Logo
image

উক্তি-বক্ৰোক্তি

দেশৰ গণতন্ত্ৰ এতিয়া বিপন্ন৷ অহৰ্নিশে সংবিধান সলনিৰ চক্ৰান্ত চলিছে৷ যোৱা দহ বছৰত চৰকাৰে দেশত নিৱনুৱা সমস্যা বৃদ্ধি, মুদ্ৰাস্ফীতি, বৈষম্য আৰু স্বেচ্ছাচাৰী পৰিৱেশ সৃষ্টিৰ বাবে আপ্ৰাণ চেষ্টা চলাইছে৷ বিৰোধী দলৰ পৰা নেতাসকলক বলপূৰ্বকভাৱে আৰু প্ৰলোভন দি বিজেপিত যোগদান কৰাইছে৷ এতিয়া দেশৰ পৰিস্থিতি এনেকুৱাই৷ 
– কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী

ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ একত্ৰিত হৈ নতুন ৰাজনৈতিক দল গঠনৰ বাবে ইতিমধ্যে কেইবালানি আলোচনা সম্পন্ন হৈছে৷ 
–বিধায়ক অখিল গগৈ

কংগ্ৰেছ দলৰ অৱস্থা চাওক৷ ৱেইনাড়ত কংগ্ৰেছে বাওঁপন্থী দলৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছে৷ একেটা দলেই আকৌ পশ্চিমবংগত চিপিএমৰ সৈতে বন্ধুত্ব কৰিছে৷ ৰাহুল গান্ধীয়ে আতংকত উত্তৰ প্ৰদেশ এৰি  কেৰালাত নিৰ্বাচন খেলিছে৷ এই দলৰ ওপৰত দেশবাসীয়ে কেনেদৰে নিৰ্ভৰ কৰিব?
– কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী

বিজেপি কেতিয়াও অসমৰ ত্ৰাণকৰ্তা হ’ব নোৱাৰে৷ তেওঁলোকে আমাৰ মাজত বিভাজন সৃষ্টি কৰি, আমাক দুৰ্বল কৰি সম্পত্তিৰ পাহাৰ গঢ়াৰ বাবে ৰাজনীতি কৰে৷
– প্ৰদেশ কংগ্ৰেছ সভাপতি ভূপেন বৰা

তেওঁলোকে মাজনিশা তালাচী চলাবলৈ কিয় গৈছিল? ‘নিয়া’ই এই তালাচীৰ বাবে স্থানীয় আৰক্ষীৰ পৰা আগতীয়াকৈ অনুমতি লৈছিলনে? মাজনিশা এনেদৰে হঠাতে কাৰোবাৰ ঘৰত কোনোবা বলপূৰ্বকভাৱে সোমালে গৃহস্থই আক্ৰমণ কৰাটো অস্বাভাৱিক নহয়৷ যদিহে দোষী তাতেই থকা বুলি ‘নিয়া’ নিশ্চিত আছিল, তেন্তে তেওঁলোকে আৰক্ষীক লগত লৈ যাব লাগিছিল বা দিনৰ পোহৰত তালাচী চলাব লাগিছিল৷ 
– পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী

যাৰ পকেটত মাল থাকে তেওঁৰ ওচৰলৈ ইডি, আয়কৰ বিভাগ যাবই৷ তাত আচৰিত হ’বলগীয়া একো নাই৷ 
– মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

সুনীতা কেজৰিৱাল অৰবিন্দ কেজৰিৱালৰ পত্নী৷ তেওঁ স্বামীৰ সকলো কাৰ্যকলাপ আৰু ভাবাদৰ্শ নিচেই কাষৰ পৰা বছৰ বছৰ ধৰি প্ৰত্যক্ষ কৰিছে৷ সেয়ে মই ভাবোঁ, এই মুহূৰ্তত স্বামী গ্ৰেপ্তাৰ হৈ থকা অৱস্থাত সুনীতা কেজৰিৱালে সন্মুখৰ পৰা নেতৃত্ব দিয়াটো আপৰ বাবে অতি গুৰুত্বপূৰ্ণ বিষয়৷ তেওঁৰ সাহচৰ্য লাভ কৰাটো আপৰ বাবে প্ৰয়োজনীয়৷ 
– দিল্লীৰ আপৰ মন্ত্ৰী সৌৰভ ভৰদ্বাজ

মোৰ পিতৃয়ে কৈছিল– মিছা ক’লে কি দাল হ’ব? কিন্তু বৰ্তমান সময়ত দেখিছোঁ বিজেপিয়ে কেৱল মিছা কয় আৰু তেওঁলোকৰ লাভেই লাভ হৈ আছে৷
– সাংসদ গৌৰৱ গগৈ

মোৰ কাৰ্যকালত বিশ্ব মুদ্ৰানিধিয়ে [আইএমএফ] যিমানবাৰ ভাৰতৰ আৰ্থিক বিকাশৰ পূৰ্বনুমান প্ৰকাশ কৰিছিল, তাৰ প্ৰত্যেকটো ভৱিষ্যদ্বাণীয়েই ভুল প্ৰমাণিত হৈছিল৷ 
– প্ৰাক্তন মুখ্য অৰ্থনৈতিক পৰামৰ্শদাতা কে সুব্ৰমণিয়ন

ভূপেন বৰাৰ কাৰ্যকালতেই কংগ্ৰেছৰ আটাইতকৈ বেয়া দিন চলিছে৷ এইবাৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছ এখন আসনতো বিজয়ী হ’ব নোৱাৰে৷ 
– মন্ত্ৰী পীয়ূষ হাজৰিকা