Logo
image

লাখপতি বাইদেউ, নিবনুৱাক পুনৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীৰ

‘আমাৰ অসম’ৰ ওদালগুৰিৰ প্ৰতিনিধি,  ৫ এপ্ৰিল : এক লাখ নহয়, ডেৰ লাখ চাকৰি প্ৰদান কৰিব হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি মিত্ৰজোঁটৰ চৰকাৰে৷ ইতিমধ্যে অসম চৰকাৰে প্ৰদান কৰিলে এক লাখ চাকৰি৷ পুনৰ ৫০হাজাৰ চাকৰি প্ৰদান কৰিব অসম চৰকাৰে৷ লাখপতি বাইদেউ আঁচনিৰ ধনো বৃদ্ধি কৰিব চৰকাৰে৷ ওদালগুৰিত এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ৷ আজি ওদালগুৰিত দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী দিলীপ শইকীয়াৰ মনোনয়ন-পত্ৰ দাখিল অনুষ্ঠানত অংশগ্ৰহণ কৰি আন বহুকেইটা মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে৷ মুখ্যমন্ত্ৰীজনে ৰেচন কাৰ্ডৰ জৰিয়তে প্ৰতিটো পৰিয়ালে অৰুণোদয় আঁচনি, আয়ুষ্মান কাৰ্ড, বীমাৰ সুবিধা লাভ হ’ব বুলিও ঘোষণা কৰে৷ অসমত মোদীৰ গেৰাণ্টি আৰু মামাৰ ৱাৰেণ্টি চলে বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে৷ ইপিনে সাংবাদিকৰ এক প্ৰশ্নত পৱন সিং ঘাটোৱাৰে বিজেপিক হৃদয়হীন দল বুলি কৰা মন্তব্যৰ প্ৰত্যুত্তৰত বিজেপিৰ দৰে হৃদয়বান দল নাই বুলি কয় মুখ্যমন্ত্ৰীয়ে৷ বিজেপি প্ৰাৰ্থী জয়ী হ’লে ত্ৰিপল ইঞ্জিনৰ চৰকাৰ হ’ব৷ কংগ্ৰেছ আৰু বিপিএফৰ ইঞ্জিন দুটা দুই পিনে গ’লে গাড়ী নচলিব বুলিও কয় মুখ্যমন্ত্ৰীয়ে৷ ইপিনে কংগ্ৰেছক পুৰণা নোট আখ্যা দি কংগ্ৰেছৰ অৱস্থা এতিয়া পুৰণি নচলা ১০০টকীয়া নোটৰ নিচিনা সেয়েহে কংগ্ৰেছৰ কথা বেছি নাপাতোঁ বুলি কয় মুখ্যমন্ত্ৰীয়ে৷ একেদৰে এতিয়া বিপিএফৰ কথাও নাপাতোঁ বুলি উল্লেখ কৰি নাঙলৰ দিন গ’ল বুলি কয় মুখ্যমন্ত্ৰীয়ে৷ দৰং-ওদালগুৰি সমষ্টিত দিলীপ শইকীয়া তিনি লাখ ভোটৰ ব্যৱধানত জয়ী হ’ব বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে৷ উল্লেখ্য, দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী দিলীপ শইকীয়াই আজি অসমৰ মুখ্যমন্ত্ৰী  হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ওদালগুৰি জিলা আয়ুক্তৰ কাৰ্যালয়ত মনোনয়ন-পত্ৰ দাখিল কৰে৷ ইয়াৰ পূৰ্বে ওদালগুৰি উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত জনসভাত মুখ্যমন্ত্ৰীয়ে ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশত প্ৰতিটো স্তৰতে উন্নয়ন হোৱা বুলি উল্লেখ কৰি ক্ৰমাগত তৃতীয়বাৰলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশত চৰকাৰ গঠন কৰাটো নিশ্চিত বুলি দাবী কৰে৷ এই জনসভাৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ওদালগুৰি জিলা আয়ুক্ত কাৰ্যালয়লৈ হাজাৰ হাজাৰ সমৰ্থকৰ উপস্থিতিত ওলোৱা সমদলত অংশগ্ৰহণ কৰে৷ আজিৰ এই কাৰ্যসূচীত বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, ইউ জি ব্ৰহ্ম, জয়ন্ত মল্ল বৰুৱা, ৰাজ্যসভাৰ সাংসদ ৰণগৌৰা নাৰ্জাৰী, বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, বিধায়ক পৰমানন্দ ৰাজবংশী, দিগন্ত কলিতাৰ লগতে বহু শীৰ্ষ নেতা উপস্থিত থাকে৷

