Logo
image

কেজৰিৱাল জে’লত, অসমলৈ প্ৰচাৰৰ বাবে আহিব আতিশী

‘আমাৰ অসম’ৰ মহানগৰ সংবাদ, ৭ এপ্ৰিল : আম আদমি পাৰ্টীৰ মুৰব্বীসহ একাধিক শীৰ্ষ নেতা সম্প্ৰতি কাৰাগাৰত আছে৷ এনে সময়তো দলটোৰ নেতা-কৰ্মীসকল ভাগি পৰা নাই৷ সেইবাবেই ‘আপ’ৰ সভাপতি তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালসহ একাধিক শীৰ্ষ নেতা কাৰাগাৰত বন্দী হৈ থকাৰ সময়তো ঘৰত বহি নাথাকি ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে ‘আপ’ৰ নেতা-কৰ্মীসকলে৷ কেৱল প্ৰতিবাদ কৰিয়েই ক্ষান্ত থকা নাই, দেশৰ বিভিন্ন ঠাইত নিৰ্বাচনী প্ৰচাৰকাৰ্যতো ব্যস্ত হৈ পৰিছে ‘আপ’ৰ নেতা-কৰ্মীসকল৷ কেজৰিৱাল গ্ৰেপ্তাৰৰ প্ৰতিবাদৰ সমান্তৰালভাৱে নিৰ্বাচনী প্ৰচাৰ অভিযানো ত্বৰান্বিত কৰিছে ‘আপ’ৰ নেতাসকলে৷ সেই অভিযানৰ অংশৰূপেই অসমলৈ আহিব ‘আপ’ৰ শীৰ্ষ নেত্ৰী আতিশী৷ প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে অসমলৈ আহিব আম আদমী পাৰ্টীৰ কেন্দ্ৰীয় নেত্ৰী তথা দিল্লী চৰকাৰৰ শিক্ষামন্ত্ৰী আতিশী৷ ডিব্ৰুগড় আৰু শোণিতপুৰ লোকসভা সমষ্টিৰ দলীয় প্ৰাৰ্থী ক্ৰমে মনোজ ধানোৱাৰ আৰু ঋষিৰাজ কৌণ্ডিন্যৰ হকে নিৰ্বাচনী সভা তথা ৰোড শ্ব’ত অংশগ্ৰহণ কৰিব দলৰ ৰাষ্ট্ৰীয় নেত্ৰীগৰাকীয়ে৷ ৮ এপ্ৰিলৰ পুৱা ৯-১৫ বজাত ডিব্ৰুগড়ত উপস্থিত হ’ব আতিশী৷ সিদিনাই দুলীয়াজানত আপৰ প্ৰাৰ্থী মনোজ ধানোৱাৰৰ প্ৰচাৰৰ বাবে এটা ৰোড শ্ব’ত অংশগ্ৰহণ কৰিব৷ বিয়লি ৪ বজাত ডিব্ৰুগড়ত সংবাদ মাধ্যমৰ সৈতে বিশেষ মত বিনিময় অনুষ্ঠানত মিলিত হ’ব আতিশী৷ তেওঁৰ দ্বিতীয় দিনৰ কাৰ্যসূচী অনুসৰি [৯ এপ্ৰিল] তিনিচুকীয়াত পুৱা ৮-৩০ বজাৰ পৰা ১০-৩০ বজাৰ ভিতৰত নিৰ্বাচিত সংবাদ প্ৰতিষ্ঠানক সাক্ষাৎকাৰ প্ৰদান কৰিব৷ দুপৰীয়া ১২বজাৰ পৰা মাৰ্ঘেৰিটাত বাইক ৰেলী আৰু ১-৩০বজাত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব৷ ৯ এপ্ৰিলত আবেলি ৪ বজাত তিনিচুকীয়াত ৰোড শ্ব’ত অংশগ্ৰহণ কৰিব৷ শোণিতপুৰ লোকসভা সমষ্টিৰ বাবে গ্ৰহণ কৰা কাৰ্যসূচী অনুসৰি ১০ এপ্ৰিলত পুৱা ১১ বজাৰ পৰা দিনৰ ১ বজালৈ তেজপুৰত সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰাৰ পাছত দিনৰ ২-৩০বজাত তেজপুৰৰ ‘আপ’ প্ৰাৰ্থী ঋষিৰাজ কৌণ্ডিন্যৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে এটা ৰোড শ্ব’ত অংশ ল’ব আতিশীয়ে৷ আতিশীৰ অসম ভ্ৰমণৰ বিস্তৃত কাৰ্যসূচী আজি সংবাদ মাধ্যমক অৱগত কৰে আম আদমী পাৰ্টীৰ উত্তৰ-পূৰ্বাঞ্চলৰ তত্ত্বাৱধায়ক ৰাজেশ শৰ্মাই৷