Logo
image

অসম ভ্ৰমণ বাতিল হ’লেও মণিপুৰলৈ যাব অমিত শ্বাহ

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন,৭ এপ্ৰিল: নিৰ্বাচনী প্ৰচাৰৰ ঢৌ ক্ৰমাৎ উধবৰ্মুখী হোৱাৰ সময়তে অসমত বিজেপিৰ প্ৰচাৰৰ শক্তি বৃদ্ধি কৰিবলৈ অহাৰ পৰিকল্পনা কৰা অমিত শ্বাহৰ কাৰ্যসূচী এসপ্তাহৰ ভিতৰত দুবাৰকৈ বাতিল হৈছে৷ দেওবাৰ আৰু সোমবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অসমৰ একাধিক স্থানত নিৰ্বাচনী সভাত ভাগ ল’বলৈ হাতত লোৱা কাৰ্যসূচী বাতিল হোৱা বুলি প্ৰকাশ কৰিছে অসম চৰকাৰৰ গৃহ আৰু চহৰ উন্নয়ন মন্ত্ৰী অশোক সিংঘালে৷ প্ৰথমে  অমিত শ্বাহ ৬ এপ্ৰিলত অসমলৈ অহাৰ কথা আছিল৷ সেই কাৰ্যসূচী বাতিল হোৱাৰ পাছত ৭ আৰু ৮ এপ্ৰিলত তেওঁ একেৰাহে হোজাই, গহপুৰ, লখিমপুৰত নিৰ্বাচনী সভাত ভাগ লোৱাৰ সিদ্ধান্ত লৈছিল৷ কিন্তু ভ্ৰমণৰ আগদিনা অৰ্থাৎ আজি শনিবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ কাৰ্যসূচী হঠাতে বাতিল হোৱাত বিজেপিৰ সংশ্লিষ্ট প্ৰাৰ্থী আৰু দলীয় সদস্য নিৰাশ হৈছে৷ এটা সূত্ৰ অনুসৰি অমিত শ্বাহে অহা ১১ এপ্ৰিলত অসম ভ্ৰমণ কৰি নিৰ্বাচনী সভাত ভাগ লোৱাৰ সম্ভাৱনা আছে৷ অৱশ্যে বিজেপিয়ে এতিয়াও দলীয়ভাৱে সেই সুচী চূড়ান্ত বুলি আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা নাই৷ ইপিনে দিল্লীৰ সূত্ৰ অনুসৰি অমিত শ্বাহে অহা সপ্তাহত মণিপুৰত নিৰ্বাচনী সভাত ভাগ ল’ব৷ মণিপুৰত বিগত প্ৰায় এবছৰ ধৰি চলি থকা গোষ্ঠী সংঘৰ্ষৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কোনো মন্তব্য নকৰিলেও গৃহমন্ত্ৰী অমিত শ্বাহে সংঘৰ্ষৰ আৰম্ভণিতে মণিপুৰত ৪ দিন থাকি পৰিস্থিতি চম্ভলিছিল৷ অমিত শ্বাহে তেতিয়া এপষেকৰ ভিতৰত সংঘৰ্ষ শেষ হ’ব আৰু সমস্যাৰ সমাধান হব বুলি প্ৰতিশ্ৰুতি দিছিল৷ আনহাতে, নিৰ্বাচনৰ বতৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰমোদীৰ মণিপুৰৰ কোনো কাৰ্যসূচী নাথাকিলেও ১৭ এপ্ৰিলত তেওঁ অসম ভ্ৰমণ কৰিব৷ শনিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰৰ মাজতে এই ঘোষণা কৰিছে৷ প্ৰধানমন্ত্ৰী মোদীয়ে নলবাৰীত নিৰ্বাচনী সভাত ভাগ ল’ব৷