Logo
image

গৰমত সংক্ৰমণৰ পৰা হাত সাৰিবলৈ কুঁহিয়াৰৰ ৰস খাওক

প্ৰখৰ ৰ’দত কুঁহিয়াৰৰ ৰস খালে মন-প্ৰাণ শীতল হৈ পৰে৷ কুঁহিয়াৰৰ ৰস অকল পিয়াহ পূৰাবলৈ খোৱা বুলি ভাবিলে ভুল কৰা হ’ব৷ কুঁহিয়াৰৰ ৰসত প্ৰচুৰ পৰিমাণে এণ্টি অক্সিডেণ্ট থাকে৷ এইবিধ উপাদানে শৰীৰৰ পৰা দূষিত পদাৰ্থসমূহ বাহিৰলৈ উলিয়াই দিয়াত সহায় কৰে৷ কুঁহিয়াৰৰ ৰসৰ পৰা বিভিন্ন উপকাৰ পোৱা যায়৷ উল্লেখ কৰা হ’ল এনে কেইটামান  উপকাৰিতা–

# গ্ৰীষ্মকালত ঘাম বেছি হয়৷ ফলত শৰীৰত পানীৰ পৰিমাণ কমি আহে৷ এনে ক্ষেত্ৰত ক্লান্তি বাঢ়ে৷ কুঁহিয়াৰৰ ৰস পান কৰিলে শৰীৰে  কাৰ্বহাইড্ৰেড লাভ কৰে৷ ফলত শক্তি বাঢ়ে৷

# যকৃত বা লিভাৰ ভালে ৰাখিবলৈ কুঁহিয়াৰৰ ৰস অতি উপকাৰী৷ জণ্ডিচ ৰোগীৰ ক্ষেত্ৰত কুঁহিয়াৰৰ ৰস খালে উপকাৰ পোৱা যায়৷ প্ৰস্ৰাৱৰ সংক্ৰমণজনিত সমস্যাত ভুগিলেও কুঁহিয়াৰৰ ৰস খাব পাৰে৷

# ছালৰ উজ্জ্বলতা বঢ়ায় কুঁহিয়াৰৰ ৰসে৷ চুলি ভালে ৰখাৰ ক্ষেত্ৰতো কুঁহিয়াৰৰ ৰসৰ কাৰ্যকাৰিতা উল্লেখনীয়৷ কুঁহিয়াৰৰ ৰসত থাকে আলফা হাইড্ৰক্সি এচিড৷ এইবিধ উপাদানে শালমনৰ সমস্যা দূৰ কৰে আৰু উফি নাইকিয়া কৰে৷ 

# কুঁহিয়াৰৰ ৰসত প্ৰচুৰ পৰিমাণে ফাইবাৰ থকা বাবে ই কোষ্ঠ-কাঠিন্য সমস্যাৰ পৰা সকাহ দিয়ে৷ কুঁহিয়াৰৰ ৰস খালে কলেষ্টেৰ’লৰ মাত্ৰা নিয়ন্ত্ৰণত থাকে৷

# কুঁহিয়াৰৰ ৰসত থকা এণ্টি অক্সিডেণ্টে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত সহায় কৰে৷ গ্ৰীষ্মকালত কুঁহিয়াৰৰ ৰস পান কৰিলে শৰীৰ শীতল হয়৷ ভাইৰাছ তথা বেক্টেৰিয়াৰ সংক্ৰমণৰ আশংকা কমায় কুঁহিয়াৰৰ ৰসে৷

# ডায়েবেটিছত ভোগাসকলে সাধাৰণতে কুঁহিয়াৰৰ ৰসৰ পৰা আঁতৰি থাকে৷ কিন্তু বিভিন্ন গৱেষণাত পোৱা তথ্য মতে কুঁহিয়াৰত আইচ’মেল্টজ নামৰ এবিধ উপাদান থাকে৷ এইবিধ উপাদানে তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰি ৰখাত সহায় কৰে৷ টাইপ-২ ডায়েবেটিছৰ ক্ষেত্ৰত তেজত শৰ্কৰাৰ মাত্ৰা হঠাৎ কমি আহিলে কুঁহিয়াৰৰ ৰস খাব পাৰে৷ হাইপ’গ্লাইচিমিয়াত আক্ৰান্তসকলৰ বাবেও কুঁহিয়াৰৰ ৰস অত্যন্ত উপকাৰী৷ অৱশ্যে এনে লোকসকলে কিমান পৰিমাণৰ কুঁহিয়াৰৰ ৰস খাব লাগে সেই বিষয়ে চিকিৎসকৰ পৰা পৰামৰ্শ লোৱা উচিত৷