Logo
image

৪ মাহৰ ভিতৰত সলনি হ’ব মুখ্যমন্ত্ৰী

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৬ এপ্ৰিল : তুংগত উঠিছে মুখ্যমন্ত্ৰী ড॰ হিমন্তবিশ্ব শৰ্মা আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ বাকযুদ্ধ৷ ২০২৫ চনত ভূপেন বৰা কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰিব বুলি মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই বাৰম্বাৰ দাবী কৰি থকাৰ বিপৰীতে আগন্তুক ৪ মাহৰ ভিতৰত অসমৰ মুখ্যমন্ত্ৰীয়ে সলনি হ’ব বুলি ভৱিষ্যত বাণী কৰিছে সভাপতি বৰাই৷ সংবাদ মাধ্যমৰ আগত শুকুৰবাৰে এই ভৱিষ্যত বাণী কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে কয়– আপোনালোকে যিজন মানুহক এতিয়া মুখ্যমন্ত্ৰী বুলি কৈ আছে ৪ মাহৰ পাছত এইজনক প্ৰাক্তন মুখ্যমন্ত্ৰী বুলি ক’ব লাগিব৷ মই লিখি দিম কাগজত৷ ৪ মাহৰ ভিতৰত অসমৰ মুখ্যমন্ত্ৰী বদলি হ’ব৷ ভ্ৰষ্টাচাৰ, দুৰ্নীতিত নিমজ্জিত কোনো লোকৰ বিৰুদ্ধে যেতিয়া অভিযোগ সাব্যস্ত হয় তেতিয়া বিজেপিয়ে মুখ্যমন্ত্ৰী কৰি নাৰাখে৷ হাৰিয়ানা, কৰ্ণাটক, মধ্যপ্ৰদেশ, ৰাজস্থান, ত্ৰিপুৰাত মুখ্যমন্ত্ৰী বদলি কৰিলে বিজেপিয়ে৷ এইবাৰ অসমত বদলি কৰিব৷ বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ নামৰ সন্মুখত প্ৰাক্তন শব্দটো ব্যৱহাৰ কৰিবলৈ লাহে লাহে আৰম্ভ কৰক৷ আমি ৫ খন আসনত জয়ী হ’ম৷ কংগ্ৰেছে ৬০ বছৰত কৰিব নোৱাৰা কাম বিজেপিয়ে ৬০ মাহত কৰি দিব বুলি কৈছিল৷ এতিয়া ১২০ মাহ হ’ল৷ ৰাইজে হিচাপ কৰিব বিজেপিৰ ব্যৰ্থতাক৷ ১২শ টকা আৰু ৫ কেজি চাউলৰ বাবে অসমীয়া লোকে পৰিৱৰ্তনৰ শ্লোগান দিয়া নাছিল৷ আনহাতে, প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনৰ এই ভৱিষ্যত বাণীৰ প্ৰত্যুত্তৰ দি মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই কয়– ভূপেন বৰাক আমি মুখ্যমন্ত্ৰী পাতিব বিচাৰিয়ে আছো৷ মোৰ সেইটো চেষ্টাই চলি আছে৷ কোৱাত কাৰো একো আপত্তি নাই৷ মই তাত যুক্তি তৰ্ক কৰি কি লাভ হ’ব৷