Logo
image

সোণোৱালৰ ঘৰত লুৰীণ আমিনুলৰ ঘৰত প্ৰদ্যুৎ

‘আমাৰ অসম’ৰ নগাঁৱৰ ষ্টাফ ৰিপ’ৰ্টাৰ আৰু ডিব্ৰুগড়ৰ প্ৰতিবেদক, ৭ এপ্ৰিল: ভোটৰ বতৰত নেতাৰ ইজনৰ প্ৰতি সিজনৰ কটুবাক্যবাণ শ্লেষোক্তিৰ বিপৰীতে দুখন বিপৰীত ছবিয়ে মূল্যবোধ আৰু ৰুচিশীল ৰাজনীতিক প্ৰতিফলিত কৰিছে৷ ইয়াৰে এখন ছবি হৈছে ডিব্ৰুগড়ৰ আৰু আনখন হৈছে নগাঁৱৰ৷ প্ৰথমখনৰ কেন্দ্ৰবিন্দু হৈছে ডিব্ৰুগড়ৰ বিৰোধী ঐক্যমঞ্চৰ উমৈহতীয়া প্ৰাৰ্থী তথা জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ৷ দ্বিতীয়খন ছবিৰ কেন্দ্ৰবিন্দু হৈছে নগাঁৱৰ কংগ্ৰেছ তথা বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ৷ লক্ষণীয় যে লোকসভা নিৰ্বাচনৰ মাজতে কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ বাসগৃহত উপস্থিত হয় বিৰোধী ঐক্য মঞ্চৰ উমৈহতীয়া প্ৰাৰ্থী তথা অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ৷ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মুলুকগাঁওস্থিত বাসগৃহত উপস্থিত হৈ সোণোৱালৰ জ্যেষ্ঠ ভাতৃ আৰু পৰিয়ালৰ আন সদস্যসকলক সাক্ষাৎ কৰি মত-বিনিময় কৰে অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে৷ সোণোৱালৰ জ্যেষ্ঠ ভাতৃ দীপক সোণোৱালৰ সেৱা গ্ৰহণ কৰি সম্বৰ্ধনা জনায়৷ লুৰীণজ্যোতি গগৈয়ে সৰ্বানন্দ সোণোৱালৰ জ্যেষ্ঠ ভাতৃ প্ৰয়াত গিৰীশ সোণোৱালৰ পত্নী চন্দ্ৰা সোণোৱালৰ ভৰি চুই সেৱা কৰে৷ মহাভাৰতৰ গান্ধাৰীৰ দৰে সোণোৱালৰ বৌয়েক চন্দ্ৰা সোণোৱালে লুৰীণজ্যোতি গগৈক– ‘তুমি জয়ী হোৱা’ বুলি আশীৰ্বাদ দিয়ে৷ ইয়াৰ পাছতে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে সংবাদ মাধ্যমৰ আগত সোণোৱালৰ পৰিয়ালটোৰ সন্দৰ্ভত কয় যে, সৰ্বানন্দ সোণোৱালৰ বাসগৃহলৈ আহি জ্যেষ্ঠ ভাতৃৰ পৰা আশীৰ্বাদ বিচাৰিবলৈ আহিছোঁ৷ যাতে অসমৰ জাতীয় জীৱনৰ কাৰণে সদায় কাম কৰি থাকিব পাৰোঁ৷ অসমবাসীৰ সেৱাত যাতে ওৰেটো জীৱন উৎসৰ্গা কৰিব পাৰোঁ৷ এই নিৰ্বাচনত সফলতাৰে জয়লাভ কৰিব পাৰোঁ তাৰ বাবে সোণোৱালৰ জ্যেষ্ঠ ভাতৃৰ পৰা আশীৰ্বাদ ল’লো৷ মূল্যবোধৰ ৰাজনীতি সন্দৰ্ভত তেওঁ কয় যে, আমি সততে মূল্যবোধৰ ৰাজনীতিৰ কথা কৈ থাকো৷ গুণগত ৰাজনীতিৰ পৰিৱেশৰ কথা আমি সদায় কৈ আহিছোঁ৷ সেই গুণগত ৰাজনীতিৰ আদৰ্শ সৃষ্টি কৰিবৰ কাৰণে সৰ্বানন্দ সোণোৱালৰ বাসগৃহলৈ আহিছোঁ৷ সাম্প্ৰতিক সময়ত মূল্যবোধৰ ৰাজনৈতিক সংস্কৃতি অৱক্ষয় ঘটা বুলি লুৰীণজ্যোতি গগৈয়ে উল্লেখ কৰি আৰু কয়, চাৰিওফালে ঘৃণাৰ পৰিৱেশ সৃষ্টি কৰা, নিম্ন পৰ্যায়ত আক্ৰমণ, অৰুচীপূৰ্ণ মন্তব্যই আমাৰ ৰাজনৈতিক সংস্কৃতিত প্ৰভাৱ পেলায়৷ সুস্থ মূল্যবোধৰ ৰাজনীতি আৰু দেশৰ গণতন্ত্ৰ তথা সংবিধানৰ কাৰণে খুবেই প্ৰয়োজন৷ দেশৰ গণতান্ত্ৰিক প্ৰমূল্য, ঐতিহ্য আছে৷ আমি সদায় গুণগত ৰাজনীতি পোষকতা কৰি আহিছোঁ৷ মূল্যবোধৰ ৰাজনীতিয়ে দেশৰ গণতন্ত্ৰক শক্তিশালী ৰূপত প্ৰতিনিধিত্ব কৰি আহিছে৷ তদুপৰি এই নিৰ্বাচনী যুঁজক আদৰ্শৰ যুঁজ বুলি উল্লেখ কৰি লুৰীণজ্যোতি গগৈয়ে আৰু কয়, মানুহৰ জীৱনৰ মৌলিক সমস্যা, জাতীয় প্ৰশ্ন, নিস্পত্তি নোহোৱা জাতীয় সমস্যাবোৰক লৈ উত্থাপন কৰা হঅব৷ আদৰ্শগতভাৱে কিছু বিষয়ত তৰ্ক-বিতৰ্ক হঅবই৷ ব্যক্তিগত আক্ৰমণ, শে¡ষাত্মক মন্তব্য ৰাজনীতিত ঠাই পোৱাটো উচিত নহয়৷ উল্লেখযোগ্য যে, লুৰিণজ্যোতি গগৈক আজি সংগ দিয়ে ডিব্ৰুগড় জিলা কংগ্ৰেছৰ প্ৰশাসনিক সাধাৰণ সম্পাদক ৰাজকুমাৰ নীলনেত্ৰ নেওগ আদিৰ লগতে ভালেসংখ্যক অসম জাতীয় পৰিষদ আৰু বিৰোধী ঐক্য মঞ্চৰ বিষয়ববীয়াই উপস্থিত থাকে৷ ইফালে, নগাঁৱৰ কংগ্ৰেছ তথা মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে এদিন পূৰ্বে মনোনয়ন-পত্ৰ দাখিল কৰিয়েই প্ৰতিদ্বন্দ্বী এআইইউডিএফৰ প্ৰাৰ্থী তথা ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামৰ বাসগৃহত নিশা উপস্থিত হৈ ইছলামৰ পিতৃ প্ৰয়াত মুফটি খাইৰুল ইছলামৰ সমাধিত প্ৰাৰ্থনা কৰে৷ ৰূপহীহাট সমষ্টিৰ কংগ্ৰেছৰ বিধায়ক নুৰুল হুদায়ো বৰদলৈক সংগ দিয়ে৷ এই সন্দৰ্ভত প্ৰদ্যুৎ বৰদলৈয়ে কয়– ‘প্ৰয়াত মুফটি খাইৰুল ইছলাম সৰ্বজন শ্ৰদ্ধেয় ধৰ্মীয় নেতা৷ তেওঁৰ সৈতে মোৰ দীৰ্ঘদিনীয়া সুসম্পৰ্ক আছিল৷ তেওঁৰ বিয়োগৰ পাছত জানাজাতো মই নিজে উপস্থিত আছিলোঁ৷ সাম্প্ৰদায়িক সদ্ভাৱ, সম্প্ৰীতিৰ বাবে মই তেখেতৰ সমাধিত আজি প্ৰাৰ্থনা কৰিছোঁ৷’