, নগাঁও, যোৰহাট, শিৱসাগৰ, নলবাৰী, মঙ্গলদৈ, গুৱাহাটী, ভগলপুৰ, উৰিষ্যা, কলকতাকে আদি কৰি বিভিন্ন ঠাইৰ বিপণীসমূহে অংশগ্ৰহণ কৰিছে৷ তদুপৰি ৭ এপ্ৰিলত ৫ বছৰৰ পৰা ১২ বছৰ বয়সৰ ছোৱালীৰ মাজত চিৰ সেউজ সৰু বিহুৱতী প্ৰতিযোগিতাৰ আয়োজন কৰা হ’ব বুলি চিৰ সেউজ কলা-কৃষ্টি কেন্দ্ৰৰ সভাপতি লীনা ৰাজকুমাৰী আৰু সম্পাদক অৰ্চনা তালুকদাৰে জানিবলৈ দিয়ে৷

পূব-গুৱাহাটী বিহু সন্মিলন মহিলা শাখাৰ উদ্যোগত প্ৰতিযাগিতা 

‘আমাৰ অসম’ৰ মহানগৰ সংবাদ : গুৱাহাটীৰ  চানমাৰিৰ গুৱাহাটী বিহু সন্মিলনৰ উদ্যোগত ১৩ এপ্ৰিলৰ পৰা ১৬ এপ্ৰিললৈ অনুষ্ঠিত হ’বলগীয়া ৬৩ সংখ্যক সমাৰোহত মহিলা শাখাৰ দ্বাৰা বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে৷ ১৩ এপ্ৰিলত দিনৰ ৰ বজাত মহিলাৰ বিভিন্ন খেল-ধেমালি প্ৰতিযোগিতা, ১৪ এপ্ৰিলত দিনৰ ১০ বজাত মহিলাৰ পিঠা-পনা প্ৰতিযোগিতা, দিনৰ ১২ বজাত দিহানাম প্ৰতিযোগিতা, ১৫ এপ্ৰিলত দিনৰ ১০ বজাত বিয়ানাম প্ৰতিযোগিতা, দিনৰ ২ বজাত কবিতা আবৃতি প্ৰতিযোগিতা অনুষ্ঠিত হ’ব৷ ১৬ এপ্ৰিলত দিনৰ ১০ বজাত বোৱাৰী একক বিহু নাচ প্ৰতিযোগিতা, দিনৰ ২ বজাত মহিলাৰ সাজ-পাৰ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব৷ উক্ত প্ৰতিযোগিতাসমূহত কেবল বিবাহিত মহিলাসকলেহে অংশগ্ৰহণ কৰিব পাৰিব৷ প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰিবলৈ ইচ্ছুক প্ৰতিযোগীসকলক চানমাৰিস্থিত পূব-গুৱাহাটী বিহু সন্মিলনৰ স্থায়ী কাৰ্যালয়ত যোগাযোগ কৰিবলৈ সন্মিলনৰ মহিলা শাখাৰ সভাপতি নিৰ্মালী ভাগৱতী আৰু সম্পাদক দীপামণি মেধিয়ে জানিবলৈ দিছে৷