Logo
image

ৰড-চিমেণ্টৰ পৰা চাউল-আলুলৈ... নিৰ্বাচনৰ অজুহাতত বজাৰত জুই

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৬ এপ্ৰিল : ভোটৰ বতৰত মিঠা মিঠা কথাৰে  নেতাই ভোটাৰক জাউৰিয়ে জাউৰিয়ে ‘ফ্ৰী’ দিয়াৰ প্ৰতিশ্ৰুতি দিয়াৰ মাজতে নিৰ্বাচনৰ অচিলাৰে বজাৰত লাগিছে জুই৷ ৰ’ড-চিমেণ্টৰ পৰা চাউল-আলুলৈ হঠাৎ সকলো বস্তুৰে হোৰাহোৰে দাম বাঢ়িছে৷ ভূতৰ ওপৰত দানহ পৰাদি ইয়াৰ মাজতে পহিলা এপ্ৰিলৰ পৰা জীৱনদায়িনী ঔষধৰ দামো আৰু ১২-১৫ শতাংশ বৃদ্ধি পাইছে৷ নিৰ্বাচনী ধামখুমীয়াৰ মাজতে হঠাৎ নিৰ্মাণ সামগ্ৰীৰ দাম অভাৱনীয়ভাৱে বৃদ্ধি পাইছে৷ প্ৰতি কুইণ্টল ৰ’ডৰ দাম  পূৰ্বৰ তুলনাত ৩০০-৩৫০ টকা পৰ্যন্ত বৃদ্ধি পাইছে৷ পূৰ্বতে ৫৬০০ টকাত পোৱা প্ৰতি কুইণ্টল ৰ’ডৰ দাম ৬০০০ টকাৰো অধিক বৃদ্ধি পালে৷ একেদৰে প্ৰতিবেগ চিমেণ্টৰ দাম হঠাৎ ১৫-২০ টকা বৃদ্ধি পাইছে৷ আগতে ৪৪০-৪৫০ টকাৰ প্ৰতিবেগত পোৱা চিমেণ্ট এতিয়া ৪৬০-৪৬৫ টকা হ’ল৷ ডালমিয়া, ষ্টাৰ, ব্লেক টাইগাৰ সকলো চিমেণ্টৰ দাম বাঢ়িছে৷ প্ৰতি চি এম গৃহ নিৰ্মাণত ব্যৱহৃত বালিৰ দাম ১১০০-১৫০০ টকা পৰ্যন্ত হৈছেগৈ৷ প্ৰতি এক হাজাৰ ইটাৰ দাম ১০,০০০ টকা হৈছেগৈ৷ পূৰ্বে ১৯৫০ টকা  পাৰ চি এম  শিলগুটিৰ দাম প্ৰায় এক হাজাৰ বৃদ্ধি পাইছে৷ ইফালে প্ৰতি কেজি আলুৰ দাম বজাৰত ২৫ টকা, প্ৰতি কেজি পিঁয়াজৰ দাম ৪০ টকা, প্ৰতি কেজি চাউলৰ ৪৫-৮০ টকা পৰ্যন্ত  হৈছেগৈ৷ প্ৰতি পাঁচ কেজি কেআৰটি চাউলৰ দাম ৩০ টকা বৃদ্ধি পাইছে৷ ৰহৰ দাইলৰ দাম ৯০১ পৰা ১০০ টকালৈ, মগু দাইলৰ ১০০১ পৰা ১২০ টকালৈ বৃদ্ধি পাইছে৷ ইফালে আপেল, আঙুৰ, তৰমুজকে ধৰি ফলমূলৰো দাম বজাৰত বৃদ্ধি পাইছে৷ সমান্তৰালভাৱে বিলাহী, শাক আৰু ব্ৰইলাৰ মুগ¹ৰো দাম বৃদ্ধি পাইছে৷ প্ৰসংগক্ৰমে উল্লেখ্য কৰিব পাৰি যে ভোটৰ বতৰতে ইতিমধ্যে পহিলা এপ্ৰিলৰ পৰা ছুগাৰ, প্ৰেছাৰ, কৰ্কট, কুকুৰে কামোৰা, মেলেৰিয়া, ৰক্তহীনতা, পেইনকিলাৰকে ধৰি ৮০০ বিধ ঔষধৰ দাম বৃদ্ধি পাইছে৷ ঔষধ কোম্পানীৰ পৰা ইলেক্ট’ৰেল বণ্ডৰ জৰিয়তে হাজাৰ কোটি টকা শাসকীয় বিজেপি দলে চান্দা লোৱাৰ ফলতে এনেদৰে ঔষধৰ দাম বৃদ্ধি পোৱা বুলি অভিযোগ উঠিছে৷ যোৱা দুবছৰত ইতিমধ্যে ঔষধৰ দাম ২২% পৰ্যন্ত বৃদ্ধি পাইছে৷ শেহতীয়া দামবৃদ্ধিৰ পূৰ্বেই ৫০০ টকাত পোৱা চাৰিটা ছডিয়াম টেবলেটৰ দাম ৭৬৪ টকা হৈছিল৷ ৫৫ টকাত পোৱা প্ৰেছাৰৰ টেবলেটৰ দাম ১১৫ টকা হৈছিল৷ হাড়ৰ চিকিৎসাত ব্যৱহূত কৰ্টিজেন প্ৰ’ টেবলেটৰ দাম ৬৫০ টকাৰ পৰা বাঢ়ি ৭৫০ টকা হৈছিল৷ এই দাম এতিয়া আৰু বৃদ্ধি পালে৷ সেয়ে ভোটৰ বতৰত ৰাইজৰ মাজত গুণগুণনি উঠিছে– প্ৰভু ‘চামুচেৰে দিলা, বেলচা মাৰি নিলা৷’