Logo
image

প্ৰণৱজ্যোতি ডেকা প্ৰয়াত

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৭ এপ্ৰিল : প্ৰসিদ্ধ সাহিত্যিক, শিক্ষাবিদ, সাহিত্য অকাডেমী বঁটাপ্ৰাপক ড॰ প্ৰণৱজ্যোতি ডেকা আৰু নাই৷ শনিবাৰে দিনৰ প্ৰায় ১১ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে৷ চাৰিদিন ধৰি তেওঁ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছিল৷ ডিচেম্বৰ মাহত ডেকালৈ আগবঢ়োৱা হৈছিল সাহিত্য অকাডেমীৰ বঁটা৷ ‘ড॰ প্ৰণৱজ্যোতি ডেকাৰ শ্ৰেষ্ঠ গল্প’ শীৰ্ষক গ্ৰন্থৰ বাবে তেওঁক আগবঢ়োৱা হয় সাহিত্য অকাডেমীৰ বঁটা৷ শাৰীৰিক অসুস্থতাৰ বাবে তেওঁ উক্ত বঁটা ল’বলৈ দিল্লীলৈ নগ’ল৷ তেওঁৰ হৈ পুত্ৰ ৰবিজ্যোতি ডেকাই গ্ৰহণ কৰে সাহিত্য অকাডেমীৰ বঁটা৷ ২০২২ চনত ডেকাক প্ৰদান কৰা হৈছিল অসম প্ৰকাশন পৰিষদৰ সাহিত্য বঁটা৷ ২০১৯ চনত তেওঁক প্ৰদান কৰা হয় ক্ৰান্তিকাল সাহিত্য সন্মান৷ ২০১৮ চনত ‘বেওৱাৰিছ লাছ আৰু অন্য গল্প’ৰ বাবে প্ৰদান কৰা হয়  কুসুমাঞ্জলি সাহিত্য সন্মান৷ ২০১৭ চনত তেওঁক প্ৰদান কৰা হয় অসম সাহিত্য সভাৰ শতবৰ্ষ সাহিত্য সন্মান৷ মৃত্যুৰ সময়ত ডেকাৰ বয়স হৈছিল প্ৰায় ৮৪ বছৰ৷ মৃত্যুৰ সময়ত তেওঁ পত্নী, এগৰাকী কন্যা আৰু এজন পুত্ৰক এৰি থৈ যায়৷ প্ৰসিদ্ধ সাহিত্যিকগৰাকীৰ মৃত্যুৰ খবৰ ৰাজহুৱা হোৱাৰ পাছতে অসংখ্য গুণমুগ্ধই ভিৰ কৰে জি এম চি এইচত ৷ হাস্পতালৰ পৰা যাবতীয় নিয়ম সম্পন্ন কৰি শনিবাৰে দিনৰ প্ৰায় ১২ বজাত তেওঁৰ নশ্বৰ দেহ লৈ যোৱা হয় শিলপুখুৰীস্থিত বাসগৃহলৈ৷ তাত বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তি, সংগঠনে শ্ৰদ্ধাঞ্জলি জনায়৷ নিশা নৱগ্ৰহ শ্মশানত অসংখ্য গুণমুগ্ধৰ উপস্থিতিত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়৷  ১৯৪০ চনৰ পহিলা এপ্ৰিলত প্ৰণৱ জ্যোতি ডেকাৰ জন্ম হৈছিল কলকাতাত৷ তেওঁৰ পিতৃ আছিল প্ৰথমজন অসমীয়া বিচাৰক হলিৰাম ডেকা৷ তেওঁ ১৯৫৫ চনত গুৱাহাটীৰ ড’নবস্ক স্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল৷ কটন কলেজ আৰু বেনাৰচ হিন্দু বিশ্ববিদ্যালয়ত উচ্ছ শিক্ষা গ্ৰহণ কৰি অৰ্থনৈতিক ভূ-তত্ত্ব বিষয়ত লেনিনগ্ৰাড খনি বিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল ডেকাই৷ ৰাছিয়াত কিছুদিন কাম কৰাৰ পাছত ১৯৬৬ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূ-তত্ত্ব বিভাগৰ অধ্যাপক হিচাপে যোগদান কৰি তাৰপৰাই অৱসৰ গ্ৰহণ কৰে৷ গৱেষণাৰ ক্ষেত্ৰত তেওঁ বহু মাইলৰ খুঁটি স্থাপন কৰিছিল আনকি চৰ্যাপদৰ ক্ষেত্ৰত তেওঁ কৰা অধ্যয়ন আছিল ব্যতিক্ৰম৷ ইয়াক মূল্যায়ন কৰাৰ সলনি তথাকথিত বৌদ্ধিক তথা সাহিত্য-সমালোচকসকলে অস্বীকাৰ কৰিব নোৱাৰি মৌনতা অৱলম্বন কৰিছিল৷ দেখাত খঙাল যেন লাগিলেও মানুহজন আছিল অতি মৰমিয়াল৷ ভাষা, জাতি আৰু গৱেষণাৰ প্ৰতি তেওঁৰ আছিল প্ৰচুৰ দায়িত্ববোধ৷ কি পাইছো সেয়া তেওঁ কেতিয়াও ভাবি নাচাইছিল৷ যিসকল ছাত্ৰ তথা লোকৰ সৈতে তেওঁৰ সম্পৰ্ক গঢ় লৈ উঠিছিল সেই সম্পৰ্ক সদায় বন্ধুত্ব সুলভ হৈ পৰিছিল৷ কলিকতাত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰাৰ পাছত তেওঁ একাদিক্ৰমে কটন কলেজৰ পৰা স্নাতক আৰু বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ শিক্ষা গ্ৰহণ কৰি ৰাছিয়াৰ বিখ্যাত লেনিনগ্ৰাড মাইনিং ইনষ্টিটিউটৰ পৰা অৰ্থনৈতিক ভূতত্ত্ব বিষয়ত গৱেষণা সম্পূৰ্ণ কৰে৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ১৯৫৯ চনৰ শ্ৰেষ্ঠ স্নাতক ড॰ প্ৰণৱজ্যোতি ডেকা খনিজ ভূবিজ্ঞানৰ বিশেষজ্ঞ৷ অসমীয়া গল্প সাহিত্যৰ বুৰঞ্জীত ব্যতিক্ৰমী বিষয়বস্তু আৰু প্ৰকাশভংগীৰে সুকীয়া স্থান দখল কৰা ড॰ প্ৰণৱজ্যোতি ডেকাৰ প্ৰকাশিত গ্ৰন্থৰ সংখ্যা তুলনামূলকভাৱে তাকৰ, কিন্তু বিষয়বস্তুৰ বৈচিত্ৰ্যৰ বাবে বিশেষ আকৰ্ষণৰ কেন্দ্ৰবিন্দু৷ ব্যক্তিগত প্ৰচেষ্টাৰে ‘জ্যোতি দ্বিভাষিক অভিধান’ অকলশৰীয়াকৈ প্ৰণয়ন আৰু প্ৰকাশ কৰা ড॰ ডেকাৰ বিদ্যায়তনিক বিচৰণক্ষেত্ৰই ভাষাতত্ত্ব, ধৰ্মতত্ত্ব, সমাজতত্ত্ব, নৃগোষ্ঠীয় অধ্যয়নৰ উপৰি শিশু সাহিত্য আৰু ৰহস্য উপন্যাসলৈকে বিৰাট ব্যাপ্তি সামৰি লয়৷ অসমীয়া গল্প সাহিত্যৰ বুৰঞ্জীত ড॰ প্ৰণৱজ্যোতি ডেকাৰ ‘বেওৱাৰিছ লাছ’, ‘অনিৰ্গম পথ’, ‘কাফন’, ‘বৈহ্‌তা’, ‘মোৰে চহৰ’, ‘শ্ৰীকৃষ্ণৰ শেষ দিনটো’, ‘সোধা নহ’ল’, ‘এজাক এলেহুৱা কাউৰীৰ সাধু’ আদি গল্পই বিশেষ আসন অধিকাৰ কৰি আছে৷ তেওঁৰ প্ৰকাশিত গ্ৰন্থৰ ভিতৰত ‘জ্যোতি দ্বিভাষিক অভিধান’, ‘জ্যোতি বাইলিংগুৱেল থেছ’ৰাছ’, ‘কৈলাশ নাথ’, ‘একুৰি বছৰৰ গল্প’, ‘অনিৰ্গম পথ’, ‘এজাক এলেহুৱা কাউৰীৰ সাধু’, ‘বেওৱাৰিছ লাছ আৰু অন্য গল্প’, ‘বিহুৱতী চৰাই আৰু অন্য গল্প’, ‘চৰ্যাগীত আৰু বৌদ্ধতন্ত্ৰ’, ‘ধৰ্মৰ প্ৰাণতত্ত্ব’, ‘শ্ৰীমদ্ভাৱগত গীতাৰ টীকা-ভাষ্য লিখে কিয়?’, ‘পৰমেশ্বৰ আছে নে নাই’, ‘ৰূপোপজীৱীনী আৰু দেহোপজীৱীনী’, ‘গংগাৰাম পালোৱান আৰু বঙলা ঘৰৰ ভূত’, ‘ৰত্ন জ্যোতিষ আৰু বিজ্ঞান’, ‘পাঁচখন ৰহস্য উপন্যাস’, ‘Physiology of Religion’, ‘Scientific Evidences of Vedic Astrology’, ‘Nilachal Kamakhyaজ্ঞ Her History and