নিৰ্বাচনৰ পাছত আৰক্ষীত ৫০ হাজাৰ নিযুক্তি: মুখ্যমন্ত্ৰী

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’টাৰ, তেজপুৰ : লোকসভা নিৰ্বাচনৰ পাছত অসমত পুনৰ ৫০হাজাৰ নিযুক্তি দিয়াৰ সংকল্প অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ৷ বৃহস্পতিবাৰে বিয়লি ১১নং শোণিতপুৰ লোকসভা সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰত শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিত এই মন্তব্য মুখ্যমন্ত্ৰী ড॰ শৰ্মাৰ৷ এই নিযুক্তি অসম আৰক্ষী আৰু কামাণ্ডো বাহিনীত নতুন পোষ্ট তৈয়াৰ কৰিবলৈ যুৱক-যুৱতীয়ে দাবী জনোৱা বুলি কৈ এনেদৰে কয়৷ শোণিতপুৰৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী ৰঞ্জিত দত্তৰ হৈ ঢেকীয়াজুলিত প্ৰায় ১৫হাজাৰ ভোটাৰৰ সন্মুখত মুখ্যমন্ত্ৰী ড॰ শৰ্মাই অসম চৰকাৰৰ বিভিন্ন আঁচনিৰ বিষয়ে উল্লেখ কৰে৷ বিশেষকৈ ৰেচন কাৰ্ড, অৰুণোদয় আৰু লাখপতি বাইদেউৰ বিষয়ে নিৰ্বাচনী সভাত মন্তব্য কৰে৷ তেওঁ ঢেকীয়াজুলি সমষ্টিত বিশেষকৈ ঢেকীয়াজুলিত এখন চৰকাৰী মহাবিদ্যালয় স্থাপন, জি এন এম নাৰ্ছৰ ট্ৰেইনিং চেণ্টাৰ, যুৱক-যুৱতীৰ বাবে স্কিল ডেভেলপমেণ্ট চেণ্টাৰ, জীয়া গাভৰু নৈৰ ওপৰত সংযোগী দলং, ঢেকীয়াজুলি টাউনত যান-বাহনৰ ভিৰ কমাবলৈ বাইপাছ, ভোটপৰা ষ্টেডিয়ামত SAI চেণ্টাৰ, গুপ্তেশ্বৰ দেৱালয়ৰ পৰ্যটনৰ আকৰ্ষণ কৰা বিষয়ে সংকল্প গ্ৰহণ কৰা বুলি সভাত মন্তব্য কৰে৷ আনহাতে, ঢেকীয়াজুলি সমষ্টিৰ অন্তৰ্গত চাহ বাগিচাসমূহলৈ এম্বুলেঞ্চৰ যোগান ধৰা উন্নত চিকিৎসাৰ বাবে হাস্পতালসমূহ পুনৰ নিৰ্মাণ কৰা হ’ব বুলিও মন্তব্য কৰে৷ এই সকলো শিতানত কাম কৰিবলৈ ঢেকীয়াজুলিলৈ আৰ্থিক পেকেজ প্ৰদান কৰিব মন্ত্ৰী অশোক সিংঘালৰ জৰিয়তে৷ আনহাতে, গুৱাহাটীলৈ ঢেকীয়াজুলিৰ পৰা যাতায়াতৰ সুবিধাৰ বাবে ৩খন ৰাজ্যিক পৰিবহণ নিগমৰ এ চি বাছ সেৱা আৰু বৰচলা আৰু হুগ্ৰাজুলিৰ পৰা তেজপুৰলৈ তিনিখন বাছ দৈনিক চলাচলৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব বুলি মন্তব্য কৰে৷  অৱশ্যে নিৰ্বাচনৰ বাবে এই শিতান কিমান ব্যয় কৰিব সেয়া উল্লেখ নকৰে আৰু এয়া মাত্ৰ সংকল্প লোৱা বুলিহে তেওঁ সভাত কয়৷ ঢেকীয়াজুলি সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থীজনক পূৰ্বতকৈ অধিক ভোটত অৰ্থাৎ ৭৫হাজাৰৰ অধিক ভোটদানেৰে জয়ী কৰাবলৈ আহ৩ান জনায়৷ উল্লেখ্য, মুখ্যমন্ত্ৰী ড॰ শৰ্মাৰ এই বিজয় সংকল্প সভাত প্ৰাৰ্থী ৰঞ্জিত দত্ত উপস্থিত নাছিল৷ তেওঁ কয় যে, ভাল কাম কৰি অসমক আগুৱাই নিয়াৰ সংকল্পৰে বিজেপি চৰকাৰ আগুৱাই গৈছে৷ গতিকে অহা নিৰ্বাচনত ভোটাৰ ৰাইজ বিজেপিৰ পক্ষত থাকিব৷ তেওঁ কয়, বিজেপিৰ জয় নিশ্চিত, এই কথা ৰাইজৰ মুখে মুখে শুনা গৈছে৷ নৰেন্দ্ৰ মোদীক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ আসনত বহুৱাবলৈ ৰাইজে সংকল্প লৈয়ে আৰু আজিৰ সংকল্প সমাৱেশত দলে-বলে যোগদান কৰিছে৷ মুখ্যমন্ত্ৰী শৰ্মাই পুনৰ কয়, ঢেকীয়াজুলিত মই আগতো বহুবাৰ আহিছোঁ কিন্তু আজিৰ নিৰ্বাচনী সভাৰ নিচিনা ডাঙৰ নিৰ্বাচনী সভাত ভাগ লোৱাৰ সুবিধা পোৱা নাছিলোঁ৷ আজিৰ সভাত ৰাইজৰ উপস্থিতিয়ে প্ৰমাণ কৰিছে যে, ঢেকীয়াজুলিৰ ৰাইজ বিজেপিৰ পক্ষত আছে, ঢেকীয়াজুলিৰ ৰাইজ নৰেন্দ্ৰ মোদীৰ পক্ষত আছে৷ স্থানীয় বিধায়ক তথা মন্ত্ৰী অশোক সিংঘাল, বৰছলা সমষ্টিৰ বিধায়ক গণেশ কুমাৰ লিম্বু৷ সভাত ৰঙাপৰা সমষ্টিৰ বিধায়ক কৃষ্ণকমল তাঁতী, কমলপুৰৰ বিধায়ক দিগন্ত কলিতা, বিজেপিৰ জ্যেষ্ঠ নেতা ঋতুবৰণ শৰ্মা, তুলসী বৰঠাকুৰ, কিশোৰ উপাধ্যায়, অগপৰ শোণিতপুৰ জিলা কমিটীৰ সভাপতি ৰাতুল কুমাৰ নাথ, জিলা বিজেপিৰ সভাপতি দীপামণি শইকীয়া, উপস্থিত থাকে৷