Logo
image

ইতিহাসৰ অধ্যায় মচি দিয়া হৈছে এন চি ই আৰ টিৰ পাঠ্যক্ৰমত

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৬ এপ্ৰিল : দেশৰ জনগণৰ স্মৃতিৰ পৰা আঁতৰ নৌহওঁতেই পাঠ্যপুথিৰ পৃষ্ঠাত থকা কেতবোৰ ক’লা অধ্যায় মচি পেলাইছে কেন্দ্ৰীয় চৰকাৰে৷ চি বি এছ ই অৰ্থাৎ কেন্দ্ৰীয় ব’ৰ্ডৰ অধীনস্থ, ৩ কোটিৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে পঢ়া এন চি ই আৰ টিৰ পাঠ্যক্ৰমৰ একাধিক পৃষ্ঠাৰ পৰা আঁতৰাই পেলোৱা হৈছে বাবৰি মছজিদ ধবংস, গুজৰাটৰ সাম্প্ৰদায়িক সংঘৰ্ষকে ধৰি বহু বিষয়৷ ‘হিন্দুত্বৰ ৰাজনীতি’ শীৰ্ষক পাঠো আঁতৰাই দিয়া হৈছে এন চি ই আৰ টিৰ পাঠ্যক্ৰমৰ পৰা৷ এন চি ই আৰ টি অৰ্থাৎ ‘নেচনেল কাউন্সিল ফ’ৰ এডুকেচনেল ৰিছাৰ্চ এণ্ড ট্ৰেইনিঙ’ৰ দ্বাদশ শ্ৰেণীৰ ৰাষ্ট্ৰ বিজ্ঞানৰ পৰা এই বিষয়সমূহ আঁতৰাই পেলোৱাৰ বিষয়টো সংশ্লিষ্ট চৰকাৰী সংস্থাৰ ৱেবছাইটত প্ৰকাশ কৰা হৈছে৷ বিগত তিনি বছৰত এন চি ই আৰ টিৰ পাঠ্যক্ৰৰ পৰা ক’ভিড অতিমাৰীৰ ফলত ছাত্ৰ-ছাত্ৰীৰ ওপৰত বোজাৰ সৃষ্টি হোৱা বাবে ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে ডাৰউইনৰ বিৱৰ্তনবাদ, মহাত্মা গান্ধীৰ হত্যাৰ সবিশেষ ইত্যাদি আঁতৰাই পেলোৱা হৈছিল৷ এইবাৰ এন চি ই আৰ টিয়ে কি কাৰণত দেশৰ ক’লা অধ্যায় মচি পেলাইছে, সেই সন্দৰ্ভত কোনো কাৰণ দেখুওৱা নাই৷

সমগ্ৰ দেশত কেন্দ্ৰীয় ব’ৰ্ড চি বি এছ ইৰ অনুমোদিত ৩০,০০০ৰো অধিক স্কুলত এন চি ই আৰ টিৰ এই পাঠ্যপুথি পঢ়ুওৱা হয়৷ চলিত শিক্ষাবৰ্ষৰ পৰাই দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীক ক’লা অধ্যায় আঁতৰাই নতুনকৈ প্ৰস্তুত কৰা পাঠ্যপুথি পঢ়ুওৱা হ’ব৷ নতুন পাঠ্যপুথিৰ দ্বাদশ শ্ৰেণীৰ ৰাষ্ট্ৰ বিজ্ঞানত ভাৰতীয় ৰাজনীতিৰ সাম্প্ৰতিক উত্থান পতন সংক্ৰান্ত পাঠত বাদ দিয়া হৈছে অযোধ্যাৰ বাবৰি মছজিদৰ ধবংসৰ প্ৰসংগ৷ পূৰ্বে পৰিচ্ছদটোৰ শিৰোনাম আছিল– ‘ৰাজনৈতিক ধাৰাত ৰাম জন্মভূমি আন্দোলন আৰু অযোধ্যা ধবংসৰ প্ৰেক্ষাপট কি?’ নতুন পাঠত লেখা হৈছে– ‘ৰাম জন্মভূমি আন্দোলনৰ প্ৰেক্ষাপট কি?’ এই অধ্যায়ত বাবৰি মছজিদ প্ৰসংগ আৰু হিন্দুত্বৰ ৰাজনীতিৰ প্ৰসংগ বাদ দিয়া হৈছে৷ পঞ্চম অধ্যায়ত গণতান্ত্ৰিক অধিকাৰক লৈ থকা এটা পাঠত ক’লাজৰ শিৰোনামৰ পৰা আঁতৰোৱা হৈছে ২০০২ চনৰ গুজৰাটৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ প্ৰসংগ৷ কি উদ্দেশ্যত ইতিহাসৰ এই সত্য ঘটনাসমূহ পাঠ্যক্ৰমৰ পৰা আঁতৰাই দিয়া হৈছে, সেই লৈ এন চি ই আৰ টি, চি বি এছ ই আৰু চৰকাৰ অৱশ্যে নীৰৱ৷