Logo
image

এক হ'ব অখিল-লুৰীণঃ ৰাজ্যত গঠন হ'ব নতুন ৰাজনৈতিক দল

ডিজিটেল সংবাদ, ডিব্ৰুগড়ঃ ৰাজ্যত শীঘ্ৰেই জন্ম হ'ব এক নতুন ৰাজনৈতিক দল। একত্ৰিত হ'ব অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল। লোকসভা নিৰ্বাচনৰ পিছতেই দুয়োটা দল সংযুক্ত হৈ এক নতুন দলৰ জন্ম দিব। ইতিমধ্যে নতুন দল গঠনৰ বাবে কেইবালানিও আলোচনা সম্পন্ন হৈ গৈছে। এই  ঘোষণা ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈৰ।

শুক্ৰবাৰে ১৩নং ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈৰ হৈ নামৰূপত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি এই কথা প্ৰকাশ কৰে বিধায়ক অখিল গগৈয়ে। নামৰূপ ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত আয়োজিত বিৰোধী ঐক্য মঞ্চৰ বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত ভাগ লৈ অখিলে আক্ৰমণৰ লক্ষ্য কৰি লয় বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোনোৱালক। তেওঁ কয় যে সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হ'ল, কেন্দ্ৰীয় মন্ত্ৰীও হ'ল যদিও একো কৰিব নোৱাৰিলে৷ গতিকে সৰ্বানন্দ সোণোৱালৰ সলনি লুৰীণজ্যোতি ভোট দিবলৈ আহ্বান জনাই বিধায়ক অখিলে।

ইফালে ভাষণৰ মাজতেই অখিলে লুৰীণক উদ্দেশ্যি কয়, "লুৰীণ শুনিছ নহয় দিল্লীত পঠিয়াব খুজিছোঁ, ভিজা মেকুৰী হ'বলৈ নহয়' বাঘৰ দৰে গৰজিব লাগিব৷ সৰ্বাৰ নিচিনা মেকুৰী হৈ থাকিব নালাগিব৷" উল্লেখ্য যে সভা আৰম্ভনিৰ প্ৰাকক্ষণত অখিল গগৈয়ে তেওঁৰ এমাহৰ দৰমহা লুৰীণৰ হাতত অৰ্পণ কৰে। 

লুৰীণৰ হৈ এই প্ৰচাৰ সভাত উপস্থিত থাকি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই হিমন্ত চৰকাৰক সমালোচনা কৰি ৰাজ্যৰ বিদ্যালয়সমূহ বন্ধ কৰি গাৱে গাঁৱে মদৰ দোকান খুলি দিছে কয়৷ লগতে তেওঁ কয় যে অসমৰ উন্নয়ৰ বাবে একো পৰিকল্পনা নাই হিমন্তৰ৷ তেওঁৰ এটাই পৰিকল্পনা হৈছে হিন্দু-মুছলমানৰ ৰাজনীতি কৰি ৰাজপাট দখল কৰা৷

আনহাতে সভাত ভাষণ দি লুৰীণজ্যোতি গগৈয়ে সৰ্বা-হিমন্তৰ মেৰুদণ্ড আছে নাই সেয়া চিকিৎসকৰ দ্বাৰা পৰীক্ষা কৰিব লাগিব বুলি চোকা সমালোচনা কৰে৷ লগতে তেওঁ কয় যে তেওঁলোক একো একোটা পুতলা যাৰ চাবি দিল্লীত আছে৷ উল্লেখ্য যে শুক্ৰবাৰৰ নামৰূপৰ লুৰীণৰ সভাত প্ৰাক্তন মন্ত্ৰী প্ৰণতি ফুকনো উপস্থিত থাকে।