Logo
image

মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ভূপেনৰ ১০ কোটি টকীয়া গোচৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৫ এপ্ৰিল: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ১০ কোটি টকাৰ মানহানিৰ গোচৰ তৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই৷ কামৰূপ মহানগৰ জিলাৰ সত্ৰ ন্যায়াধীশৰ আদালতত ৰুজু কৰে উক্ত গোচৰ৷ ভূপেন বৰাই অভিযোগ কৰা মতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন সময়ত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ বিৰুদ্ধে কেতবোৰ আপত্তিজনক আৰু সমাজত ভাৱমূৰ্তি ম্লান হ’ব পৰা তথা দলৰ ক্ষতি হ’ব পৰা মন্তব্য মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ভূপেনৰ আগবঢ়াই আহিছে৷ বিশেষকৈ ভূপেন বৰাই শীঘ্ৰে কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগ দিব, ২০২৫ চনৰ জানুৱাৰী-ফেব্ৰুৱাৰীত তেওঁ বিজেপি হোৱাটো নিশ্চিত বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই৷ মুখ্যমন্ত্ৰীয়ে ৰাজহুৱাভাৱে এনে মন্তব্য কৰা বাবেই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই মুখ্যমন্ত্ৰী শৰ্মাৰ বিৰুদ্ধে ১০ কোটি টকাৰ মানহানি গোচৰ তৰিছে৷ উক্ত গোচৰ সন্দৰ্ভত ২ মে’ত শুনানি গ্ৰহণ কৰিব কামৰূপ মহানগৰ জিলাৰ সত্ৰ ন্যায়াধীশৰ আদালতে৷ উল্লেখ্য, দিনদিয়েক পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল– ২০২৫ত বিজেপি হ’ব ভূপেন বৰা৷ তেওঁৰ বাবে দুটা সমষ্টি সাজু কৰি ৰখা হৈছে৷ তেওঁ যে বিজেপিত যোগদান কৰিব সেয়া নিশ্চিত৷