Logo
image

গোচৰ প্ৰত্যাহাৰ জোনমণিৰ মাতৃৰ, সংগ দিলে চিবিআয়ে

‘আমাৰ অসম’ৰ গুৱাহাটী আৰু কলিয়াবৰৰ প্ৰতিবেদক,৫ এপ্ৰিল: অসম আৰক্ষীৰ ‘লেডী সিংঘম’ হিচাপে পৰিচিত এছ আই জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ ঘটনাক লৈ মাতৃ সুমিত্ৰা ৰাভাই ৰুজু কৰা গোচৰটো প্ৰত্যাহাৰ কৰিছে৷ নগাঁৱৰ টাউন মৰিকলং থানাৰ তদানীন্তন ভাৰপ্ৰাপ্ত বিষয়া এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাটোক কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ চি বি আয়ে দুৰ্ঘটনা বুলি চূড়ান্ত প্ৰতিবেদন দাখিল কৰাত চি বি আইৰ তদন্তত কোনো আপত্তি নকৰাকৈ জোনমণিৰ মাতৃ সুমিত্ৰা ৰাভাই জখলাবন্ধা থানাত ৰুজু কৰা গোচৰটো গোচৰ প্ৰত্যাহাৰ বাবে বৃহস্পতিবাৰে কলিয়াবৰ মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতত আবেদন জনায়৷ জোনমণি ৰাভাৰ মাতৃৰ আবেদনৰ ভিত্তিত মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতে নগাঁৱত জখলাবন্ধা থানাত ৰুজু হোৱা ৮৭/২০২৩ নম্বৰৰ গোচৰটো প্ৰত্যাহাৰ আবেদন মঞ্জুৰ কৰে৷ লক্ষণীয়ভাৱে জখলাবন্ধা থানাত জোনমণি ৰাভাৰ ৰহস্যজনক দুৰ্ঘটনাটোৰ পাছতেই তদানীন্তন ভাৰপ্ৰাপ্ত বিষয়া পৱন কলিতাই দাখিল কৰা এজাহাৰৰ ভিত্তিত ৮৪/২০২৩ নম্বৰত এটা গোচৰ ৰুজু কৰিছিল যদিও সেই গোচৰটোকো প্ৰত্যাহাৰৰ বাবেও বৃহস্পতিবাৰে গোচৰীয়া আৰক্ষী বিষয়া পৱন কলিতাই মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতত আবেদন জনাইছিল৷ কিন্তু, বিভাগীয় ঊৰ্ধতন কতৃৰ্পক্ষৰ অনুমতি অবিহনে অৰ্থাৎ আপত্তিবিহীন প্ৰমাণ পত্ৰ গাঁথি নিদিয়াত আদালতে আৰক্ষী বিষয়া পৱন কলিতাক বিভাগীয় কতৃৰ্পক্ষৰ এন অ’চি দাখিলৰ বাবে ১৩ এপ্ৰিললৈ সময় বান্ধি দিছে৷ উল্লেখ্য, বিগত বৰ্ষৰ ১৫ মে’ৰ মাজনিশা কলিয়াবৰৰ জখলাবন্ধাত ৰহস্যজনক দুৰ্ঘটনাত গাড়ীৰ ভিতৰতে মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছিল টাউন মৰিকলং থানাৰ এছ আই জোনমণি ৰাভাক৷ এখন চাহপাত কঢ়িওৱা কণ্টেইনাৰ ট্ৰাকৰ সৈতে এছ আই জোনমণি ৰাভাৰ এক্সপ্ৰেছ বাহনখন মুখামুখি সংঘৰ্ষ অৱস্থাত প্ৰত্যক্ষ কৰা হৈছিল৷ এই ঘটনাৰ পাছতেই জোনমণিৰ মাতৃয়ে নগাঁও আৰক্ষীৰ তদানীন্তন কেইবাজনো শীৰ্ষ বিষয়াৰ বিৰুদ্ধে জোনমণি ৰাভাৰ হত্যাৰে জড়িত থকাৰ অভিযোগ তুলি এজাহাৰ দাখিল কৰিছিল৷ এই এজাহাৰৰ ভিত্তিতে জখলাবন্ধা থানাই ৮৭/২০২৩ নম্বৰত গোচৰটো পঞ্জীয়ন কৰিছিল৷ একে সময়ত দুৰ্ঘটনাটোৰ সন্দৰ্ভত জখলাবন্ধা থানাৰ তদানীন্তন ভাৰপ্ৰাপ্ত বিষয়া পৱন কলিতাই ৮৪/২০২৩ নম্বৰত আন এটা গোচৰ ৰুজু কৰিছিল৷ ইফালে দুৰ্ঘটনাৰ পূৰ্বে জোনমণি ৰাভাই নকল সোণ, জালনোট চক্ৰৰ বিৰুদ্ধে নগাঁও থানাতো