Logo
image

অমিত শ্বাহৰ অসম ভ্ৰমণ স্থগিত

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৬ এপ্ৰিল : কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণ স্থগিত ৰখা হৈছে৷ লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে ৭ আৰু ৮ এপ্ৰিলত গৃহমন্ত্ৰী অমিত শ্বাহে অসমলৈ অহাৰ কথা আছিল যদিও শুকুৰ বাৰে আকস্মিকভাৱে সেই ভ্ৰমণ বাতিল কৰে৷ অৱশ্যে অমিত শ্বাহৰ অসম ভ্ৰমণ স্থগিত ৰখাৰ প্ৰকৃত কাৰণ ৰাজহুৱা কৰা নাই যদিও ৰাজ্যিক বিজেপি নেতৃত্বই ৭-৮ এপ্ৰিলৰ পৰিৱৰ্তে ১১ এপ্ৰিলত প্ৰচাৰৰ বাবে অমিত শ্বাহ অসমলৈ অহাৰ সম্ভাৱনা ব্যক্ত কৰিছে৷ উল্লেখ্য, ৭-৮ এপ্ৰিলত উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণৰ বাবে দিন ঘোষণা কৰা বিজেপিৰ অন্যতম ষ্টাৰ কেম্পেইনাৰ অমিত শ্বাহে নগাঁও সমষ্টিৰ হোজাই আৰু লখিমপুৰ সমষ্টিৰ লগতে আৰু শোণিতপুৰ সমষ্টিৰ গহপুৰতো এখনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লোৱাৰ কথা আছিল৷ এই নিৰ্বাচনী প্ৰচাৰ সভাৰ বাবে বিজেপিৰ ৰাজ্যিক নেতৃত্বই সম্পূৰ্ণ প্ৰস্তুতি চলাইছিল৷ শেষ মুহূৰ্তত কেন্দ্ৰীয় গৃহমন্ত্ৰীজনে ভ্ৰমণ সূচী স্থগিত ৰখাত দলীয় কৰ্মীসকলৰ আশাত যেন চেঁচা পানী পৰিল৷ অৱশ্যে গৃহমন্ত্ৰীৰ অসম ভ্ৰমণ চুড়ান্ত নহ’লেও বিহুৰ পাছতেই ১৭ এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমত নিৰ্বাচনী প্ৰচাৰ সভাত দলীয় কৰ্মী-ভোটাৰক সম্বোধন কৰিব৷ প্ৰধানমন্ত্ৰীয়ে উক্ত দিনা নলবাৰীত এখন দলীয় প্ৰচাৰ সভাত অংশ ল’ব৷

হিমন্তবিশ্ব শৰ্মা এতিয়া সৰ্বভাৰতীয় নেতা : ভৱেশ কলিতা

শিৱসাগৰৰ পৰা মনোজ কুমাৰ গগৈ [আমাৰ অসম] : ‘অৰুণোদয় আঁচনিৰ ফৰ্ম প্ৰাৰ্থীয়ে দিব পাৰিব৷ ক’ত দিব নোৱাৰে বুলি লিখা আছে৷ ফৰ্ম দিব পাৰিব৷ এলটমেণ্ট দিব নোৱাৰে৷ এয়া ইক’ন’মিকেল ছাৰ্ভে৷ দলৰ সভাপতি হিচাপে কৈছোঁ৷ ইলেকচনৰ পাছত আমিহে দিম৷ ৰাইজৰ দলৰ মানুহে দিব পাৰিব নেকি?’ –এই মন্তব্য ভাৰতীয় জনতা পাৰ্টিৰ অসম ৰাজ্যিক সমিতিৰ সভাপতি ভৱেশ কলিতাৰ৷ আজি শিৱসাগৰ নগৰৰ কালীপ্ৰসাদ সোঁৱৰণী ভৱনত আয়োজিত বিজেপি দলৰ এখন সভাত বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই সাংবাদিকৰ আগত এই মন্তব্য আগবঢ়ায়৷ সমাগত লোকসভা নিৰ্বাচনৰ সম্পৰ্কে উল্লেখ কৰি ভৱেশ কলিতাই সাংবাদিকৰ আগত কয় - ‘‘প্ৰথম পৰ্যায়ৰ পাঁচটা লোকসভাত ভাৰতীয় জনতা পাৰ্টিৰ তথা বিজেপি মিত্ৰদলৰ প্ৰাৰ্থী পাঁচখনতেই জিকিব৷ আনহাতে, দ্বিতীয় পৰ্যায়ৰ পাঁচখন লোকসভাত আমি কমফ’ৰটেবল জ’নত আছোঁ৷ ইয়াত এতিয়া যিটো পৰিৱেশ দেখিবলৈ পাইছোঁ, ইয়াৰ জনতা যিদৰে ওলাই গৈছে, সমগ্ৰ ভাৰতবৰ্ষত মোদীময় হৈ পৰিছে৷ যোৰহাট, শিৱসাগৰ আৰু চৰাইদেউত সেই একেই পৰিৱেশ দেখিবলৈ পাইছোঁ৷ নিশ্চিতভাৱে তপন কুমাৰ গগৈ শিৱসাগৰ সমষ্টিত বিপুল ভোটত লীড ল’ব৷” আন এক প্ৰসঙ্গত ভৱেশ কলিতাই সাংবাদিকক কয়– ‘মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এতিয়া অসমৰ নেতা নহয়৷ সৰ্বভাৰতীয় স্তৰলৈ গৈছে৷ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আগবাঢ়িবলৈ সক্ষম হৈছে৷ ইপিনে, যোৰহাট লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থী সাংসদ তপন কুমাৰ গগৈৰ হৈ আজি আগন্তুক লোকসভা নিৰ্বাচনী প্ৰচাৰৰ বাবে শিৱসাগৰত উপস্থিত হোৱা বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই পাঁচশ লোক উপস্থিত থকা নিৰ্বাচনী প্ৰচাৰ সভাত ভাষণ প্ৰসঙ্গত কংগ্ৰেছ দলক ‘নচলা দুটকীয়া নোট’ বুলি আখ্যা দিয়াৰ লগতে ‘পাংচাৰ গাড়ী’ৰ সৈতে কংগ্ৰেছ দলক তুলনা কৰে৷

