Logo
image

বিদেশী মডেলৰ প্ৰেমত হাবুডুবু আৰিয়ান

‘কিং অৱ ৰোমাঞ্চ’ খ্যাত শ্বাহৰুখ খানৰ বৰপুত্ৰ আৰিয়ানৰ প্ৰেম-ৰোমাঞ্চে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰাৰ লগতে ছ’চিয়েল মিডিয়াতো তোলপাৰ লগাইছে৷ বিনোদন জগতত খোজ পেলালেও কেমেৰাৰ সন্মুখলৈ অহা নাই বলীউডৰ বাদশ্বাহ পুত্ৰই৷ নিজাকৈ এটা প্ৰডাকচন সংস্থা খুলি কেমেৰাৰ পাছফালে থাকি বিজ্ঞাপনী ছবি নিৰ্মাণ কৰিছে শ্বাহৰুখ পুত্ৰ আৰিয়ানে৷ অৱশ্যে পেশাগত জীৱনতকৈ জিনিয়ৰ কিংখানৰ ব্যক্তিগত জীৱনহে বেছি চৰ্চিত৷ কেতিয়াবা যদি গ্লেমাৰগাৰ্ল নোৰা ফাতেহীৰ সৈতে নাম সাঙোৰ খাইছে, কেতিয়াবা আকৌ অনন্যা পাণ্ডেৰ সৈতে মুখৰোচক গল্প-গুজব ৰতনা হৈছে৷ বিজ্ঞাপনৰ ক্ষেত্ৰখনত কাম কৰোতে বহু মডেলৰ সৈতে ভাল সম্বন্ধ গঢ়ি উঠিছে শ্বাহৰুখ পুত্ৰৰ৷ বলীউডৰ সূত্ৰমতে এগৰাকী মডেলৰ সৈতে মধুৰ সম্পৰ্ক আছে আৰিয়ানৰ৷ তেওঁ অৱশ্যে ভাৰতীয় নহয়, ব্ৰাজিলৰহে৷ নাম তেওঁৰ লৰিছা ৰণেছি৷ লৰিছা পেশাত এগৰাকী মডেল৷ তেওঁ ব্ৰাজিলৰ নাগৰিক হ’লেও দীৰ্ঘদিন ধৰি ভাৰততে থাকি কাম কৰি গৈছে৷ একাধিক খ্যাতনামা সংস্থাৰ বিজ্ঞাপনত মডেলিং কৰা লৰিছা মডেলৰ লগতে এগৰাকী অভিনেত্ৰীও৷ টাইগাৰ শ্ৰুফ, ষ্টেবিন বেন, সুৰুজ পাঞ্চালীৰ দৰে তাৰকাৰ সৈতে মিউজিক ভিডিঅ’ক লৰিছাই অভিনয় কৰিছে৷ ‘দেশী বয়জ’ ছবিৰ যোগেদি লৰিছা বলীউডী ছবিতো আত্মপ্ৰকাশ  কৰে৷ তদুপৰি ‘গো গোৱা গণ’ ছবিতো তেওঁ অভিনয় কৰিছে৷ লৰিছা আৰু আৰিয়ানৰ মধুৰ সম্পৰ্কক লৈ বলীউডৰ ভিতৰে-বাহিৰে চৰ্চা অব্যাহত আছে৷