Logo
image

ডুবাইত প্ৰমোদ ভ্ৰমণত বিজয়-ৰশ্মিকা

জনপ্ৰিায় ৰোমাণ্টিক যুটী বিজয় দেবৰকোণ্ডা আৰু ৰশ্মিকা মান্দানা প্ৰায়ে লাইমলাইটত থাকে৷ শেহতীয়াকৈ দক্ষিণ ভাৰতীয় জনপ্ৰিয় তাৰকাদ্বয়ে গোপনে আৰৱ আমিৰ শ্বাহীত অৱসৰ বিনোদনত কটোৱা খবৰে ছ’চিয়েল মিডিয়াত বাৰুকৈয়ে তোলপাৰ লগাইছে৷ দুয়ো পৰস্পৰৰ গভীৰ সম্পৰ্কৰ কথা বাৰম্বাৰ স্বীকাৰ কৰা নাছিল যদিও এইবাৰ দুয়ো ডুবাইত লিভ ইনত থকা প্ৰসংগটো পাপাৰাৎজিৰ লেন্সত বাৰুকৈয়ে ধৰা পৰিল৷ আৰৱ আমিৰ শ্বাহিত গোপনে ছুটীত কটাইছে প্ৰেমিকযুগলে৷ প্ৰমোদ ভ্ৰমণৰ ছবি ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে৷ সূত্ৰৰ খবৰ যে শীঘ্ৰে দুয়োৰে বাগদান পৰ্ব সম্পন্ন হ’ব৷