Logo
image

‘ইডি’য়ে জব্দ কৰা ৩,৫০০ কোটি বিলাই দিব মোদীয়ে

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৮ এপ্ৰিল: নিৰ্বাচনী আচৰণবিধিৰ চূড়ান্ত উলংঘন ঘটাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পশ্চিমবংগত ই ডিয়ে দুৰ্নীতিগ্ৰস্তৰ হাতৰ পৰা উদ্ধাৰ হোৱা ৩,৫০০ কোটি টকা ৰাজ্যখনৰ চাকৰি বঞ্চিতক  ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি দিছে৷ একে বক্তব্যকে তেওঁ যোৱা ২৭ মাৰ্চত কৃষ্ণনগৰৰ বিজেপিৰ প্ৰাৰ্থী অমৃতা ৰায়ক ফোনত কৈ সেই বক্তব্য পৰৱৰ্তী সময়ত বিজেপিৰ ছ’চিয়েল মিডিয়াৰ জৰিয়তে প্ৰচাৰ কৰিছিল৷ কৃষ্ণনগৰৰ ৰাজপৰিয়ালৰ বোৱাৰী অমৃতা ৰায়ক সমষ্টিটোৰ তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰৰ বিৰুদ্ধে প্ৰাৰ্থিত্ব দিছে বিজেপিয়ে৷ সেই অমৃতা ৰায়ৰ সৈতে যোৱা ২৭ মাৰ্চত টেলিফোনত বাৰ্তালাপ কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে৷ সেই বাৰ্তালাপত মোদীয়ে কৈছিল, পশ্চিমবংগত নিয়োগ দুৰ্নীতিত ই ডিয়ে উদ্ধাৰ কৰা ৩,৫০০ কোটি টকা তেওঁ ৰাজ্যখনৰ দৰিদ্ৰৰ মাজত বিলাই দিব৷ সেই ধন কেনেকৈ বিলাব পাৰি তাৰ আইনী ব্যৱস্থাৰ বাবে মোদীয়ে পৰামৰ্শ লোৱা বুলি অমৃতা ৰায়ক টেলিফোনত জনাইছিল৷ সেই টেলিফোনৰ বাৰ্তালাপ বিজেপিয়ে ছ’চিয়েল মিডিয়াৰ জৰিয়তে প্ৰচাৰ কৰাৰ লগে লগে তৃণমূল কংগ্ৰেছে মোদীৰ বক্তব্য নিৰ্বাচনী আচৰণবিধিৰ চূড়ান্ত উলংঘন বুলি প্ৰতিবাদ কৰি নিৰ্বাচন আয়োগৰ ওচৰত অভিযোগ দাখিল কৰিছিল৷ সেই একে বক্তব্য দেওবাৰে নৰেন্দ্ৰ মোদীয়ে ৰাজহুৱাকৈ জলপাইগুড়িৰ নিৰ্বাচনী সভাত ঘোষণা কৰিলে৷ তেওঁ নিৰ্বাচনী সভাত উদাত্ত ভাষণ দি ক’লে– ‘আজি বাংলাৰ মাটিৰ পৰা  গেৰাণ্টী দিছো, যি দুৰ্নীতি কৰি টকা জমা কৰিছে, ই ডিয়ে তেওঁলোকৰ পৰা ৩,৫০০ কোটি টকা জব্দ কৰিছে৷ শিক্ষক নিয়োগৰ বাবে দৰিদ্ৰ মানুহৰ হাতৰ পৰা যোৱা এই টকা মই বঞ্চিতসকলক ঘূৰাই দিম৷ য’ৰ পৰা সম্পূৰ্ণৰূপে প্ৰমাণ পোৱা যাব, যে সেই ঠাইৰ পৰাই টকাখিনি গৈছিল– তেওঁলোকৰ হাতত মই সেই ৩,৫০০ কোটি টকা ঘূৰাই দিম৷ তাৰ বাবে মই আইনী পৰামৰ্শ লৈছো৷’