Tantras’, ‘Caste Tribes and Guilds of Century Old Assam’ আদি বিশেষভাৱে উল্লেখযোগ্য৷ তেওঁৰ আত্মজৈৱনিক গ্ৰন্থ ‘জ্যোতি দ্বিভাষিকৰ বুৰঞ্জী’ আৰু ‘সোণৰ চামুচ মুখত লৈ’ পাঠক সমাজৰ মাজত বিশেষভাৱে সমাদৃত৷ ভূতত্ত্বৰ স্নাতক পাঠ্যক্ৰমৰ গ্ৰন্থ প্ৰণেতা ড॰ প্ৰণৱজ্যোতি ডেকাই মণিপুৰ চৰকাৰৰ অৰ্থনৈতিক উপদেষ্টা হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল৷ কল্পনাৰ পৰিৱৰ্তে সাহিত্যত বাস্তৱৰ প্ৰতিফলনৰ ওপৰত বিশ্বাস ৰখা ড॰ প্ৰণৱজ্যোতি ডেকাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে সাংসদ অজিত কুমাৰ ভূঞাই৷ তেওঁ কয়–ডেকাৰ সাহিত্যৰ বৈশিষ্ঠ আছিল স্পষ্টতা আৰু সাহসিকতা৷ ডেকাৰ বিয়োগ অসমৰ জাতীয় জীৱনৰ কাৰণে এক বৃহৎ ক্ষতি৷ ডেকাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে সাহিত্য অকাডেমীৰ সাধাৰণ পৰিষদৰ সদস্য দিগন্ত বিশ্ব শৰ্মাই৷ তেওঁ কয়–প্ৰণৱজ্যোতি ডেকাৰ বিয়োগ অসম আৰু অসমীয়া সাহিত্যৰ বাবে অপূৰণীয় ক্ষতি৷ ডেকাৰ মৃত্যুত শৰৎ চন্দ্ৰ গোস্বামী ভাষা গৱেষণা কেন্দ্ৰৰ আহ্বায়ক ধ্ৰুৱজ্যোতি শৰ্মা, আছুৰ মুখ্য উপদেষ্টা ড॰ সমুজ্জ্বল ভট্টাচাৰ্য, সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ নেতৃত্বই গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জনায়৷ অসমীয়া সাহিত্যত এক বিশিষ্ট গদ্যৰীতিৰ প্ৰৱৰ্তক, সাহিত্য অকাডেমি বঁটা বিজয়ী গল্পকাৰ, জ্যোতি দ্বিভাষিক অভিধানৰ প্ৰণেতা, ‘সোণৰ চামুচ মুখত লৈ’ শীৰ্ষক অগতানুগতিক আত্মজীৱনীৰ লেখক ড॰ প্ৰণৱজ্যোতি ডেকাৰ মৃত্যুত পশ্চিম নলবাৰীৰ প্ৰেৰণা পুথিভঁড়াল, প্ৰজ্ঞান সাহিত্য চ’ৰা, সুহুৰি আদি অনুষ্ঠান-প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰিছে৷ ড॰ ডেকাৰ পৰলোকত শোক প্ৰকাশ কৰি ঔপন্যাসিক নীলিম আকাশ কাশ্যপে কয়– ‘স্তাৱক নহয়, সাধনাহে জীৱনৰ বাবে জৰুৰী— এই কথা প্ৰকাৰান্তৰে শিকোৱা প্ৰণৱজ্যোতি ডেকা ছাৰলৈ শ্ৰদ্ধা নিবেদিছোঁ৷ তেওঁ তেওঁৰ সৃষ্টিৰে অমৰ হৈ ৰ’ব৷ ডেকাৰ মৃত্যুত অন্য বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ বাদেও লেখিকা স্বপ্না দাস, চিত্ৰশিল্পী দিগন্ত বৰ্মণ, শিক্ষাব্ৰতী তপন শৰ্মা, কবি পিনাক পাণি বশিষ্ঠ আদিয়েও গভীৰ শোক প্ৰকাশ কৰাৰ লগতে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে৷ সাহিত্যিকগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জনায় বিহামপুৰস্থিত প্ৰেৰণা পুথিভঁড়ালৰ প্ৰতিষ্ঠাপক তথা মুখ্য পৰিচালক দ্বিজেন্দ্ৰ নাৰায়ণ শৰ্মাই৷