Logo
image

নগাঁৱত ২ ‘কোটিপতি’ৰ যুঁজ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৬ এপ্ৰিল: আকৰ্ষণীয় হ’ব এইবাৰ নগাঁও লোকসভা সমষ্টিৰ নিৰ্বাচনী যুঁজ ৷ নগাঁও লোকসভা সমষ্টিৰ বাবে মুঠ ১৫ জন প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে যদিও ২ কোটিপতিৰ মাজতেই চূড়ান্ত নিৰ্বাচনী ৰণ হ’ব বুলি ৰাজনৈতিক বিশে¡ষকসকলে ঠাৱৰ কৰিছে৷ নগাঁও লোকসভা সমষ্টিত প্ৰাৰ্থিত্ব আগবঢ়োৱা এই দুই কোটিপতি প্ৰাৰ্থী আন কোনো নহয়, তেওঁলোক হৈছে–বিজেপি প্ৰাৰ্থী সুৰেশ বৰা আৰু কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ৷ বিজেপি প্ৰাৰ্থী সুৰেশ বৰাই ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ সভাসমূহত বাৰে বাৰে নিজকে কোটিপতি বুলি দাবী কৰি আহিছে৷ আনকি বেংক একাউণ্টত দৈনিক ৫০ লাখ টকাকৈ জমা হোৱা বুলিও সদম্ভ ঘোষণা কৰিছে প্ৰাক্তন কংগ্ৰেছী তথা ন-বিজেপি সুৰেশ বৰাই৷ অৱশ্যে নিৰ্বাচনী মনোনয়ন-পত্ৰৰ শপতনামাত প্ৰতিদিনে বেংকৰ একাউণ্টত ৫০ লাখ টকাকৈ জমা হোৱাৰ কোনো তথ্য প্ৰদান নকৰিলেও বিজেপি প্ৰাৰ্থীজনৰ সম্পত্তিৰ তথ্য দেখিলে আপোনাৰো চকু কঁপালত উঠিব৷ মনোনয়ন-পত্ৰৰ সৈতে দাখিল কৰাত শপতনামাত উল্লেখ কৰা অনুসৰি সুৰেশ বৰা আৰু তেওঁ পৰিয়ালৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে ৪৪.৪৫ কোটি টকা৷ প্ৰৱঞ্চনাৰ দুটাকৈ গোচৰ পঞ্জীয়ন হৈ থকা সুৰেশ বৰাৰ স্থাৱৰ সম্পত্তিৰ পৰিমাণ হৈছে ২৫.৩৯ কোটি টকা৷ আনহাতে সুৰেশ বৰাৰ পত্নীৰ স্থাৱৰ সম্পত্তিৰ পৰিমাণ হৈছে ২৮.৭৭ কোটি টকা৷ ৮ টাকৈ বেংক একাউণ্ট থকা সুৰেশ বৰাই নগদ ১২ লাখ টকা লৈ নিৰ্বাচনী যুঁজত নমাৰ তথ্যও প্ৰকাশ কৰিছে মনোনয়নৰ শপতনামাত৷ ১৯খন বাহনৰ মালিক বিজেপি প্ৰাৰ্থীজন আৰু তেওঁৰ পত্নী তথা দুই পুত্ৰ-কন্যাৰ স্থাৱৰ-অস্থাৱৰ সম্পত্তিৰ পৰিমাণ সৰ্বমুঠ ৪৪.৪৫ কোটি টকা৷ অৱশ্যে নিজকে কোটিপতি বুলি জাহিৰ নকৰিলেও কংগ্ৰেছ প্ৰাৰ্থী তথা সাংসদ প্ৰদ্যুৎ বৰদলৈৰো সম্পত্তি বিজেপি প্ৰাৰ্থীৰ সুৰেশ বৰাতকৈ বৰ বেছি কম নহয়৷ শপতনামাত উল্লেখ কৰা মতে কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে ৮.৩৯ কোটি টকা৷ আশ্বৰ্যজনক বিষয়টো হৈছে প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈতকৈ তেওঁৰ পত্নী ৰাণী বৰদলৈহে বেছি ধনী৷ মনোনয়নৰ সৈতে দাখিল কৰা শপতনামাত প্ৰকাশ কৰা মতে প্ৰদ্যুৎ বৰদলৈৰ স্থাৱৰ-অস্থাৱৰ সম্পত্তিৰ পৰিমাণ হৈছে ২.৫২ কোটি টকা৷ আনহাতে বৰদলৈৰ পত্নীৰ সম্পত্তিৰ পৰিমাণ হৈছে ৫.৮৬ কোটি টকা৷ এক কথাত নগাঁও সমষ্টিত দুই কোটিপতি প্ৰাৰ্থীৰ কোনে শেষ হাঁহি মাৰিব, সেয়া সমষ্টিৰ ভোটাৰেহে নিৰ্ধাৰণ কৰিব৷

