Logo
image

আয়োগৰ নিৰ্দেশলৈ বাট চাব মুখ্যমন্ত্ৰীয়ে

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৭ এপ্ৰিল : নিৰ্বাচন আচৰণবিধি ভংগ কৰি বিজেপি দলে ৰাজ্যত আৰ্থ-সামাজিক সমীক্ষা চলোৱাৰ লগতে ভোটাৰৰ মাজত ব্যাপক হাৰত প্ৰ-পত্ৰ বিতৰণ কৰি আছে৷ শুকুৰবাৰে বিজেপি দলৰ বিৰুদ্ধে নিৰ্বাচন আয়োগৰ ওচৰত চিপিআই[এম] দলে এই অভিযোগ দাখিলৰ পাছতে আয়োগে অসম বিজেপিক শ্ব’কজ কৰে৷ শীঘ্ৰে বিজেপিয়ে এই শ্ব’কজৰ উত্তৰ দিব লাগিব৷ ইয়াৰ পাছতে আয়োগে এইক্ষেত্ৰত নিজৰ নিৰ্দেশনা দিব৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আয়োগৰ এই নিৰ্দেশনালৈ অপেক্ষা কৰিব বিচাৰিছে৷ ইয়াৰ বিপৰীতে প্ৰদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতাই আয়োগৰ শ্ব’কজৰ সিদ্ধান্তক মুকলি প্ৰত্যাহ৩ান জনায়৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আয়োগৰ ভূমিকাত কিছু নমনীয় স্থিতি গ্ৰহণ কৰি কয়– আমি যদি কিবা নিয়ম উলংঘা কৰিছোঁ তেন্তে নিৰ্বাচন আয়োগক অভিযোগ দিব লাগে৷ আয়োগৰ নিৰ্দেশলৈ বাট চাব তেওঁলোকে অভিযোগ দিলে হ’ল যে এইটো কাম কৰি বিজেপিয়ে নিৰ্বাচনী আচৰণবিধি ভংগ কৰিছে৷ যদি আমি নিৰ্বাচনী আচৰণবিধি ভংগ কৰিছোঁ তেন্তে সংশোধনী কৰিম৷ আৰু যদি ভংগ কৰা নাই তেন্তে আমি আমাৰ কৰ্তব্য পথত আগুৱাই যাম৷ আচৰণবিধি ভংগ কৰিলে নিৰ্বাচন আয়োগে ব্যৱস্থা ল’ব৷ আনহাতে, বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই বিষয়টো সন্দৰ্ভত হুংকাৰ দি কয়– চাও দম আছে যদি মোক গ্ৰেপ্তাৰ কৰক৷ প্ৰ-পত্ৰখন বিতৰণ কৰিবলৈ আমি দিছোঁ৷ আমাৰ কৰ্মী বুথে বুথে যাব৷ যিসকলে প্ৰ-পত্ৰ পূৰণ কৰা নাই তেওঁলোকক পূৰণ কৰাই দিব৷ নিৰ্বাচনৰ পাছত ইয়াৰ সুবিধা আমিয়ে দিম৷ ৰাইজৰ দলে দিব পাৰিব নেকি এই সুবিধা৷ দম আছে নেকি তেওঁলোকৰ৷ আমাক শ্বকজ দিছে৷ কিন্তু আমি কি ধাৰা উলংঘা কৰিছোঁ দেখুৱাই দিয়ক৷ প্ৰ-পত্ৰ বিলাব নোৱাৰিব বুলি ক’ত লিখা আছে৷ উল্লেখ্য, সমাগত লোকসভা নিৰ্বাচনৰ জাননী প্ৰকাশ আৰু নিৰ্বাচনী আচৰণ বিধি বলৱৎ হৈ থকাৰ মাজতে অসম বিজেপিয়ে চৰকাৰী নীতি-নিয়ম ভংগ আৰু নিৰ্বাচনী আচৰণ বিধি উলংঘন কৰি ভোটাৰ ৰাইজক প্ৰলোভিত কৰাৰ অভিযোগ তুলি চিপিআই[এম]ৰ অসম ৰাজ্যিক কমিটিয়ে অসমৰ মুখ্য নিৰ্বাচনী বিষয়ালৈ পত্ৰ প্ৰেৰণ কৰে৷ ৪ এপ্ৰিলত চিপিআই[এম]ৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰে প্ৰেৰণ কৰা অভিযোগ-পত্ৰত বিজেপিৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি কোৱা হয় যে ৰাজ্যৰ শাসক বিজেপি দলে নিৰ্বাচনী আচৰণ বিধি প্ৰযোজ্য হৈ থকাৰ সময়তে ৰাজ্যত আৰ্থ-সামাজিক সমীক্ষা চলোৱাৰ নামত ভোটাৰ ৰাইজৰ মাজত ব্যাপক হাৰত এখন প্ৰ-পত্ৰ বিতৰণ কৰিছে৷ প্ৰ-পত্ৰখন পূৰণ কৰিলেই ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালক পৰ্যায়ক্ৰমে ৰাজ্য চৰকাৰৰ অৰুণোদয় আঁচনিৰ অন্তৰ্ভুক্ত কৰাৰ প্ৰতিশ্ৰুতি দিয়া হৈছে৷ লগতে প্ৰ-পত্ৰত উল্লেখ কৰা হৈছে– ‘এয়া ডাবল ইঞ্জিন চৰকাৰৰ গেৰাণ্টী’৷ আনকি প্ৰ-পত্ৰখনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফটোও প্ৰদৰ্শন কৰা হৈছে৷ শাসক বিজেপি দলে চৰকাৰী ক্ষমতাৰ অপব্যৱহাৰ আৰু নিৰ্বাচনী আচৰণ বিধি ভংগ কৰি ভোটাৰ সকলক প্ৰলোভিত কৰাৰ এয়া নিকৃষ্ট কৌশল বুলি চিপিআই[এম]ৰ অসম ৰাজ্যিক কমিটিয়ে মুখ্য নিৰ্বাচনী বিষয়াৰ ওচৰত অভিযোগ দাখিল কৰে৷ ইয়াৰ বিৰুদ্ধে কঠোৰ অৱস্থান গ্ৰহণ তথা আগন্তুক নিৰ্বাচনটোত সকলো দলৰ প্ৰচাৰৰ বাবে সমতল ক্ষেত্ৰ প্ৰস্তুত কৰি সুস্থ আৰু নিকা নিৰ্বাচন নিশ্চিত কৰিবলৈ নিৰ্বাচন আয়োগৰ প্ৰতি আহ্বান জনায় দলটোৱে হৈছে৷ আয়োগে এই অভিযোগৰ ভিত্তিত বিজেপি দলক শ্বকজ কৰাৰ পাছতে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে চিপিআই[এম] দলে৷ শাসক বিজেপিৰ দ্বাৰা ৰাজ্যত নিৰ্বাচনী আচৰণ বিধি ভংগ সম্পৰ্কে চিপিআই[এম]ৰ অভিযোগ সংক্ৰান্তত অসমৰ মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ পৰা বিজেপিলৈ জাৰি কৰা জাননী সন্দৰ্ভত চিপিআই[এম]ৰ অসম ৰাজ্যিক কমিটিৰ কাৰ্যালয়ত এখন সংবাদ মেলত সম্বোধন কৰে পাৰ্টিৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰ আৰু কেন্দ্ৰীয় কমিটিৰ সদস্য ইচ্‌ফাকুৰ ৰহমানে৷ সম্পাদক সুপ্ৰকাশ তালুকদাৰে সংবাদ মেলত পাৰ্টিৰ অভিযোগ সন্দৰ্ভত ৰাজ্যৰ মুখ্য নিৰ্বাচনী  বিষয়াই ক্ষিপ্ৰ পদক্ষেপ গ্ৰহণ কৰাত সন্তোষ প্ৰকাশ কৰে আৰু এই পদক্ষেপক আদৰণি জনায়৷ তালুকদাৰে শাসক দলটোৱে নিৰ্বাচন  আয়োগৰ ওচৰত সন্তোষজনক উত্তৰ দিব নোৱাৰিলে তেওঁলোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল’বলৈ সংশি¡ষ্ট কতৃৰ্পক্ষক দাবী জনায়৷ লক্ষণীয়ভাৱে ৰাজ্যিক বিজেপিৰ সভাপতিলৈ অসমৰ মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ পৰা ৫ এপ্ৰিলত জাৰি কৰা কৈফিয়ৎ তলৱৰ জাননীখনত কোৱা হয়– ‘...সাধাৰণভাৱে কিছুমান নিৰ্বাচনী প্ৰতিশ্ৰুতি ঘোষণা কৰিব পাৰি যিবোৰ পূৰণ কৰা সম্ভৱ৷ কিন্তু সুনিৰ্দিষ্ট সমীক্ষা, প্ৰপত্ৰ বিতৰণ আৰু তথ্য সংগ্ৰহে এনে প্ৰতিশ্ৰুতি দানৰ প্ৰক্ৰিয়াটোক অনৈতিক তথা কিনা-বেচা প্ৰক্ৰিয়াত পৰিণত কৰি পেলাব৷ ই হ’ব ভোটাৰ সকলক প্ৰলোভিত কৰা ধৰণৰ পদক্ষেপ৷ এনে পদক্ষেপ বিভিন্ন আইনগত বিধি-বিধান আৰু নিৰ্বাচনী আচৰণ বিধিৰ দ্বাৰা নিষিদ্ধ৷ প্ৰাথমিক অনুসন্ধানৰ পৰা এইটো দেখা গৈছে যে প্ৰতীক চিহ্নসহ আপোনাৰ দলৰ ষ্টাৰ কেম্পেইনাৰৰ ফটো সম্বলিত এই প্ৰ-পত্ৰসমূহে নিৰ্বাচনী আচৰণ বিধি ভংগ কৰিছে৷...”