এটা গোচৰ ৰুজু কৰিছিল৷ এই গোচৰৰ বাবে উত্তৰ লখিমপুৰত অভিযান চলাবলৈ গৈ জোনমণি ৰাভাই আজগড় আলি নামৰ এটা নকল সোণ বেপাৰীক ঘৰৰ পৰা উঠাই আনি ধন দাবী কৰা বুলিও জোনমণিৰ বিৰুদ্ধে উত্তৰ লখিমপুৰ থানাত এটা পৃথক গোচৰ পঞ্জীয়ন হৈছিল৷ উত্তৰ লখিমপুৰ থানাৰ এই গোচৰ ভিত্তিতে নগাঁৱৰ তদানীন্তন এছ পি লীনা দলেৰ ওচৰত জবাবদিহি হ’বলগীয়া হৈছিল এছ আই জোনমণি ৰাভা৷ ইয়াৰ মাজতে ৰহস্যজনক দুৰ্ঘটনাত জোনমণিৰ মৃত্যু হোৱাত ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে জোনমণিৰ মৃত্যুত আৰক্ষী জড়িত থকাৰো অভিযোগৰ আঙুলি উঠে৷ যাৰ পৰিপ্ৰেক্ষিতত গৃহ বিভাগে জোনমণি ৰাভাৰ মৃত্যু সম্পৰ্কীয় চাৰিওটা গোচৰৰ তদন্তৰ ভাৰ চি বি আইলৈ হস্তান্তৰ কৰে৷ চি বি আয়ে তদন্ত কৰি বিগত ৭ ফেব্ৰুৱাৰীত আদালতত দাখিল কৰা চূড়ান্ত প্ৰতিবেদনত জোনমণি ৰাভা দুৰ্ঘটনাত মৃত্যু হোৱা বুলি উল্লেখ কৰিছিল৷ চি বি আইৰ পৰা ন্যায় পোৱাৰ আশাত বন্দী হৈ থকা জোনমণিৰ মাতৃয়ে তদন্তৰ প্ৰতিবেদন সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি জোনমণিৰ মৃত্যুৰ ঘটনাক ৰাইজে বিচাৰ কৰিব বুলি শোকত ভাগি পৰিছিল৷ কিন্তু জোনমণি ৰাভাৰ মাতৃৰ এই অসন্তুষ্টিৰ মাজতে বৃহস্পতিবাৰে কলিয়াবৰ মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতত চি বি আৰ তদন্তত সন্তুষ্ট বুলিহে উল্লেখ কৰি গোচৰটো প্ৰত্যাহাৰ কৰে দুৰ্ভগীয়া মাতৃগৰাকীয়ে৷ আদালতত দাখিল কৰা আবেদনত সুমিত্ৰা ৰাভাই উল্লেখ কৰে এইদৰে–‘বিচাৰপতি, বিনীত সন্মান পূৰ্বক নিবেদন এই যে জখলাবন্ধা থানাৰ ৮৭/২০২৩ বছৰৰ গোচৰত তদন্তকাৰী বিষয়াই যি চূড়ান্ত প্ৰতিবেদন দাখিল কৰিছে, উক্ত চূড়ান্ত প্ৰতিবেদনত গোচৰীয়াৰ কোনো আপত্তি নাই আৰু চি বি আয়ে যি তদন্ত কৰি প্ৰতিবেদন দাখিল কৰিছে তাত মই সন্তুষ্ট হৈছো৷ গোচৰীয়াই এই গোচৰ নচলায়৷’ লক্ষণীয়ভাৱে বৃহস্পতিবাৰে আদালতত গোচৰ প্ৰত্যাহাৰৰ বাবে আবেদন জনোৱাৰ সময়ত সুমিত্ৰা ৰাভাক আদালতলৈ নিৰাপত্তা আবেষ্টনীৰ মাজত লৈ আনিছিল চি বি আইৰ এটা দলে৷ আনকি চি বি আয়ে জোনমণিৰ মাতৃক সংবাদ মাধ্যমকো কোনো মন্তব্য দিবলৈ সুযোগ দিয়া নাছিল৷ স্বাভাৱিকতেই এতিয়া জোনমণি ৰাভাৰ মাতৃয়ে গোচৰ প্ৰত্যাহাৰৰ প্ৰকৃত কাৰণ প্ৰকাশ নকৰিলেও পুত্ৰ-কন্যাহাৰা মাতৃগৰাকী যে এতিয়া ভাগৰুৱা হৈ পৰিছে৷’ সেয়া যেন নকলেও অনুমেয়৷ ইফালে জখলাবন্ধা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পৱন কলিতাই গোচৰ প্ৰত্যাহাৰৰ বাবে দাখিল কৰা আবেদনত বিভাগীয় কতৃৰ্পক্ষৰ এন অ’ চি নথকাত আপত্তিবিহীন প্ৰমাণ পত্ৰ দাখিলৰ বাবে ১৩ এপ্ৰিলত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰিছে আদালতে৷