বিজনীত মন্ত্ৰী ৰঞ্জিতৰ উপস্থিতিত তিনি শতাধিক বিজেপিলৈ

‘আমাৰ অসম’ৰ বিজনীৰ প্ৰতিবেদক : লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যৰ ৰাজনৈতিক দলসমূহৰ মাজত বৃদ্ধি পাইছে নিৰ্বাচনী তৎপৰতা৷ ইয়াৰ মাজতে আজি চিৰাং জিলাৰ বিজনীত মন্ত্ৰী ৰঞ্জিত দাসৰ উপস্থিতিত বিজেপিৰ এক যোগদান কাৰ্যসূচীত তিনিশ লোকে বিজেপি দলত যোগদান কৰে৷ বিজনীৰ আনন্দ বজাৰত অনুষ্ঠিত উক্ত যোগদান কাৰ্যসূচীত বিপিএফ আৰু নৱ শৰণীয়াৰ গণ সুৰক্ষা পাৰ্টীৰ প্ৰায় তিনিশ কৰ্মী-সমৰ্থকে বিজেপিত যোগদান কৰে৷ ২০১৪ চনত দেশত নৰেন্দ্ৰ মোদীৰ চৰকাৰ প্ৰতিষ্ঠা হোৱাৰ পাছত শান্তি আহিছে, পৰৱৰ্তী প্ৰধানমন্ত্ৰী মোদী, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ইফালে প্ৰমোদ বড়োৰ নেতৃত্বত প্ৰগতিৰ দিশত আগবাঢ়িছে৷ যাৰ ফলত বিজেপি ইউপিপিএলত যোগদান কৰিবলৈ ওলাই আহিছে বুলি সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰে মন্ত্ৰী ৰঞ্জিত দাসে৷ তেওঁ কয় যে মই বিজেপিৰ সভাপতি থাকোঁতে ৪২ লাখ সদস্য আছিল, পৰৱৰ্তী ৫৬লাখ সদস্য কৰাৰ পৰিকল্পনা আছে৷ ত্ৰিপুল ইঞ্জিনৰ চৰকাৰে যি প্ৰগতি আনিছে তাৰবাবে বিজেপি বা ইউপিপিএলত যোগদান কৰি আছে আৰু ইফালে কংগ্ৰেছ আৰু বিপিএফ শূন্য হ’বলৈ গৈ আছে৷ এইবাৰ লোকসভা নিৰ্বাচনত ফুলনি মানে বাগিচা, বাগিচা মানে ফুলনি, গতিকে, পদুম ফুল মানে ট্ৰেক্টৰ, ট্ৰেক্টৰ মানে পদুম ফুল৷ গতিকে ৰনং কোক্‌ৰাঝাৰ লোকসভা সমষ্টিত এনডিএ সমৰ্থিত প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক ট্ৰেক্টৰৰ ছবিত ভোট দিবলৈ আহ৩ান জনায়৷ উক্ত কাৰ্যসূচীত বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়, বিটিআৰৰ কাৰ্যবাহী সদস্য গৌতম দাস, পাৰিষদ প্ৰভাত বসুমতাৰী, চিৰাং জিলা বিজেপিৰ সভাপতি ৰতন চন্দ্ৰ ৰায়সহ কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