Logo
image

প্ৰদ্যুতৰ মনোনয়নত ৰকিবুল-অখিল হেলিকপ্টাৰ লৈ উপস্থিত ভূপেনো

‘আমাৰ অসম’ৰ নগাঁৱৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৫ এপ্ৰিল: নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে বৃহস্পতিবাৰে মনোনয়ন-পত্ৰ দাখিল কৰে৷ মনোনয়ন-পত্ৰ দাখিলৰ সময়ত কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈক সংগ দিয়ে  বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, বিৰোধী দলৰ উপ-দলপতি ৰকিবুল হুছেইন, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰ, ৰাইজৰ দলৰ নেতা তথা বিধায়ক অখিল গগৈ, কংগ্ৰেছ দলৰ বিধায়কসকল ক্ৰমে জাকিৰ হুছেইন শিকদাৰ,  নুৰুল হুদা, শিৱামণি বৰা, চিপিআই দলৰ প্ৰাক্তন বিধায়ক মুনীন মহন্তকে ধৰি বিৰোধী ঐক্য মঞ্চৰ কেইবাজনো নেতাই৷ প্ৰদ্যুৎ বৰদলৈৰ মনোনয়ন-পত্ৰ দাখিলপৰ্বত ভাগ ল’বৰ বাবে হেলিকপ্টাৰেৰে নগাঁৱত উপস্থিত হয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাও৷ মনোনয়ন-পত্ৰ দাখিলৰ পূৰ্বে প্ৰদ্যুৎ বৰদলৈয়ে বটদ্ৰৱা থানত সেৱা কৰে৷ কংগ্ৰেছৰ নেতা-কৰ্মীসকলে সমদল কৰি প্ৰদ্যুৎ বৰদলৈক তেওঁৰ মনোনয়ন-পত্ৰ দাখিলপৰ্বত সংগ দিয়ে৷ নগাঁৱৰ ৰিটাৰৰ্ণিং বিষয়াৰ ওচৰত মনোনয়ন-পত্ৰ দাখিল কৰিবলৈ যোৱাৰ সময়ত কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ লগত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনক প্ৰৱেশ কৰাত আৰক্ষীয়ে বাধা আৰোপ কৰাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ অৱশেষত কংগ্ৰেছ নেতা-কৰ্মীৰ হেঁচাত প্ৰশাসনে তেওঁক প্ৰৱেশৰ অনুমতি দিয়ে৷ ইফালে, প্ৰদ্যুৎ বৰদলৈক মনোনয়ন প্ৰদানত সংগ দিবলৈ অহা বিধায়ক অখিল গগৈয়ে নাপালে ৰিটাৰ্ণিং বিষয়াৰ কাৰ্যালয়ত প্ৰৱেশৰ অনুমতি৷ তাকে লৈ ক্ষোভ প্ৰকাশ কৰে অখিল গগৈয়ে৷ প্ৰদ্যুৎ বৰদলৈৰ মনোনয়ন-পত্ৰ দাখিলৰ সময়ত উপস্থিত থকা  প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই সংবাদ মাধ্যমৰ আগত কয়– ‘মুখ্যমন্ত্ৰীয়ে ক’ত প্ৰচাৰ চলাইছে, ক’ত প্ৰচাৰ নচলাইছে সেইটো