Logo
image

ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ প্ৰচাৰ সেই সময়ত সৰ্বানন্দ লখিমপুৰত

‘আমাৰ অসম’ৰ জোনাইৰ প্ৰতিবেদক, ৬ এপ্ৰিল: সমাগত লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ বিভিন্ন ৰাজনৈতিক দলৰ মাজত তুংগত হৈ উঠিছে নিৰ্বাচনী প্ৰচাৰ৷ অসমত বিজেপিৰ আটাইতকৈ হাইপ্ৰ’ফাইল প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ একাধিক ঠাইত আজি মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰ চলায়৷ ইয়াৰ বিপৰীতে একেদিনাই লখিমপুৰ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী প্ৰদান বৰুৱাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷ লখিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত জোনাই  বিধানসভা সমষ্টিৰ জোনাইৰ জোনেকাৰেংস্থিত আবুটানি লত্তাত আজি বিজেপি মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী প্ৰদান বৰুৱাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷ বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় নিৰ্বাচন আহি থাকে আৰু বহু নিৰ্বাচন গ’ল৷ কিন্তু এইবাৰৰ নিৰ্বাচনটো এইকাৰণে গুৰুত্বপূৰ্ণ, সেয়া হৈছে অহা পাঁচ বছৰৰ ভিতৰত ভাৰতবৰ্ষক বিশ্বৰ তৃতীয়খন সৰ্ববৃহৎ শক্তিশালী ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰা৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত পুনৰ চৰকাৰ হ’লে সেয়া পূৰণ হ’ব৷ সেই লক্ষ্যত উপনীত হ’বৰ বাবে এই বিকাশ যাত্ৰাক তীব্ৰগতি দিয়াৰ বাবে বিজেপিৰ নেতৃত্বত এখন চৰকাৰ দিল্লীত হোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ৷ এই যুক্তিৰে যোৱা ১০ বছৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সততা, নিষ্ঠাৰে সঠিক নীতি, সঠিক সিদ্ধান্ত, সঠিক পৰিকল্পনা আৰু সমগ্ৰ ভাৰতবৰ্ষৰ প্ৰতিটো প্ৰান্তৰ সকলো জাতি-জনগোষ্ঠী, ভাষা-ভাষী, ধৰ্মৰ লোকক আস্থা আৰু বিশ্বাসক লৈ সৰ্বজনীন গণতান্ত্ৰিক নীতিৰ দ্বাৰা চব কা সাথ, চব কা বিকাশ নীতিৰে আজি প্ৰধানমন্ত্ৰীয়ে দেশক যেনেদৰে শক্তিশালী ৰূপ দিলে,  যাৰফলত প্ৰতিজন ভাৰতীয়ই আজিৰ তাৰিখত বিশ্ব মঞ্চত সন্মান বুটলিবলৈ সক্ষম হৈছে৷ এতিয়া দেখিব