Logo
image

এছিয়াৰ সবাতোকৈ চহকী ব্যক্তি মুকেশ আম্বানি

নতুন দিল্লী, ৫ এপ্ৰিল :বিশ্বৰ ধনী ব্যক্তিসকলৰ তথ্য প্ৰদান কৰা ৱেব ছাইট ফোৰ্বছে শেহতীয়াকৈ বিশ্বৰ শ্ৰেষ্ঠ ধনকুবেৰসকলৰ তালিকা প্ৰকাশ কৰিছে৷ সেই অনুসৰি ভাৰতীয় উদ্যোগপতি তথা ৰিলায়েন্স ইণ্ডাষ্টীজৰ ছেয়াৰমেন মুকেশ আম্বানীয়ে তেওঁৰ সম্পত্তিৰ এছিয়াৰ সবাতোকৈ চহকী ব্যক্তি হিচাপ অনুসৰি চলিত বছৰটোত এছিয়াৰ আটাইতকৈ ধনী ব্যক্তি হিচাপে বিবেচিত হৈছে৷ তদুপৰি তেওঁ বিশ্বৰ ধনকুবেৰসকলৰ তালিকাৰ একাদশ স্থানত আছে৷ আনহাতে বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিৰ তালিকাৰ শীৰ্ষত উল্লেখ হৈছে ‘এল ভি এম এইছ’ৰ স্বত্বাধিকাৰী বাৰ্নাৰ্ড আৰ্নল্টৰ নাম৷ তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ প্ৰায় ২২২.৪ বিলিয়ন ডলাৰ৷ এই তালিকাৰ দ্বিতীয় স্থানত আছে ‘এমাজন’ৰ প্ৰতিষ্ঠাতা জেফ বেজোছ৷ তেওঁৰ সম্পত্তিৰ পৰিমাণ প্ৰায় ২০০.২ বিলিয়ন ডলাৰ৷ তৃতীয় স্থানত উল্লেখ হৈছে আমেৰিকাৰ ‘টেছলা’ আৰু ‘স্পেছ এক্স’ কোম্পানীৰ স্বত্বাধিকাৰী ইলন মাস্কৰ নাম৷ তেওঁৰ সম্পত্তিৰ পৰিমাণ ১৯৫ বিলিয়ন ডলাৰ৷ বিশ্বৰ ধনকুবেৰসকলৰ তালিকাৰ চতুৰ্থ স্থানত আছে ‘মেটা’ৰ প্ৰতিষ্ঠাপক মাৰ্ক জুকেৰবাৰ্গ৷ তেওঁৰ  সম্পত্তিৰ পৰিমাণ প্ৰায় ১৭৭.৬ বিলিয়ন ডলাৰ৷ পঞ্চম আৰু ষষ্ঠ স্থানত থকা ধনকুবেৰ দুজন হৈছে ক্ৰমে লেৰি এলিছন আৰু ৱাৰেন বাফেট৷ তেওঁলোকৰ সম্পত্তিৰ পৰিমাণ ক্ৰমে ১৫৫.ৰ বিলিয়ন আৰু ১৩৩ বিলিয়ন ডলাৰ৷ আনহাতে তালিকাৰ সপ্তম স্থানত উল্লেখ হৈছে মাইক্ৰ’ছফটৰ প্ৰতিষ্ঠাপক বিল গেটছৰ নাম৷ তেওঁৰ সম্পত্তিৰ পৰিমাণ ১৩১ বিলিয়ন ডলাৰ৷