Logo
image

ছামান্থাৰ নতুন লুক! তোলপাৰ নেট দুনীয়া

দক্ষিণৰ ছবিৰ শক্তিশালী অভিনেত্ৰী ছামান্থা ৰুথ প্ৰভু৷ ছ’চিয়েল মিডিয়াত সঘনে এক্টিভ হৈ থকা এই গৰাকী ‘পুষ্পা’খ্যাত অভিনেত্ৰীয়ে অভিনয়ৰ যোগেদিয়ে ভাৰতীয় বিনোদন জগতত দপদপাই আছে৷ মায়োছাইটিছৰ দৰে জটিল ৰোগত আক্ৰান্ত হৈ এইগৰাকী স্বনামধন্য অভিনেত্ৰী কিছুদিন ধৰি অভিনয়ৰ জগতখনৰ পৰা আঁতৰি আছিল চিকিৎসাজনিত কাৰণত৷ বৰ্তমান ছামান্থা সুস্থ বুলি বাতৰি প্ৰকাশ পাইছে৷ শেহতীয়াকৈ ছামান্থাৰ বল্ড অৱতাৰে চমক সৃষ্টি কৰিছে৷ অভিনেত্ৰীগৰাকীৰ ‘নিউ লুক’ ছ’চিয়েল মিডিয়াত প্ৰচাৰ হোৱাৰ পাছতে ছবিখন পলকতে ভাইৰেল হৈ পৰে৷ ২৩মাৰ্চত ইনষ্টাগ্ৰামত দেখা গ’ল ছামান্থাই ‘বল্ড লুকে’ই ধৰা দিছে কেমেৰাৰ সন্মুখত৷ কেপচনত ছামান্থাই লিখিছে– ‘ডিজনী ৰাজকুমাৰী হিচাপে ব্যৰ্থ হৈ মই এতিয়া ড্ৰেগন৷’ ক’লা ব্ৰালোটৰ সৈতে প্লাজা টাউজাৰ আৰু ক’লা কোট পৰিহিত অভিনেত্ৰীৰ দৃষ্টি আছিল আবেদনময়ী৷ ছামান্থাৰ নিউ লুক প’ষ্ট কৰাৰ পাছতে নেটিজেনে লিখিছে– গ্লেমাৰ জগতলৈ উভতিছে ছামান্থা৷ অভিনেত্ৰীগৰাকীৰ ষ্টাইল আৰু উজ্জীৱিত ফেশ্বনেবল লুকে সকলোকে বিমুগ্ধ কৰিছে৷