উন্নত ৰাষ্ট্ৰৰ নাগৰিকে এতিয়া ভাৰতবৰ্ষৰ কথা গুণানুকীৰ্তন কৰে, এটা সময়ত পৃথিৱীৰ উন্নত ৰাষ্ট্ৰসমূহে ভাৰতবৰ্ষক সদায় তুচ্ছ জ্ঞান কৰিছিল বুলি কৈ কংগ্ৰেছৰ শাসনকালত ভাৰাক্ৰান্ত হোৱা এইখন ভাৰত ৰাষ্ট্ৰক আৰু অতিকৈ পিছপৰি থকা ৰাষ্ট্ৰখনৰ অৱস্থা দেখি বিশ্বই হাঁহিছিল৷ বিশ্বই কৈছিল এইখন ৰাষ্ট্ৰৰ মাজত এই শক্তি নাই বিশ্বৰ এই প্ৰতিযোগিতাত অৱতীৰ্ণ হৈ সুখ্যাতিৰে নিজৰ দক্ষতা, যোগ্যতা, দৃঢ়তা, একাগ্ৰতা প্ৰতিষ্ঠা কৰাৰ৷ কংগ্ৰেছৰ সেই ৬০বছৰীয়া অপশাসনৰ বাবে আৰু ভ্ৰষ্টাচাৰ, দুৰ্নীতি, পৰিয়ালকেন্দ্ৰিক আৰু সাম্প্ৰদায়িক বিভাজন, বৈষম্যমূলক ৰাজনীতিৰ বাবে ভাৰতবৰ্ষৰ দৰে এখন সম্পদশালী ৰাষ্ট্ৰ অন্ধকাৰত ডুব গৈ আছিল৷ কিন্তু আজি এইখন ৰাষ্ট্ৰক সু-সংগঠিত কৰি ভাৰতবৰ্ষৰ প্ৰতিটো জাতি, জনগোষ্ঠীক আস্থা আৰু বিশ্বাসত লৈ সকলোকে সমমৰ্যাদা, সম-উন্নয়ন আৰু সম-অধিকাৰ প্ৰদান কৰাৰ বাবে ২০১৪চনত নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী দায়িত্ব লৈ যি বিকাশ যাত্ৰা আৰম্ভ কৰিলে তাৰ ফলশ্ৰুতিত আজি ভাৰতবৰ্ষৰ প্ৰতিটো প্ৰান্তৰ জনগণ লাভাম্বিত হৈছে বুলি মন্তব্য ৰাখি কংগ্ৰেছক চোকা সমালোচনা কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে পুনৰ কয় কংগ্ৰেছক অকল ক্ষমতা লাগে, ক্ষমতাৰ বাদে তেওঁলোকক একো নালাগে আৰু এই ক্ষমতাৰ অপব্যৱহাৰ কৰি ৰাজহুৱা ধন অপচয় কৰি নিষ্কৃষ্ট ৰাজনৈতিক কৰাৰ বাবে আজি দেশৰ জনতাই কংগ্ৰেছক প্ৰত্যাখ্যান কৰিছে৷ বিজেপি নেতৃত্বৰ এন ডি এ চৰকাৰে ধলা-শদিয়া দলং, বগীবিল দলঙৰ কাম সম্পূৰ্ণ কৰি জনসাধাৰণৰ বাবে যাতায়াত ব্যৱস্থা উন্নত কৰিছে৷ গোগামুখত ৰাষ্ট্ৰীয় কৃষি গৱেষণা প্ৰতিষ্ঠান প্ৰতিষ্ঠিত কৰা হৈছে আৰু কংগ্ৰেছৰ ষাঠি বছৰীয়া শাসনত অসমৰ খিলঞ্জীয়া, ভূমিপুত্ৰসকলে ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত হৈ আহিছিল৷ কিন্তু বিজেপি চৰকাৰ অহাৰ লগে লগে অসমৰ খিলঞ্জীয়া, ভূমিপুত্ৰসকলৰ মৌলিক সমস্যা ভূমিৰ পট্টা দিয়াৰ কাম আৰম্ভ হ’ল৷ ২০১৬চনৰ পৰা বৰ্তমানলৈ ৬লাখ লোকক ভূমিপট্টা প্ৰদান কৰি ৰাইজক কল্যাণ সাধন কৰা হৈছে বুলি কৈ সংসদ বৰুৱা এজন অত্যন্ত সক্ৰিয় জনপ্ৰতিনিধি বুলি বক্তব্য ৰাখি প্ৰদান বৰুৱাই সংসদ হোৱা দিনাৰ পৰা এদিনো বহি থকা নাই আৰু প্ৰতিদিনে গাঁৱৰ, চুবুৰীৰ খবৰ লৈ ৰাইজৰ সমস্যাৰ সমাধানৰ বাবে সেৱা আগবঢ়াই গৈছে বুলি কয়৷ সভাত জোনাই সমষ্টিৰ বিধায়ক ভুৱন পেগুৱে ৰাইজক উদ্দেশ্যে কয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তৃতীয়বাৰৰ বাবে পুনৰ প্ৰধানমন্ত্ৰী পাতিবলৈ সকলোকে সংকল্প ল’বলৈ আহ৩ান জনাই কয় কংগ্ৰেছৰ দিনত যি ভ্ৰষ্টাচাৰ চলাই চাকৰিৰ বাবে বজাৰৰ মেলা পাতিছিল কিন্তু এইখন বিজেপি চৰকাৰৰ দিনত চাৰিঅনা খৰচ নকৰাকৈয়ে এক লাখ দুখীয়া যুৱক-যুৱতীয়ে চাকৰিৰ নিযুক্তি লাভ কৰিছে আৰু পুনৰ ৩৫হাজাৰ যুৱক-যুৱতীক নিযুক্তি দিয়া হ’ব গতিকে এনে পৰিৱৰ্তনৰ ফালে আগবাঢ়ি যোৱা বিজেপিক ১০০শতাংশ ভোট দি কংগ্ৰেছশূন্য কৰিব লাগে বুলি মন্তব্য আগবঢ়ায় বিধায়কজনে৷ নিৰ্বাচনী প্ৰচাৰ সভাত ধেমাজি জিলা বিজেপিৰ সভানেত্ৰী ৰূপা কামান, সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুৰব্বী টংকেশ্বৰ সোণোৱাল, মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য নৰেশ কুম্বাং, সন্মিলীত গণ শক্তিৰ বিষয়ববীয়া অতুল পেগু, পূব জোনাই বিজেপি সভাপতি আদিত্য বৰুৱা, পশ্চিম জোনাই বিজেপি সভাপতি শিৱ দলে, ধেমাজি জিলা বিজেপি উপ-সভাপতি পাৰ্থ ছেত্ৰীৰ লগতে বিজেপি মিত্ৰজোঁট দলৰ বহু নেতা-কৰ্মী উপস্থিত থাকে৷

সোণোৱালক ৪ লাখ ভোটৰ ব্যৱধানত জয়ী কৰোৱাৰ আহ্বান মুখ্যমন্ত্ৰীৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া: এটকাও লেন-দেন নোহোৱাকৈ পুনৰ ৰাজ্যৰ ৫০ হাজাৰ যুৱক-যুৱতীয়ে লাভ কৰিব চৰকাৰী চাকৰি৷ এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ৷ আজি ডিব্ৰুগড় লোকসভা সমষ্টিৰ অধীনৰ নৱগঠিত মাকুম বিধানসভা সমষ্টিৰ বজালতলী চাহ বাগিচা খেলপথাৰত বিজেপি প্ৰাৰ্থী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হৈ এক বিশাল প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বিধানসভা নিৰ্বাচনৰ পূৰ্বে তেওঁ যেতিয়া ১ লাখ যুৱক-যুৱতীক চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল তেতিয়া কোনেও এই কথা বিশ্বাসত লোৱা নাছিল৷ বহুতে ভাবিছিল চাকৰি পালেও তাৰ বিনিময়ত দিবলগা হ’ব বৃহৎ পৰিমাণৰ ধন৷ কিন্তু চৰকাৰ গঠনৰ পাছত