Logo
image

৭৬ বছৰীয়া হ’ল গুৱাহাটী উচ্ছ ন্যায়ালয়

'আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৬ এপ্ৰিল : শুকুৰবাৰে পালন কৰা হয় গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ ৭৬সংখ্যক প্ৰতিষ্ঠা দিৱস৷ এই বিশেষ দিনটোত গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ উদ্যোগত আয়োজন কৰা হয় এক গাম্ভীৰ্যপূণ অনুষ্ঠান৷ কটন বিশ্ববিদ্যালয়ৰ ৭৬ বছৰীয়া হ’ল৷ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ প্ৰতিষ্ঠা দিৱসৰ বিশেষ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়৷ অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে দেশৰ উচ্ছতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ৷ ‘এখন ৰাষ্ট্ৰৰ জীৱন পৰিক্ৰমাত ন্যায়পালিকাৰ ভূমিকা’ শীৰ্ষক বিষয়ত বক্তৃতা প্ৰদান কৰে দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে৷ গাম্ভীৰ্যপূণ অনুষ্ঠানত গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণয় তথা প্ৰাক্তন আৰু বৰ্তমানৰ ন্যায়াধীশসকল, অধিবক্তাসকলকে ধৰি অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান জি পি সিং, প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত, গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ বাৰ এছ’চিয়েচনৰ বিষয়ববীয়া উপস্থিত থাকে৷ উল্লেখ্য, ১৯৪৮ চনৰ পাঁচ এপ্ৰিলত গুৱাহাটী উচ্ছ ন্যায়ালয় প্ৰতিষ্ঠা হৈছিল৷ তেতিয়া অৱশ্যে, গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ নাম আছিল অসম উচ্ছ ন্যায়ালয় বা ‘হাইক’ৰ্ট অব আছাম’৷ তেতিয়া গুৱাহাটী উচ্ছ ন্যায়ালয় বা অসম উচ্ছ ন্যায়ালয়ৰ সূচনা কৰা হৈছিল শ্বিলঙত৷ পৰৱৰ্তী সময়ত গুৱাহাটী উচ্ছ ন্যায়ালয় গুৱাহাটীলৈ স্থানান্তৰ কৰা হয়৷ ইয়াৰ পাছত ১৯৭১ চনত ‘নৰ্থ ইষ্টাৰ্ণ এৰিয়াজ [ৰিকগনাইজেশ্বন] এক্ট, ১৯৭১’ৰ অধীনত অসম উচ্ছ ন্যায়ালয়ৰ নাম গুৱাহাটী উচ্ছ ন্যায়ালয় হিচাপে ৰখা হয়৷ ১৯৪৮ চনৰ পাঁচ এপ্ৰিলত গুৱাহাটী উচ্ছ ন্যায়ালয় উদ্বোধন কৰিছিল তেতিয়াৰ দেশৰ মুখ্য ন্যায়াধীশ এইছ জে কানিয়াই৷ গুৱাহাটী উচ্ছ ন্যায়ালয়ত প্ৰথমজন মখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ছাৰ আৰ এফ লজে৷ এসময়ত গুৱাহাটী উচ্ছ ন্যায়ালয়ে উত্তৰ পূবৰ সাতখন ৰাজ্যৰ ন্যায় ব্যৱস্থা অঞ্চলটোৰ একমাত্ৰ উচ্ছ ন্যায়ালয় হিচাপে পৰিচালনা কৰিছিল৷