Logo
image

এক অশুভ পৰম্পৰাৰ সূচনা

লোকসভা নিৰ্বাচনক লৈ সমগ্ৰ দেশত শাসকীয় বিজেপি আৰু সহযোগী দলসমূহৰ পৰা বিৰোধী দল সকলোৱে ব্যাপক প্ৰচাৰ অভিযান আৰম্ভ কৰিছে৷ সাধাৰণতে পূৰ্বৰ লোকসভা নিৰ্বাচনসমূহৰ তুলনাত দেশত এইবাৰ নিৰ্বাচনী দৃশ্যপটৰ পাৰ্থক্য আছে৷ পূৰ্বৰ  নিৰ্বাচনসমূহত নিৰ্বাচনৰ দিন ঘোষণাৰ আগৰ পৰাই দলসমূহে তৎপৰতা প্ৰদৰ্শন কৰি নিৰ্বাচনৰ দিন ঘোষণাৰ লগে লগে দলৰ প্ৰাৰ্থী নিৰ্বাচন, মনোনয়ন-পত্ৰ দাখিল আদি প্ৰক্ৰিয়াবোৰ সম্পূৰ্ণ কৰি প্ৰচাৰ অভিযানত জঁপিয়াই পৰে৷ এইবাৰো সেই আনুষ্ঠানিকতাসমূহ চিৰাচৰিত পদ্ধতিৰে হৈছে যদিও নিৰ্বাচনৰ যুঁজখন আৰম্ভ হোৱাৰ বহু আগৰে পৰা আন কেতবোৰ যুঁজ আৰম্ভ হোৱা পৰিলক্ষিত হৈছে৷ দেশত ড॰ মনমোহন সিং নেতৃত্বাধীন কংগ্ৰেছ তথা ইউপিএ চৰকাৰে একেৰাহে দুটাকৈ কাৰ্যকালৰ বাবে শাসনভাৰ চলোৱাৰ পাছত কংগ্ৰেছৰ ছন্দপতন হ’বলৈ আৰম্ভ কৰে৷ নৰেন্দ্ৰ মোদীৰ নেতৃত্বত নতুনকৈ দেশৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ এক আমূল পৰিৱৰ্তন ঘটাৰ পাছত ৰাজনৈতিক ব্যৱস্থাপনা তথা ৰাজনৈতিক দৰ্শনক এক নতুন ধাৰাৰে গতিশীল কৰাৰ বাবে মোদীৰ লগতে সমগ্ৰ বিজেপি দল সক্ৰিয় হৈ উঠে৷ ধৰ্মীয় মেৰুকৰণ, হিন্দুত্বৰ ভাৱধাৰাৰ শক্তিশালীকৰণৰ উদ্দেশ্যে ভাৰতীয় ঐতিহ্যময় সনাতন পৰম্পৰাক নতুন ৰূপেৰে অতি কৌশলপূৰ্ণ ব্যৱস্থা আৰু পৰিকল্পিত পদ্ধতিৰে উপস্থাপন কৰি বিজেপি দলে বিশেষকৈ দেশৰ অগণন ভোটাৰক আকৃষ্ট কৰিবলৈ সক্ষম হয়৷ কাজেই ইয়াৰ ফলত অতি কম সময়তে দাক্ষিণাত্য আৰু কেইখনমান ৰাজ্যৰ বাদে দেশৰ  অধিক ৰাজ্যতে বিজেপি দলে খোপনি পোতে৷ ৰাজনৈতিক উদ্দেশ্য পূৰণৰ বাবে বিজেপি দলে ধৰ্মীয় মেৰুকৰণৰ লগতে বিভিন্ন নতুন নতুন অভিলাসী বৃহৎ আঁচনি, প্ৰকল্পৰ যোগেদি কোটি কোটি জনসাধাৰণক দলৰ সৈতে পৰোক্ষভাৱে হ’লেও জড়িত কৰাত বহু পৰিমাণে সফল হ’ল৷ কংগ্ৰেছৰ আমোলত দেশত হিতাধিকাৰী সৃষ্টিৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল যদিও বিজেপি চৰকাৰে শিক্ষা, স্বাস্থ্য, জনস্বাস্থ্য, গৃহ, গ্ৰামোন্নয়ন, কৃষি আদি প্ৰতিটো বিভাগতে দেশৰ সৰ্বস্তৰৰ লোকক জড়িত কৰি কোটি কোটি হিতাধিকাৰী সৃষ্টি কৰে যাৰ ফলত এই হিতাধিকাৰীসকল ক্ৰমান্বয়ে বিজেপিৰ এক সৱল ভোট বেংকলৈ পৰ্যবসিত হ’ল৷ কংগ্ৰেছ দলৰ থুনুকা অৱস্থা অব্যাহত থকাৰ সময়তে দলৰ নেতৃত্বৰ দুৰ্বলতা, দলীয় সংঘাত, দেশৰ বিৰোধী দলসমূহৰ একতাৰ অভাৱ আদিয়ে বিজেপিক অধিক শক্তিশালী কৰি তোলে, যি বৰ্তমানৰ লোকসভা নিৰ্বাচনৰ মুহূৰ্তত অধিক প্ৰকট হৈ উঠিছে৷ অতি সংগঠিতভাৱে বিজেপি দলৰ উচ্ছস্তৰৰ পৰা নিম্ন পৰ্যায়লৈকে ভেটি সৱল কৰি তোলা, হিতাধিকাৰী-ভোটাৰৰ সৈতে দলীয় কৰ্মী-নেতাৰ শক্তিশালী সংযোগ স্থাপনৰ ব্যৱস্থা, বিভিন্ন পৰ্যায়ৰ নিৰ্বাচনসমূহৰ সৱল পৰিচালনা ব্যৱস্থা, বিজেপিৰ অঘোষিত নিয়ন্ত্ৰক আৰ এছ এছৰ উপৰি সমভাৱাপন্ন অন্যান্য হিন্দুত্ববাদী সংগঠনৰ শক্তিশালী ভেটি আদি দলটোৰ বাবে অতি ইতিবাচক দিশৰূপে চিহ্নিত হৈছে৷ ইয়াৰ উপৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৪ চনতে প্ৰদান কৰা বহু প্ৰতিশ্ৰুতি, আশ্বাস ৰাইজে বিচৰা ধৰণে পূৰণ কৰিব পৰা নাই যদিও দেশৰ সৰ্বোত্তম শক্তিশালী নেতা, বিশ্বনেতাৰ এক ইমেজ অতি কৌশলপূৰ্ণভাৱে গঢ়ি তোলাৰ ক্ষেত্ৰত মোদী পূৰ্ণৰূপত সফল হৈছে  যি প্ৰত্যক্ষভাৱে বিজেপি দলৰ জয়লাভত ইন্ধন যোগাইছে৷ সাম্প্ৰতিক সময়ত কম-বয়সীয়া যুৱক-যুৱতীৰে ভৰপূৰ ভাৰতবৰ্ষত নতুন প্ৰজন্মৰ ভোটাৰৰ অপৰিসীম গুৰুত্ব আছে৷ প্ৰধানমন্ত্ৰী মোদীয়ে এই ক্ষেত্ৰত শিক্ষাৰ্থী, যুৱ-সমাজৰ সৈতে বিভিন্ন অনুষ্ঠানৰ যোগেদি সংযোগ স্থাপনত সফল হৈছে৷ দেশত মোদীকেন্দ্ৰিক চিন্তা-চেতনাক প্ৰৱল কৰি তোলাৰ যোগেদি মোদী ব্ৰেণ্ডক প্ৰসাৰ কৰি তোলাৰ ক্ষেত্ৰত মোদী আৰু বিজেপি দল বহু পৰিমাণে সফল হৈছে৷