তেওঁ সেই প্ৰতিশ্ৰুতি পূৰণ কৰিলে এটকাও লেন-দেন নোহোৱাকৈ৷ আগন্তুক দিনত পুনৰ ৰাজ্যৰ ৫০হাজাৰ যুৱক-যুৱতীয়ে ধনৰ লেন-দেন অবিহনে চৰকাৰী চাকৰি লাভ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে৷ মুখ্যমন্ত্ৰীয়ে কয় যে একাংশই কেৱল মুখেৰে জাতি সুৰক্ষিত কৰাৰ কথা কৈ থাকে৷ কামত একো নকৰে৷ কিন্তু বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰে বসুন্ধৰা আঁচনিৰ অধীনত খিলঞ্জীয়াক মাটিৰ অধিকাৰ দিছে৷ মুখ্যমন্ত্ৰীয়ে আশ্বাস দিয়ে যে ‘বসুন্ধৰা ৩.ঙ্ম’ আঁচনিৰ অধীনত বাকী থকা সকলোকে মাটিৰ পট্টা প্ৰদান কৰা হ’ব৷ মোদীৰ গেৰাণ্টিৰ লগত এয়া মামাৰ ৱাৰেণ্টি বুলি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয়৷ বাইদেউসকলক লাখপতি বনাম বুলি কওঁতে কংগ্ৰেছে সন্দেহ কৰিছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে তেওঁ সেয়া কৰি দেখুৱালে৷ নিজৰ ভাষণত মুখ্যমন্ত্ৰীয়ে ৰেচন কাৰ্ড থকা সকলোৱে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিব বুলি কয়৷ ৰেচন কাৰ্ড থকা পৰিয়ালৰ বাবে ৰাজ্য চৰকাৰে আন এক নতুন আঁচনি প্ৰস্তুত কৰি আছে বুলি আজিৰ সভাত মুখ্যমন্ত্ৰীয়ে সদৰি কৰে৷ সেই আঁচনি অনুসৰি পৰিয়ালৰ মুৰব্বীজনৰ বীমা কৰা হ’ব আৰু বীমাৰ ধন পৰিশোধ কৰিব চৰকাৰে৷ পৰিয়ালৰ উপাৰ্জনকাৰী ব্যক্তিজনৰ কিবা পৰিস্থিতিত মৃত্যু হ’লে যাতে পৰিয়ালটোৱে অলপ সকাহ লাভ কৰিব পাৰে তাৰপ্ৰতি লক্ষ্য ৰাখি এই আঁচনি কাৰ্যকৰী কৰিবলৈ লোৱা হৈছে৷ মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে বহুসময়ত অৰ্থনৈতিক কাৰণত আমাৰ ল’ৰা-ছোৱালীয়ে উচ্ছশিক্ষা গ্ৰহণত বাধা আহি পৰে৷ তেওঁ কয় ‘‘এতিয়া পৰিয়ালে ল’ৰাটোৰ দায়িত্ব গ্ৰহণ কৰক, ছোৱালীজনীৰ দায়িত্ব মামাই ল’ব’’৷ ছোৱালীজনীয়ে মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ মহাবিদ্যালয়ত নামভৰ্তি কৰিলে সেয়া বিনামূলীয়া হোৱাৰ লগতে চৰকাৰে বছৰি ১০হাজাৰকৈ ছোৱালীজনীৰ একাউণ্টত জমা কৰিব৷ সেইদৰে স্নাতক পাঠ্যক্ৰমত নামভৰ্তি কৰিলে ১২হাজাৰকৈ আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমত নামভৰ্তি কৰিলে ২৫হাজাৰকৈ দিয়া হ’ব৷ মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে আজিলৈকে এইবোৰ কথা কোনেও চিন্তা কৰা নাছিল৷ কেৱল জয় আই অসম বুলি কৈ থাকিলেই নহ’ব৷ আন্দোলন কৰি থাকিলেই নহ’ব৷ ৰাইজৰ স্বাৰ্থত কাম কৰিব লাগিব৷ মুখ্যমন্ত্ৰীয়ে কয় ‘যিকেইটা দিন জীয়াই থাকিম প্ৰত্যেকদিনেই ৰাইজৰ বাবে কাম কৰিম’৷ অসমৰ বাবে মৃত্যুবৰণ কৰা ৮৫৫জন শ্বহীদৰ কংগ্ৰেছৰ কাৰণেই মৃত্যু ঘটিল৷ এতিয়া সেই কংগ্ৰেছৰ লগতে মিতিৰালি পাতি নিজকে দেশপ্ৰেমিক বুলি কোৱাটো বৰ দুখৰ কথা বুলি মুখ্যমন্ত্ৰীয়ে ব্যক্ত কৰে৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক ক’মেও চ্ছ্ৰলাখ ভোটৰ ব্যৱধানত জয়যুক্ত কৰাৰ বাবে ভোটাৰ ৰাইজক আহ৩ান জনায়৷ তেওঁ কয় যে প্ৰায় সকলো সমীক্ষাতে নৰেন্দ্ৰ মোদী পুনৰ প্ৰধানমন্ত্ৰী হ’ব বুলি প্ৰকাশ পাইছে৷ চাৰিশ ছীট পাৰ কৰি মোদীয়ে পুনৰ দেশক নেতৃত্ব প্ৰদানৰ বাবে আগবঢ়াৰ সময়ত অন্ততঃ ১৩খন আসন মোদীক দি দেশৰ অন্যান্য ৰাজ্যৰ লগতে অসমো তেওঁক প্ৰধানমন্ত্ৰী বনোৱাৰ কৃতিত্বৰ অংশীদাৰ হ’ব পাৰ বুলি মুখ্যমন্ত্ৰীয়ে কয়৷ আজিৰ সভাত মুখ্যমন্ত্ৰী ড॰ শৰ্মাই অসম ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্য হ’ব বুলি উল্লেখ কৰে৷ আগন্তুক নিৰ্বাচনত নৱগঠিত বিধানসভা সমষ্টি মাকুমত শচীন তেণ্ডুলকাৰৰ দৰে চেঞ্চুৰী মাৰি খাটা খুলিব লাগিব বুলি তেওঁ ভোটাৰ ৰাইজক কয়৷ প্ৰচাৰ সভাত অংশগ্ৰহণৰ পাছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দীৰ্ঘসময়ৰ বাবে জনসমুদ্ৰৰ মাজত সোমাই পৰে৷ আজিৰ সভাত তিনিচুকীয়াৰ বিধায়ক তথা মন্ত্ৰী সঞ্জয় কিষাণ, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, চাবুৱাৰ বিধায়ক পোনাকন বৰুৱা, ডিগবৈৰ বিধায়ক সুৰেন ফুকনৰ উপৰি বিজেপিৰ ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ একাধিক বিষয়ববীয়া উপস্থিত থাকে৷

অসমৰ জনতাক চলাহী কথাৰে ভুলাব নোৱাৰি : সোণোৱাল

‘আমাৰ অসম’ৰ ডিব্ৰুগড়ৰ প্ৰতিবেদক :কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি নেতৃত্বাধীন এনডিএ-ৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে আজি লখিমপুৰ আৰু ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিভিন্ন ঠাইত আয়োজিত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে৷ লখিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত ডাঙৰিৰ চিৰিং গাঁও, জোনাইৰ জোন কাৰেঙত তেওঁ লখিমপুৰ লোকসভা সমষ্টিৰ এনডিএ-ৰ প্ৰাৰ্থী প্ৰদান বৰুৱাৰ সমৰ্থনত ব্যাপক প্ৰচাৰ চলায়৷ তদুপৰি, ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত গণেশবাৰী চাহ বাগিচা, পোহাৰীখনীয়া গাঁও, চৌকিডিঙ্গি শ্মশান পাৰা, নালিয়াপুল আদি ঠাইত সোণোৱালক ব্যাপক উৎসাহৰ মাজেৰে আদৰণি জনায় বিজেপি-অগপৰ কৰ্মী আৰু স্থানীয় ৰাইজে৷ খ্ৰিং খ্ৰিং বাইথ’ দেৱতাক স্মৰণ কৰি সৰ্বানন্দ সোণোৱালে লখিমপুৰ সমষ্টিৰ পৰা লোকসভাত প্ৰতিদ্বন্দ্বিতা কৰা এনডিএ-ৰ প্ৰাৰ্থী প্ৰদান বৰুৱাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়৷ ভাষণ প্ৰসংগত কয়, যোৱা দহ বছৰৰ আগতে এখনো ডাঙৰ দলং নথকা এই অঞ্চলটোত দুখনকৈ বিশাল দলং হ’ল৷ এইবোৰ আমাৰ বাবে এসময়ত ভাবিব নোৱৰা কথা আছিল৷ পথ আৰু দলং নিৰ্মাণে এখন ঠাইৰ উন্নয়নৰ মাত্ৰা নিৰ্ণয় কৰে৷ আমি ৰাইজৰ মুখত এটাই প্ৰশ্ন শুনিছিলোঁ, ‘আমাৰ দলংখন কেতিয়া হ’ব?’ কিন্তু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই শাসনভাৰ লাভ কৰাৰ পাছতেই তৰিৎ গতিত এই সমস্যাৰ সমাধান কৰা হ’ল৷ বগীবিলৰ অসম্পূৰ্ণ দলঙৰ কাম সম্পূৰ্ণ কৰিবলৈ পূৰ্বৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই আমাৰ এটা অনুৰোধতে ৩৫০কোটি টকা মোকলাই দিলে৷ বগীবিলৰ পাছত ধলা-শদিয়াৰ দলং, শৰাইঘাটৰ দ্বিতীয় দলং কম সময়ৰ ভিতৰতে নিৰ্মাণ কৰা হ’ল৷ আজি ব্ৰহ্মপুত্ৰৰ দুইপাৰে থকা আত্মীয়-কুটুম্বই একেলগ হ’বলৈ বেছি সময় ৰ’ব নালাগে৷ কংগ্ৰেছ কেৱল আধাৰশিলাৰ চৰকাৰ৷ তেওঁলোকে স্থাপন কৰা বেছিভাগ আধাৰশিলাৰ কাম আমিহে সম্পূৰ্ণ কৰিলোঁ৷ এয়া তেওঁলোকৰ বাবে দুৰ্ভাগ্যজনক কথা৷ কেতিয়াবা অতীতৰ বহু কথা ৰাইজক জনাবলৈ মোৰ মন যায়৷ মই সেই সময়ত বিৰোধী বিধায়ক আছিলোঁ৷ ৰাইজৰ বিভিন্ন সমস্যা লৈ শাসকীয় কংগ্ৰেছ চৰকাৰৰ ওচৰ পাইছিলোঁ৷ কিন্তু তেতিয়া মই বাৰে বাৰে নিৰাশ হ’বলগীয়া হৈছিল৷ মোদীয়ে শাসনলৈ আহিয়ে অসমত অসম্পূৰ্ণ ৰাষ্ট্ৰীয় প্ৰকল্পসমূহ সম্পূৰ্ণ কৰিলে৷ মই মুখ্যমন্ত্ৰী হৈ থকাৰ কালছোৱাত লখিমপুৰৰ গোগামুখত ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানৰ কাম সম্পূৰ্ণ কৰা হ’ল৷ বিজেপি চৰকাৰক পুনৰ শাসনলৈ আনিলে আমি আৰু বহুতো ৰাষ্ট্ৰীয় প্ৰকল্প লাভ কৰিবলৈ সক্ষম হ’ম৷ এসময়ত দিল্লী আমাৰ কাৰণে বহুদূৰ আছিল৷ দিল্লীলৈ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সমস্যাৰ খবৰ গৈ নাপাইছিল৷ আশাহীনতাত ভুগি থকা উত্তৰ-পূৰ্বাঞ্চলবাসীক উদ্ধাৰৰ বাবে শাসনলৈ আহিছিল নৰেন্দ্ৰ মোদীৰ চৰকাৰ৷ বিগত ১০বছৰত মোদী নিজে ৬০বাৰতকৈও অধিক উত্তৰ-পূব ভাৰত ভ্ৰমণ কৰিছে৷ তেওঁ নিৰ্দেশমৰ্মে কেন্দ্ৰীয় মন্ত্ৰীসকলেও প্ৰায় ৯০০বাৰতকৈও অধিক উত্তৰ-পূব ভাৰত ভ্ৰমণ কৰিছে৷ এতিয়া দিল্লী আমাৰ বাবে দূৰ নহয়৷ দিল্লীয়ে নিজে আহি দিছপুৰ, ডিব্ৰুগড় পাইছেহি৷ চাহ জনগোষ্ঠীৰ লোকসকলক উদ্দেশ্যি সৰ্বানন্দ সোণোৱালে কয়, বিজেপি চৰকাৰৰ সদায় আপোনালোকৰ প্ৰতি সদ্ভাৱ আছে৷ আমাৰ চৰকাৰৰ দিনত বিভিন্ন জনকল্যানমূলক আঁচনিৰে চাহ জনজাতীয় ৰাইজৰ জীৱনৰ মান উন্নত কৰিবলৈ নীৰৱচ্ছিন্ন প্ৰয়াস কৰা হৈছে৷ স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবে চাহ বাগিচাৰ শ্ৰমিকসকলৰ বাবে ১২লাখ বেংক একাউণ্ট খোলা হৈছে৷ মজুৰি ক্ষতিপূৰণ আঁচনিৰ অধীনত গৰ্ভৱতী মহিলা চাহ শ্ৰমিকসকলক ১৫,০০০ টকাকৈ বিত্তীয় অনুদান, ৭.৫ লাখতকৈও অধিক চাহ শ্ৰমিকলৈ চাহ বাগিচা ধন পুৰস্কাৰ মেলাৰ অধীনত ৮,০০০ টকাকৈ বিত্তীয় অনুদান আগবঢ়োৱা হৈছে৷ আপোনালোকে জানি ভাল পাব যে অসম বিধানসভাৰ মজিয়াত এটা দিন ১২৬জন বিধায়কে চাহ শ্ৰমিকৰ তথা চাহ উদ্যোগত হোৱা বিভিন্ন সমস্যাক লৈ আলোচনাত মিলিত হৈছিল৷ এয়া একমাত্ৰ আপোনালোকৰ প্ৰতি থকা বিজেপি চৰকাৰৰ সদিচ্ছাৰ বাবেহে সম্ভৱ হৈছে৷ এনেকুৱা আৰু বহুত উদাহৰণ পৰি আছে৷ আজিৰ সভাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে উপস্থিত থাকে শদিয়া সমষ্টিৰ বিধায়ক বলিন চেতিয়া, জোনাই সমষ্টিৰ বিধায়ক ভুৱন পেগু প্ৰমুখ্যে দলীয় সতীৰ্থ আৰু বিষয়ববীয়াসকল৷

এটকাও নোলোৱাকৈ এক লাখক চাকৰি দিলোঁ : মুখ্যমন্ত্ৰী