ডাঙৰ কথা নহয়৷ ইতিমধ্যে নগঞা ৰাইজে সিদ্ধান্ত লৈছে৷ মুখ্যমন্ত্ৰী যিটো সময়ত নগাঁৱত আছে, সেইটো সময়ত নগঞা ৰাইজ আমাৰ মাজত আছে৷ নগাঁৱত মুখ্যমন্ত্ৰী থকা অৱস্থাতে নগাঁও কংগ্ৰেছ কাৰ্যালয়ত যিটো ভিৰ সেইটোৱে প্ৰমাণ কৰিছে যে ইতিমধ্যে নগঞা ৰাইজে সিদ্ধান্ত লৈয়েই পেলাইছে৷ নগাঁৱত প্ৰদ্যুৎ বৰদলৈৰ জয় নিশ্চিত’৷ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে সংবাদ মাধ্যমৰ আগত কয়– ‘আমি সকলো প্ৰদ্যুৎ বৰদলৈৰ লগত আছোঁ৷ প্ৰদ্যুৎ বৰদলৈ অসমৰ ভিতৰত ৰেকৰ্ডসংখ্যক ভোটত জয়ী হ’ব৷ এইটো দিনৰ পোহৰৰ দৰে স্পষ্ট হৈ পৰিছে৷  আমাক আৰু প্ৰদ্যুৎ বৰদলৈক একেলগে ৰিটাৰ্ণিং বিষয়াৰ  কাৰ্যালয়ৰ ভিতৰলৈ সোমালে দুয়োজনৰ ফটো সংবাদ মাধ্যমত প্ৰকাশ পাব আৰু সেই ফটো দেখিলে কংগ্ৰেছ প্ৰাৰ্থীজনে ভোট বেছিকৈ লাভ কৰিব৷ সেই আশংকাৰ বাবেই মোক ভিতৰত সোমাবলৈ বাধা প্ৰদান কৰি দুজন আৰক্ষী ৰখাই থৈছে৷ ভাবিছিল ৰঙা চকু দেখি আমি ভয় খাম৷ আমি সেই ৰঙা চকু ঔষধ দি বন্ধ কৰিব জানো৷’ ইপিনে, ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে বিজেপিক সমালোচনা কৰি কয়– ‘সংখ্যালঘু মানুহ, মুছলমান মানুহ তথা মিঞা মানুহৰ ভোট তেওঁলোকক নালাগে৷ এতিয়া ভোট বিচাৰিছে৷ ভয় খাইছে৷ তেওঁলোকে হিন্দু সাম্প্ৰদায়িকতা কৰি নিজিকিব বুলি ভাবিছে৷ আনকি আমি ৰিটাৰ্ণিং বিষয়াৰ কাৰ্যালয়লৈ যাবলৈ পাঁচজনৰ অনুমতি লৈছিলো৷ কিন্তু তিনিজনকহে সোমাবলৈ দিলে৷ মোক প্ৰদ্যুৎ বৰদলৈয়ে ভিতৰলৈ নিব বিচাৰিছিল যদিও আৰক্ষীয়ে বাধা দিলে৷ দেশত যে গণতন্ত্ৰ নাই, প্ৰশাসন যন্ত্ৰটো যে বিজেপিয়ে নিজৰ কব্জাত ৰাখিছে, নিৰ্বাচনী আয়োগে যে নিৰপেক্ষতা অৱলম্বন কৰা নাই সেইটো আজিৰ দিনটোত সকলোৱে উপলব্ধি কৰিলে৷ আজি বিজেপিয়ে সমদল উলিয়াওতে পথ মুকলি কৰি দিয়া হৈছে৷ কংগ্ৰেছে সমদল কৰোঁতে ট্ৰেফিক জাম কৰিছে৷ নগাঁৱত মুছলমান সাম্প্ৰদায়িক দল এআইইউডিএফ আৰু হিন্দু সাম্প্ৰদায়িক দল বিজেপিয়ে কংগ্ৰেছৰ বিৰুদ্ধে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে৷ ইয়াৰ বিপৰীতে এটা ধৰ্মনিৰপেক্ষ দলৰ পৰা ১৬টা বিৰোধী দলে সাম্প্ৰদায়িক সম্প্ৰীতি ৰক্ষা কৰিবলৈ এজন মানুহক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাইছো৷ তেওঁ হ’ল প্ৰদ্যুৎ বৰদলৈ৷ মুখ্যমন্ত্ৰীয়ে  কংগ্ৰেছৰ বেলুন ফুটিল বুলি মন্তব্য কৰিছে৷ এনেধৰণৰ তৰল মন্তব্য কৰি তেওঁ মুখ্যমন্ত্ৰী হোৱাৰ যে যোগ্য নহয় সেই কথা প্ৰমাণ কৰিছে৷ নগঞা ৰাইজক প্ৰদ্যুৎ বৰদলৈৰ হৈ প্ৰচাৰ চলাবলৈ আহ৩ান জনালো৷ গণতন্ত্ৰ আৰু সংবিধান বচাবলৈ প্ৰদ্যুৎ বৰদলৈক ভোট দিব লাগে৷’ চিপিআইৰ ৰাজ্যিক সম্পাদক তথা প্ৰাক্তন বিধায়ক মুনীন মহন্তই গণতন্ত্ৰৰ অখণ্ডতা ৰক্ষাৰ স্বাৰ্থত প্ৰদু্যৎ বৰদলৈক ভোট দিবলৈ সকলোকে আহ৩ান জনায়৷ ইপিনে, কেইবা হাজাৰ সমৰ্থকসহ মনোনয়ন-পত্ৰ দাখিল কৰি কংগ্ৰেছ প্ৰাৰ্থী বৰদলৈয়ে সংবাদ মাধ্যমৰ আগত তেওঁৰ জয় নিশ্চিত বুলি মন্তব্য কৰি চৰকাৰখনৰ মুৰব্বীক গৰম ভাতৰ ধোঁৱাই খাইছে আৰু এইখন চৰকাৰৰ পতন অনিবাৰ্য বুলি কয়৷ কংগ্ৰেছ প্ৰাৰ্থী বৰদলৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি কয়– ‘চৰকাৰখনৰ মুৰব্বীক গৰম ভাতৰ ধোঁৱাই ধৰিছে৷ সেয়েহে আৰক্ষী-প্ৰশাসনে মদমত্তহৈ সাধাৰণ মানুহৰ ওপৰত অত্যাচাৰ কৰে৷ এইখন চৰকাৰৰ পতন অনিবাৰ্য৷ অহংকাৰ, প্ৰাচুৰ্য, টকা, বাহুবলেৰে তেওঁ প্ৰশাসন চলাইছে৷ ভাবিছে বাকী সকলো তেওঁলোকৰ ক্ৰীতদাস৷ তেনেদৰে তেওঁলোকে ব্যৱহাৰ কৰে৷ প্ৰশাসনত গা কৰি উঠা এই অশুভ শক্তিক আমি উৎখাত কৰিব লাগিব৷’

মনোনয়ন দাখিলৰ পূৰ্বে বটদ্ৰৱা থানত  প্ৰদ্যুৎ  বৰদলৈ

‘আমাৰ অসম’ৰ প্ৰতিবেদক, বটদ্ৰৱা :মনোনয়ন-পত্ৰ দাখিলৰ পূৰ্বে বটদ্ৰৱা থানত সেৱা আগবঢ়োৱাৰ উদেশ্যে উপস্থিত হৈছে নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ৷ জাতীয় সাজ পৰিধান কৰি কীত্তৰ্ন ঘৰত প্ৰৱেশ কৰি ভকত-বৈষ্ণৱৰ আশীৰ্বাদ লৈ আজি মনোনয়ন দাখিল কৰে নগাঁৱৰ প্ৰাৰ্থী বৰদলৈয়ে৷ কংগ্ৰেছৰ প্ৰাৰ্থীজনে নিজকে ধন্য বুলি ভাবিছে, কাৰণ তেওঁৰ সাংসদীয় সমষ্টিৰ অন্তৰ্গত হৈছে বটদ্ৰৱা থানখন৷ লগতে আজি সকলো মিত্ৰদলৰ কৰ্মীসকলৰ উপস্থিতিত বটদ্ৰৱা থানত সেৱা লৈ, তেওঁ আত্মবিশ্বাসী বুলি মন্তব্য কৰে