Logo
image

শুই-বহি থাকিলেও একাউণ্টত সোমাই টকা! : সম্পত্তিৰ পাহাৰ গঢ়িছে সুৰেশ বৰাই

'আমাৰ অসম'ৰ নগাঁৱৰ ষ্টাফ ৰিপ'ৰ্টাৰ, ৫ এপ্ৰিলঃ কেইবাবাৰো বঢ়মপুৰ সমষ্টিৰ পৰা বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হৈ লাখ লাখ টকাৰ শৰাধ কৰা নগাঁৱৰ সুৰেশ বৰাৰ সা-সম্পত্তিৰ কোনো হানি-বিঘিনি হোৱা নাই। দিনে দিনে ৰাজনৈতিক নেতাজনৰ সম্পত্তি বৃদ্ধিহে পাইছে। কেইদিনমান পূৰ্বে ন-বিজেপি নেতা সুৰেশ বৰাই ঘোষণা কৰিছিল যে তেওঁৰ মাহিলি উপাৰ্জন পঞ্চাশ লাখ টকা। সেয়া তেওঁ কাম কৰিলেও আহে, নকৰিলেও আহে। শুই-বহি থাকিলেও সেই টকা তেওঁৰ বেংক একাউণ্টত স্বয়ংক্ৰিয়ভাৱে সোমায়৷ পিছে সুৰেশ বৰাৰ হাতত বৰ্তমান ১২ লাখ ৫১৭০ টকাহে জমা আছে। 

নগাঁও লোকসভা সমষ্টিৰ বাবে বিজেপি প্ৰাৰ্থী ৰূপে বৃহস্পতিবাৰে মনোনয়ন পত্ৰৰ লগত দিয়া শপতনামাত প্ৰকাশ পাইছে সুৰেশ বৰাৰ সম্পত্তিৰ পৰিমাণ। শপতনামাত উল্লেখ কৰা অনুসৰি বিজেপি প্ৰাৰ্থী সুৰেশ বৰাৰ অস্থাৱৰ সম্পত্তিৰ পৰিমাণ হৈছে ২৫ কোটি ৩৯ লাখ ৭৭ হাজাৰ ৬৪৯ টকা। পত্নীৰ অস্থাৱৰ সম্পত্তিৰ পৰিমাণ হৈছে ২ কোটি ৮৭ লাখ ৭৯ হাজাৰ ৫২৬ টকা। বিজেপি প্ৰাৰ্থী সুৰেশ বৰাৰ বিভিন্ন স্থানত থকা ভূমি-সম্পত্তিৰ বৰ্তমান সময়ত বজাৰ মূল্য হৈছে ১৪ কোটি ৭৮ লাখ ২৯ হাজাৰ টকা। তেওঁৰ পত্নীৰ নামত থকা ভূমি সম্পত্তিৰ পৰিমাণ ৯৯ লাখ ৪০ হাজাৰ টকা। তেওঁৰ সন্তানৰ নামত আছে ৪০ লাখ টকাৰ সম্পত্তি। সুৰেশ বৰাৰ হাতে জমা আছে ১২ লাখ ৫১৭০ টকা। বিজেপি প্ৰাৰ্থী সুৰেশ বৰাৰ নামত ১৯ খনৰো অধিক গাড়ী আছে। সুৰেশ বৰাৰ বিৰুদ্ধে নগাঁও সদৰ আৰক্ষী থানাত ২৮৮৯/১৬ আৰু ৩২১৬/১৬ নম্বৰত দুটা গোচৰ পঞ্জীয়ন হৈ আছে। একেদৰে নগাঁও আদালততো ১৩৩৪/২০২২ আৰু ১৪/২০২০ নম্বৰত গোচৰ ৰুজু হৈ আছে।