লক্ষণীয়ভাৱে বিজেপিৰ বাবে এনে বহু অনুকূল পৰিৱেশ থকাৰ পাছতো দলে এইবাৰ লোকসভা নিৰ্বাচনত ৰিস্ক ল’ব বিচৰা নাই৷ ইণ্ডিয়া জোঁটবন্ধনৰ বাবে বিৰোধী দলসমূহে বিভিন্ন সভা অনুষ্ঠিত কৰাৰ মাজতে নীতীশ কুমাৰক বিজেপিৰ সমৰ্থনেৰে পুনৰ বিহাৰৰ মুখ্যমন্ত্ৰী পতা, বিৰোধী দল কেইবাজনো মুখ্যমন্ত্ৰীক বিভিন্ন গোচৰত অভিযুক্ত কৰি কাৰাগাৰলৈ প্ৰেৰণ, ইডি-চিবিআই- আয়কৰ বিভাগক ব্যাপক ৰূপত বিৰোধী ৰাজনৈতিক দলৰ নেতা, মন্ত্ৰীৰ বিৰুদ্ধে ব্যৱহাৰ কৰি ভীতিগ্ৰস্ত কৰি তোলাকে ধৰি এনে কেতবোৰ ব্যৱস্থা এইবাৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে গ্ৰহণ কৰা হৈছে যি দেশৰ কোনো নিৰ্বাচনৰ ক্ষেত্ৰত আগতে হোৱা নাছিল৷ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেন, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালকে মুখ্য কৰি বহু জ্যেষ্ঠ নেতা-মন্ত্ৰীক বৰ্তমান কাৰাৰুদ্ধ কৰি ৰখাৰ বাবে দেশত প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে আন্তঃৰাষ্ট্ৰীয় মহলতো ইয়াক লৈ চৰ্চা হৈছে যদিও বিজেপিয়ে ইয়ালৈ কেৰেপকে কৰা নাই৷ ইফালে ইলেক্ট’ৰেল বণ্ডৰ যোগেদি বিজেপি দলে সৰ্বোচ্ছ পৰিমাণৰ ধন সংগ্ৰহ কৰা, ইডিয়ে গোচৰ চলোৱা ১৪টা প্ৰতিষ্ঠানে বিজেপিক ইলেক্ট’ৰেল বণ্ডত ধন যোগান ধৰাৰ পাছত ধোঁৱা তুলসীৰ পাত হৈ পৰাৰ তথ্য উন্মোচিত হোৱাৰ পিছতো বিজেপিৰ শীৰ্ষ মহলে কৰ্ণপাত কৰা নাই৷ বৰ্তমান আত্মবিশ্বাসৰ তুংগত থকা শাসনাধিষ্ঠ চৰকাৰে যেনতেন প্ৰকাৰেণ নিৰ্বাচনত আশা কৰা মতে জয়লাভ নিশ্চিত কৰাৰ বাবে লোৱা ব্যৱস্থাবোৰে ভৱিষ্যত দিনৰ বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰখনত এক অশুভ পৰম্পৰাৰ সূচনা কৰিব নেকি সেয়া এক চিন্তনীয় বিষয়৷ ইয়ে হয়তো ভৱিষ্যত দিনৰ বাবে সৃষ্টি কৰিব এক নতুন ৰাজনৈতিক অভিধাৰ