কংগ্ৰেছ কৰ্মীক নিৰ্যাতন/ নিৰ্বাচন আয়োগক অভিযোগ প্ৰদ্যুৎ বৰদলৈৰ

‘আমাৰ অসম’ৰ নগাঁৱৰ ষ্টাফ ৰিপ’ৰ্টাৰ: নগাঁও লোকসভা সমষ্টিৰ বাবে মনোনয়ন-পত্ৰ দাখিলৰ অন্তিম দিনা শ্ুক্ৰবাৰে  নগাঁৱৰ ৰিটাৰ্ণিং বিষয়াৰ কাৰ্যালয় চৌহদত সংঘটিত ঘটনা আৰু আৰক্ষীয়ে কংগ্ৰেছ কৰ্মীৰ ওপৰত চলোৱা বিভিন্ন ধৰণৰ নিৰ্যাতনৰ বিৰুদ্ধে দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্তলৈ অভিযোগ প্ৰেৰণ কৰিছে নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে৷ বৃহস্পতিবাৰে নগাঁৱত এক সংবাদ মেলত এই কথা সদিৰ কৰে কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে৷ বৰদলৈয়ে কয়, কালি মনোনয়ন-পত্ৰ দাখিলৰ সময়ত মোৰ লগত যাবলগীয়া পাঁচজনীয়া তালিকাত বিধায়ক ৰকিবুল হুছেইনৰ নাম আছিল৷ সেই কথা আগতীয়াকৈ জনোৱা হৈছিল৷ কিন্তু মোৰ লগত মনোনয়ন দাখিল কৰিবলৈ যোৱা ৰকিবুল হুছেইনক ৰিটাৰ্ণিং বিষয়াৰ কক্ষত সোমোৱাত বাধাপ্ৰদান কৰা হয়৷ মোৰ সন্দেহ কোনো ডাঙৰ ৰাজনৈতিক নেতা বা মন্ত্ৰীৰ নিৰ্দেশত সেয়া কৰা হৈছিল৷ পাছত মই বিষয়টোত হস্তক্ষেপ কৰাত হুছেইনক প্ৰৱেশৰ অনুমতি দিয়া হয়৷ বৰদলৈৰ অভিযোগ– কালি কংগ্ৰেছ প্ৰাৰ্থীয়ে মনোনয়ন-পত্ৰ দাখিল কৰিবলৈ যাওঁতে জিলা প্ৰশাসনে আমাৰ নেতা-কৰ্মীক যেনেদৰে বাধাপ্ৰদান কৰিছিল, শাসকীয় দলৰ প্ৰাৰ্থীয়ে মনোনয়ন-পত্ৰ দাখিল কৰিবলৈ যাওঁতে তেনেদৰে বাধা দিয়া হোৱা নাছিল৷ ইফালে আগদিনাই মনোনয়ন-পত্ৰ দাখিল কৰা নগাঁও লোকসভা সমষ্টিৰ এ আই ইউ ডি এফ প্ৰাৰ্থী আমিনুল ইছলামক বিজেপি প্ৰাৰ্থীসহ মুখ্যমন্ত্ৰী ৰিটাৰ্ণিং বিষয়াৰ কাৰ্যালয়ত প্ৰৱেশৰ আগে আগে কিয় সোমাবলৈ অনুমতি দিয়া হৈছিল সেয়াও ৰহস্যজনক৷ প্ৰদ্যুৎ বৰদলৈয়ে কয়, কংগ্ৰেছ কৰ্মীৰ ওপৰত আৰক্ষীয়ে বিভিন্নধৰণেৰে আতিশয্য চলাইছে৷ বৰদলৈয়ে কয়- মই ক’ৰবাত গৈছোঁ পুলিচো লগে লগে গৈ পাইছে৷ মই এজন নেতাক লগ কৰিবলৈ এখন হোটেললৈ গৈছোঁ, পুলিচো লগে লগে গৈ পাইছে৷ হোটেলৰ কোঠাত পুলিছে তালাচীও চলায়৷ পুলিছে এনেদৰে কংগ্ৰেছৰ ওপৰত অত্যাচাৰ চলালে আমিও মনে মনে বহি নাথাকেঁ ৷ কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে কয়্‌- মুখ্যমন্ত্ৰী ৰাজনীতি বিজ্ঞানী৷  নগাঁৱত বিজেপি প্ৰাৰ্থী হাৰিব বুলি জানি কংগ্ৰেছ কৰ্মীৰ ওপৰত মিছা কেচ জাপি দিছে৷ নগাঁৱৰ কেইবাখনো থানাত কংগ্ৰেছ কৰ্মীৰ ওপৰত মিছা গোচৰ জাপি দিয়া হৈছে৷ সৰ্বাধিক চামগুৰি সমষ্টিৰ খাটোৱাল থানাত কংগ্ৰেছ কৰ্মীৰ ওপৰত অত্যাচাৰ কৰা হৈছে৷ কাৰো অভিযোগ নথকাকৈ পুলিচে নিজেই কেচ জাপিছে কংগ্ৰেছ কৰ্মীৰ ওপৰত৷ কেইবাজনো কংগ্ৰেছ কৰ্মীক মাতি আনি বণ্ডচাইন কৰোৱা হৈছে৷ কিন্তু আমি এইবোৰলৈ ভয় নকৰোঁ৷ সংবাদ মেলত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন উপস্থিত থাকে৷