Logo
image

বিজেপিক আক্ৰমণ ভূপেন বৰাৰঃ উজনিত মিঞাৰ বিৰুদ্ধে স্থিতি আৰু নামনিত আজমলৰ শৰণাপন্ন হয় বিজেপি

'আমাৰ অসম'ৰ নাহৰকটীয়াৰ প্ৰতিবেদক,৫ এপ্ৰিলঃ 'উজনিলৈ আহিলে বিজেপিয়ে মিঞাৰ বিৰুদ্ধে কয় আৰু নামনিলৈ গ'লে বিজেপিয়ে আজমলৰ ভৰিত ধৰি শৰণাপন্ন হয়।" এই মন্তব্য অসম প্ৰদেশ কংগ্ৰেছৰ কমিটীৰ সভাপতি ভূপেন বৰাৰ। 

শুকুৰবাৰে ১৩ নং ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈৰ হৈ নামৰূপত নিৰ্বাচনী প্ৰচাৰ চলাবই বিজেপিৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰে ভূপেন বৰা। তেওঁ লগতে কয় যে বিজেপি কেতিয়াও অসমীয়া জাতিৰ ত্ৰাণকৰ্তা হব নোৱাৰে। তেওঁলোকে আমাৰ মাজত বিভাজন সৃষ্টি কৰি ,আমাক দুৰ্বল কৰি সম্পত্তিৰ পাহাৰ গঢ়িবৰ বাবে ৰাজনীতি কৰে আৰু সেই ৰাজনীতি আহি থকা দিনবোৰত বিসৰ্জন দিবলৈ ৰাইজক আহ্বান জনাই। লগতে তেওঁ কয় যে আমাক যিসকল গুৰুৱে বাট দেখুৱাই থৈ গৈছিল বিজেপি, আৰএছএছ , ইউডিএফ মিলি আমাক সেই বাটৰ পৰা বিচলিত কৰিব বিচাৰিছে। 

এই নিৰ্বাচনী সভাত ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ উপস্থিত থাকি সাংবাদিকৰ আগত কয় যে ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালক কঠোৰ ভাষাৰে সমালোচনা কৰে। অখিলে কয় যে সৰ্বানন্দ সোণোৱালে ৰাইজৰ পক্ষত অৱস্থান ল'ব নোৱাৰে। তেওঁ সাৰ কাৰখানাৰ চতুৰ্থ গোট নিৰ্মাণ কৰাৰ কথা কয়, কিন্তু তেওঁ মুখ্যমন্ত্ৰী হ'ল, কেন্দ্ৰীয় মন্ত্ৰী হ'ল৷ কিন্তু তেওঁ  চতুৰ্থ গোটৰ কাম কৰিব নোৱাৰিলে। ইয়াৰ বিপৰীতে বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থীয়ে ৰাইজৰ পক্ষত অৱস্থান কৰিছে৷ সেয়েহে লুৰীণজ্যোতি গগৈৰ পক্ষত ৰাইজক ভোটদান কৰিবৰ বাবে আহ্বান জনায় অখিল গগৈয়ে। আনহাতে অখিল গগৈয়ে নিৰ্বাচনী যুঁজৰ বাবে এক মাহৰ দৰমহাৰ চেক লুৰীণজ্যোতি গগৈৰ হাতত অৰ্পন কৰে। এই নিৰ্বাচনী সভাত নাহৰকটীয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক প্ৰণতি ফুকনকে আদি কৰি কংগ্ৰেছৰ বহু নেতা-কৰ্মী উপস্থিত থাকে।