প্ৰধানমন্ত্ৰী মোদীৰ এই বক্তব্যই স্বৰূপাৰ্থতে নিৰ্বাচনী আচৰণবিধি উলংঘা কৰিছে৷ তদুপৰি মোদীৰ এই বক্তব্য তেওঁৰ পূৰ্বৰ মিথ্যাচাৰৰ উজ্জ্বল প্ৰতিফলন৷ আনহাতে এইক্ষেত্ৰত এনে আইনী জটিলতা আছে, যিটো প্ৰধানমন্ত্ৰীয়ে ইচ্ছা কৰিলেও ফলপ্ৰসূ কৰিব নোৱাৰে৷ প্ৰথমতে– নিৰ্বাচনী সভাত এনেদৰে টকা বিলোৱাৰ বিষয়ে ৰাজহুৱাকৈ ঘোষণা কৰিব নোৱাৰে৷ সেই দিশৰ পৰা প্ৰধানমন্ত্ৰীয়ে নিৰ্বাচনী আচৰণবিধি সম্পূৰ্ণৰূপে উলংঘা কৰিছে৷ পূৰ্বে কৃষ্ণনগৰৰ প্ৰাৰ্থী অমৃতা ৰায়ৰ সৈতে মোদীয়ে কৰা বাৰ্তালাপত কি কি ক্ষেত্ৰত নিৰ্বাচনী আচৰণবিধি উলংঘন হৈছিল সেয়া তৃণমূল কংগ্ৰেছে নিৰ্বাচনী আয়োগৰ ওচৰত দাখিল কৰা অভিযোগ পত্ৰত পাত পাতকৈ দেখুৱাই দিছিল৷ দ্বিতীয়তে– প্ৰধানমন্ত্ৰী মোদীয়ে এনেদৰে ধন বিলোৱাৰ ঘোষণা ২০১৪ চনৰ নিৰ্বাচনতো কৰিছিল৷ তেতিয়া তেওঁ কৈছিল– বিদেশত ভাৰতীয় দুৰ্নীতিগ্ৰস্ত নাগৰিকে জমা কৰি ৰখা সমস্ত ধন তেওঁ ক্ষমতালৈ আহিয়েই ঘূৰাই আনিব আৰু দেশৰ নাগৰিকৰ মাজত সেই ধন বিলাই দিব৷ বিদেশত ইমান ক’লা ধন আছে, সেয়া ঘূৰাই আনিলে দেশৰ প্ৰত্যেকজন নাগৰিকে গাইপতি ১৫ লাখকৈ টকা পাব৷ সেই ধন তেওঁ বেংক একাউণ্টত ভৰাই দিব বুলি প্ৰতিশ্ৰুতি দিছিল৷ পিছে সেই আমো নাই, ফৰ্মূটিও নাই৷ বিদেশৰ পৰা আজিলৈকে মোদীয়ে ক’লা ধনৰ এটকাও ঘূৰাই আনিব নোৱাৰিলে আৰু সেয়ে দেশবাসীয়ে আজিলৈকে ১৫ লাখকৈ টকা নাপাই মোদীৰ মুখলৈ চাই আশাপালি বহি আছে আৰু বাৰে বাৰে সেই আশাত তেওঁক নিৰ্বাচনত জিকাই আছে৷ তৃতীয়তে– পশ্চিমবংগত নিয়োগ দুৰ্নীতিত ৩,৫০০ কোটি টকা উদ্ধাৰ হোৱা নাই৷ তদুপৰি যি পৰিমাণৰ টকা উদ্ধাৰ হৈছে সেয়া আইনগতভাৱে পৃথকে ৰখা হৈছে৷ সেই গোচৰৰ মীমাংসা নোহোৱালৈকে উদ্ধাৰ হোৱা ধনৰ ক্ষেত্ৰত কাৰো কতৃৰ্ত্ব নাই৷ বিচাৰৰ মীমাংসা হ’লে যি ব্যক্তিৰ ঘৰৰ পৰা ধন উদ্ধাৰ হৈছে, তেওঁক সেই ধন ঘূৰাই দিবলগীয়াও হ’ব পাৰে৷ দেশৰ ইতিহাসত এনে গোচৰৰ বহু ঘটনা ঘটিছে৷ সেই দিশৰ পৰা প্ৰধানমন্ত্ৰীৰ মোদীৰ বক্তব্য কোনো কাৰণতে গেৰাণ্টী নহয়৷ এয়া সম্পূৰ্ণৰূপে এক প্ৰলোভন৷ নিৰ্বাচনী আচৰণবিধি আৰম্ভ হোৱাৰ পাছত প্ৰকৃততে এনে প্ৰতিশ্ৰুতি দিব নোৱাৰে৷ কিন্তু  অভিযোগ উঠে, নিৰ্বাচন আয়োগে প্ৰধানমন্ত্ৰী মোদীয়ে নিৰ্বাচনী আচৰণবিধি ভংগ কৰিলেও  তেওঁৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সাহস নকৰে৷ তাৰেই সুযোগ লৈ প্ৰধানমন্ত্ৰীয়ে এনেদৰে মিথ্যা প্ৰতিশ্ৰুতি দি ভোটাৰক আকৰ্ষণ কৰে৷ দেওবাৰে পশ্চিমবংগৰ জলপাইগুড়িত প্ৰধানমন্ত্ৰী মোদীয়ে দিয়া গেৰাণ্টীও তেনে মিথ্যাচাৰৰ নামান্তৰ বুলি চৰ্চা হৈছে৷