Logo
image

তৰমুজৰ বাকলিতো থাকে উপকাৰী গুণ

গৰমৰ লগে লগে এতিয়া বজাৰত তৰমুজ উভৈনদী হৈ পৰিছে৷ তৰমুজ স্বাস্থ্যৰ বাবে উপকাৰী৷ মিঠা সোৱাদৰ এইবিধ ফলত প্ৰায় ৯২ শতাংশ পানী থাকে৷ লগতে থাকে ভিটামিন এ, ভিটামিন চি, পটাছিয়াম, মেগনেছিয়াম আদি৷ সাধাৰণতে তৰমুজৰ ৰঙা অংশখিনি খোৱাৰ পাছত বাকীখিনি পেলাই দিয়া হয়৷ তৰমুজৰ বাকলি যথেষ্ট ডাঠ৷ কিন্তু জানি আচৰিত হ’ব যে তৰমুজৰ ৰঙা অংশৰ লগতে বাকলিও উপকাৰী৷ সেয়ে তৰমুজৰ বাকলি পেলাই নিদি এইদৰে ব্যৱহাৰ কৰিব পাৰে–

# তৰমুজত চিট্ৰলাইন  নামৰ এবিধ উপাদান থাকে৷ এইবিধ উপাদানে  দেহত এনাৰ্জিৰ অভাৱ পূৰণ কৰে৷ লগতে ৰক্তনলী প্ৰসাৰণৰ ক্ষেত্ৰতো সহায় কৰে৷ বিশেষজ্ঞসকলৰ মতে তৰমুজৰ বাকলি খালে শৰীৰত দ্ৰুত শক্তি পোৱা যায়৷ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা বাঢ়ে৷

# যিসকলৰ উচ্ছ ৰক্তচাপৰ সমস্যা আছে তেওঁলোকে নিয়মীয়াকৈ তৰমুজৰ বাকলি খোৱাৰ অভ্যাস কৰিব পাৰে৷ বিভিন্ন গৱেষণাত প্ৰমাণিত হৈছে যে তৰমুজৰ গোন্ধে ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে৷ সেয়ে ইয়াৰ উপকাৰী অংশ অৰ্থাৎ বাকলি পেলাই নিদি খোৱাৰ অভ্যাস কৰক৷ 

# যিসকলে মেদক লৈ সমস্যাত ভুগিছে তেওঁলোকে তৰমুজৰ ৰঙা অংশৰ লগতে ইয়াৰ বাকলিও খোৱা কৰক৷ কিয়নো তৰমুজৰ বাকলিত প্ৰচুৰ পৰিমাণে ফাইবাৰ থাকে৷ কোষ্ঠকাঠিন্যৰ সমস্যা নিৰাময় কৰাত তৰমুজৰ বাকলি অতি উপকাৰী৷ কলেষ্টেৰ’ল আৰু তেজত শৰ্কৰাৰ মাত্ৰা কমোৱাৰ ক্ষেত্ৰতো সহায় কৰে তৰমুজৰ বাকলিয়ে৷ বিশেষজ্ঞসকলৰ মতে তৰমুজৰ বাকলিত কেলৰিৰ মাত্ৰা কম থকাৰ বাবে ই ওজন নিয়ন্ত্ৰণত সহায় কৰে৷ অৱশ্যে তৰমুজৰ বাকলিৰ বাহিৰৰ অংশ নাখাব৷ ৰঙা আৰু সেউজীয়াৰ মাজত যিখিনি ডাঠ আৰু বগা অংশ সেইখিনিহে উপকাৰী৷ 

কেনেদৰে খাব–

# তৰমুজৰ বাকলিৰে ছালাড বা জুচ প্ৰস্তুত কৰিব পৰা যায়৷ ই সোৱাদযুক্তও আৰু উপকাৰী৷

# তৰমুজৰ বাকলিৰে আচাৰ আৰু হালোৱা প্ৰস্তুত কৰিব পাৰি৷

# তৰমুজৰ বগা অংশখিনি সৰু সৰুকৈ কাটি দাইলৰ সৈতে ৰান্ধিও খাব পৰা যায়৷ তদুপৰি সাধাৰণ পাচলিৰ দৰে ৰান্ধিও খাব পাৰে৷