‘আমাৰ অসম’ৰ টিংখাঙৰ প্ৰতিবেদক : অসমত এতিয়া দ্ৰুতগতিত উন্নয়ন হৈছে৷ বন্দুক-বাৰুদ এৰি এতিয়া সকলোৱে উন্নয়নৰ গতিত অংশীদাৰ হৈছে৷ আমি নিজকে ৰাইজৰ সেৱাত সমৰ্পণ কৰি এটাৰ পাছত এটাকৈ ৰাইজৰ মংগলৰ বাবে আঁচনি প্ৰস্তুত কৰিছোঁ৷ আমি কোৱাৰ দৰেই একপইচাও উৎকোচ নোলোৱাকৈ এক লাখ যুৱক, যুৱতীক চাকৰি দিলোঁ৷ এতিয়া আকৌ নতুনকৈ পঞ্চাশ হাজাৰ লোকক চাকৰি দিম৷ চহৰে-নগৰে, গ্ৰামাঞ্চলে গ্ৰামাঞ্চলে এতিয়া উন্নয়নৰ জোৱাৰ বৈছে৷ এয়াই প্ৰকৃত জাতীয়তাবাদ৷ একাংশই আকৌ কেৱল ক্ষমতা দখলৰ বাবে জাতীয়তাবাদৰ কথা কৈ ৰাইজৰ কাষ চাপি ভোট বিচাৰিছে৷ ৰাইজে তেওঁলোকক বুজি পাইছে৷ সেয়েহে নিৰ্বাচনত তেওঁলোকক বৰ্জন কৰিব৷ অসমত এতিয়া ভণ্ড জাতীয়তাবাদৰ কাম নাই৷ এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ৷ আজি টিংখাঙৰ ঔগুৰিত এক বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে এনেদৰে কয়৷ দহ সহস্ৰাধিক ৰাইজক উদ্দেশ্যি দিয়া ভাষণত তেওঁ কয়– ৰেচন কাৰ্ড থকা, অৰুণোদয় আঁচনি নোপোৱা সকলোৱে অৰুণোদয় আঁচনি লাভ কৰাটো খাটাং৷ হাইস্কুল শিক্ষান্ত পৰীক্ষা পাছ কৰি মহাবিদ্যালয়ত সকলো ছাত্ৰীয়ে বিনামূলীয়াকৈ নামভত্তিৰ্ কৰিব পাৰিব৷ নামভত্তিৰ্ কৰা প্ৰতিগৰাকী ছাত্ৰীৰ বেংক একাউণ্টত দহ হাজাৰকৈ চৰকাৰে দিব৷ তেনেদৰে বিশ্ববিদ্যালয় পৰ্যায়তো একেই ব্যৱস্থা থাকিব৷ টিংখাঙৰ চৰাইহাবিত শীঘ্ৰে চিৰিয়াখানা নিৰ্মাণ হ’ব৷ জনকল্যাণমুখী আৰু বহু আঁচনিৰ কথাও চৰকাৰে চিন্তা-চৰ্চা কৰি আছে বুলিও মুখ্যমন্ত্ৰীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে৷ মন্ত্ৰী বিমল বড়াক এজন সুদক্ষ জনপ্ৰতিনিধি হিচাপে অভিহিত কৰি মুখ্যমন্ত্ৰীয়ে কয় - মন্ত্ৰী বিমল বড়াৰ উদ্যোগ আৰু সাংস্কৃতিক বিভাগত এতিয়া প্ৰকৃত জাতীয়তাবাদৰ বিপ্লৱ আৰম্ভ হৈছে৷ অসমীয়াৰ স্বাভিমান বিহু আৰু গামোচা বিশ্বত জিলিকিছে৷ টিংখাঙৰ আলু বহুজাতিক কোম্পানীয়ে ক্ৰয় কৰি অসমতে উদ্যোগ স্থাপন কৰিছে৷ সৰ্বানন্দ সোণোৱালৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰীয়ে সোণোৱালক বিপুল ভোটৰ ব্যৱধানত জয়ী কৰাবলৈ ৰাইজক আহ৩ান জনায়৷ সভাত মন্ত্ৰী বিমল বড়া, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, বিজেপিৰ মুখপাত্ৰ সুভাষ দত্ত, লক্ষ্য কোঁৱৰ, অগপ দলৰ যোগেশ বিকাশ চেতিয়া, সুবোধ কুমাৰ গগৈসহ বহু দলীয় নেতা উপস্থিত থাকে৷ হাজাৰোধিক মহিলাই স্কুটী ৰেলীৰে মুখ্যমন্ত্ৰীক সভালৈ আদৰি আনে৷