Logo
image

দৰিদ্ৰক বছৰি ১ লাখ টকাৰ প্ৰতিশ্ৰুতি কংগ্ৰেছৰ

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৬ এপ্ৰিল : ক্ষমতাত অধিষ্ঠিত হ’লে সংবিধান সংশোধন কৰি অনুসুচিত জাতি, অনুসূচিত জনজাতি তথা অন্যান্য পিছপৰা সম্প্ৰদায়ৰ [অ’বিচি] সংৰক্ষণ ৫০ শতাংশলৈ বৃদ্ধি কৰা আৰু আৰ্থিকভাৱে অনগ্ৰসৰ উচ্ছবৰ্ণৰ লোকক ১০ শতংশ সংৰক্ষণ প্ৰদান কৰাকে ধৰি ৫টা ন্যায়ৰ স্তম্ভৰ ওপৰত বিশেষ দৃষ্টিপাত আৰু ২৫টা গেৰাণ্টীৰে কংগ্ৰেছ দলে শুকুৰবাৰে ন্যায়পত্ৰ নামেৰে ২০২৪ৰ লোকসভা নিৰ্বাচনৰ ইস্তাহাৰ প্ৰকাশ কৰিছে৷ ক্ষমতা অৰ্জন কৰিলে কংগ্ৰেছে খালী হৈ থকা ৩০লাখ চৰকাৰী পদ পূৰণ কৰাৰ লগতে সেনাবাহিনীৰ ক্ৰটিপূৰ্ণ অস্থায়ী চাকৰি অগ্নিপথ আঁচনি বন্ধ কৰিব বুলি ইস্তাহাৰত প্ৰতিশ্ৰুতি প্ৰদান কৰিছে৷ তদুপৰি মেডিকেল কলেজৰ আসনৰ প্ৰৱেশ পৰীক্ষা নীট ঐচ্ছিক কৰাৰো প্ৰতিশ্ৰুতি দিছে কংগ্ৰেছে৷ শুকুৰবাৰে সভাপতি মল্লিকাৰ্জুন খৰ্গে, প্ৰাক্তন সভানেত্ৰী ছোনিয়া গান্ধী, ৰাহুল গান্ধীৰ উপস্থিতিত কংগ্ৰেছ দলে ন্যায়পত্ৰ নামৰ এই ইস্তাহাৰ প্ৰকাশ কৰে৷ কংগ্ৰেছে লোকসভাৰ ইস্তাহাৰত মুঠতে ৫ টা ন্যায়ৰ স্তম্ভৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছে৷ সেয়া হ’ল– মহিলা, তৰুণ, কৃষক, শ্ৰমিক আৰু ভাগীদাৰি বা জনসংখ্যা অনুযায়ী ক্ষমতাত অংশগ্ৰহণ৷  সেই অনুসৰি কংগ্ৰেছে মহালক্ষ্মী নামৰ এখন আঁচনি ৰূপায়ণৰ প্ৰতিশ্ৰুতি দিছে, য’ত দেশৰ দৰিদ্ৰ পৰিয়ালৰ মহিলাই বিনাচৰ্তে বছৰি ১ লাখ টকা বেংকৰ একাউণ্টত পাব৷ দেশৰ তৰুণক ৩০ লাখ খালী চৰকাৰী পদত মকৰল কৰিব আৰু অগ্নিপথ আঁচনি বন্ধ কৰি সেনাবাহিনীত পূৰ্বৰ দৰে স্বাস্থ্যবান যুৱকক স্থায়ীভাৱে নিয়মিত নিযুক্তি প্ৰদান প্ৰক্ৰিয়া আৰম্ভ কৰিব৷ ২৫বছৰৰ কমবয়সীয়া স্নাতকক এবছৰৰ বাবে বৃত্তিমুখী শিক্ষানবিচ হোৱাৰ সুযোগ, জম্মু-কাশ্মীৰক পূৰ্ণ ৰাজ্যৰ মৰ্যাদা প্ৰদান, চহৰৰ দৰিদ্ৰ বাসিন্দাৰ বাবে কৰ্মসংস্থানৰ প্ৰতিশ্ৰুতি দিয়া হৈছে ইস্তাহাৰত৷ কৃষকৰ ফচলৰ নূ্যনতম সমৰ্থিত মূল্য প্ৰদান কৰাৰ লগতে কৃষিবিজ্ঞানী এমএছ স্বামীনাথৰ পৰামৰ্শৱলী ৰূপায়ণ কৰিব৷ ক্ষমতালৈ আহিলে কংগ্ৰেছে সমগ্ৰ দেশত জাতিভিত্তিক আৰু আৰ্থসামাজিক লোকপ্ৰিয়ল সম্পাদন কৰিব৷ আনহাতে মেডিকেলৰ আসনৰ বাছনি পৰীক্ষা নীট আৰু বিশ্ববিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষা চিইউইটি ঐচ্ছিক কৰি সংশ্লিষ্ট ৰাজ্যৰ চৰকাৰক এই প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ কতৃৰ্ত্ব দিব৷ উল্লেক্য, কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কৰা পদযাত্ৰাত যি ৫টা বিষয়ত গুৰুত্ব প্ৰদান কৰিছিল, সেই ৫টা বিষয়কে কংগ্ৰেছে নিৰ্বাচনী ইস্তাহাৰত ৫টা ন্যায় বুলি কৈ অন্তৰ্ভুক্ত কৰিছে৷ ইপিনে কংগ্ৰেছৰ ইস্তাহাৰত নিউয়ৰ্ক আৰু থাইলেণ্ডৰ ফটো সন্নিৱিষ্ট কৰি দলটোৱে দায়িত্বজ্ঞানহীনতাৰ পৰিচয় দাঙি ধৰা বুলি সমালোচনা কৰিছে বিজেপিয়