Logo
image

ভোট বিচাৰি সেই ‘মিঞা’ৰ কাষ চাপিছেগৈ বিজেপি

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৮ এপ্ৰিল: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিজেপিৰ নেতৃত্বই বিগত সময়ছোৱাত মিঞাৰ ভোট নালাগে বুলি সদম্ভ ঘোষণা কৰি আহিছে যদিও এতিয়া নিৰ্বাচনৰ সময়ত বিজেপিৰ বাবে ‘সেই মিঞা’ই যেন হৰ্তা-কৰ্তা-বিধাতা হৈ পৰিছে৷ মিঞাৰ ভোটৰ স্বাৰ্থতে নিৰ্বাচনৰ অধিসূচনাৰ পূৰ্বে ততাতৈয়াকৈ মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত ৰাজ্যিক কেবিনেটে মিঞা উন্নয়ন পৰিষদে গঠন কৰাৰ অভিযোগ উঠিছে৷ কিন্তু ইয়াৰ পাছতো কেইবাটাও সমষ্টিত দলীয় প্ৰাৰ্থীৰ জয়ক লৈ আশ্বস্ত নোহোৱাত বিজেপি নেতা-কৰ্মীসকলে দিন-ৰাতি একাকাৰ কৰি মিঞা অধ্যুষিত অঞ্চলসমূহতো নিৰ্বাচনী প্ৰচাৰত নামি পৰা দেখা গৈছে৷ বিশেষকৈ নগাঁও লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী সুৰেশ বৰাই একপ্ৰকাৰ ২৪ ঘণ্টাই সংখ্যালঘু অঞ্চলত বাহৰ পাতি নিৰ্বাচনী প্ৰচাৰ চলাইছে৷ সংখ্যালুঘু ভোটেৰে নিৰ্ণায়ক ভূমিকা ল’বলগীয়া সমষ্টিটোত এতিয়া বিজেপি প্ৰাৰ্থীজনে মিঞা অধ্যুষিত অঞ্চলত প্ৰচাৰৰ পৰা মূৰ দাঙি চাবলৈও সময় নোহোৱা হৈ পৰিছে৷ দেওবাৰে সুৰেশ বৰাই সংখ্যালঘু ভোটাৰক টাৰ্গেট কৰি সমষ্টিটোৰ ধিং, কদমনি, ধুপগুৰি, কটাহগুৰী, ৰৌমাৰী, ৰাণীটাপু অঞ্চলত প্ৰচাৰ চলোৱা দেখা যায়৷ আনকি সংখ্যালঘু ভোটাৰৰ পৰা সমৰ্থনৰ আশাত দুদিন পূৰ্বেও বিজেপি প্ৰাৰ্থী সুৰেশ বৰাই কংগ্ৰেছ নেতা ৰকিবুল হুছেইনৰ সৈতে ককাই-ভাইৰ সম্পৰ্ক থকা বুলি৷ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছিল৷ ইফালে, মিঞাৰ ভোটৰ লক্ষ্যৰে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰে বাংলাদেশৰ পৰা প্ৰব্ৰজিত মিঞা মাছমৰীয়াৰ নামেৰে মিঞা উন্নয়ন পৰিষদ গঠনৰ অভিযোগ কৰিছে প্ৰব্ৰজন বিৰোধী মঞ্চৰ আহ৩ায়ক তথা উচ্ছতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাই৷ অসম চৰকাৰৰ কেবিনেটে শেহতীয়াকৈ কিৰণ শ্বেখ উন্নয়ন পৰিষদ গঠন কৰা সন্দৰ্ভত জ্যেষ্ঠ অধিবক্তাজনে মিঞাৰ ভোট নলগা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ওলোটাই নিৰ্বাচনৰ পূৰ্বে মিঞাৰ উন্নয়ন পৰিষদ গঠন কৰা বুলিহে সমালোচনা কৰে৷ এই সন্দৰ্ভত প্ৰব্ৰজন বিৰোধী মঞ্চৰ আহ৩ায়ক উপমন্যু হাজৰিকাই কয়– ‘হিমন্ত বিশ্ব শৰ্মাই সদায় কয় যে তেওঁক ‘মিঞা ভোট নেলাগে৷ কিন্তু বাকী প্ৰতিশ্ৰুতিবোৰৰ দৰেই তেওঁ বাস্তৱত কয় এটা আৰু কৰে এটা৷ এফালে নগাঁও জিলাৰ উলেমা কাউঞ্চিলৰ সভাপতি মুফতি ৰছিদুল হক কাছিমীক তেওঁ বিজেপিত যোগদান কৰোৱালে আৰু আনফালে  শেহতীয়া কেবিনেটত ‘কিৰণ শ্বেখ উন্নয়ন পৰিষদ’ বৰাক উপত্যকাত গঠন কৰিলে৷ বাস্তৱ সত্য এয়াই যে ‘কিৰণ শ্বেখ’ হৈছে বাংলাদেশৰ পৰা প্ৰব্ৰজন কৰা মিঞা মাছমৰীয়া৷ এফালে খিলঞ্জীয়াৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ, অসম চুক্তিৰ ৬নং দফা ৰূপায়ণ সমিতিৰ প্ৰতিবেদন কাৰ্যকৰী কৰিবলৈ কেইবাবাৰো প্ৰতিশ্ৰুতি দি একো নকৰিলে আৰু আনফালে মিঞাক গালি পাৰি খিলঞ্জীয়াৰ সমৰ্থন সংগ্ৰহ কৰিলে৷ তেওঁ ভালকৈ জানে যে খিলঞ্জীয়া মানুহে কথাতেই সন্তুষ্ট হয়৷ কিন্তু মিঞাক প্ৰকৃতাৰ্থত সুবিধা দিবই লাগিব৷ ইয়াৰ পূৰ্বে ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাই মিঞাক খিলঞ্জীয়া হোৱাৰ পথ প্ৰদৰ্শন কৰিছেই৷ মিঞাৰ সম্প্ৰদায়ৰ এটা সমূদায় বাবে উন্নয়ন পৰিষদ গঠন কৰাটোৱে পৰিষ্কাৰ কৈ বুজাই যে তেওঁ খিলঞ্জীয়াৰ পক্ষত নাই৷ তেওঁৰ উদেশ্য হৈছে মাত্ৰ যিকোনো প্ৰকাৰে ভোট সংগ্ৰহ কৰা৷ আজিৰ সময়তো তেওঁ এনেকুৱা স্থিতি ল’ব পৰাৰ কাৰণ হৈছে– বাকী সকলো ৰাজনৈতিক দল ইতিমধ্যেই মিঞাৰ পক্ষতে আছেই, যাৰ বাবে এই দলসমূহৰ লগত খিলঞ্জীয়াৰ সমৰ্থনৰ পৰিমাণ নগণ্য৷ অগপ অসম আন্দোলনৰ বিদেশী বিৰোধ কৰা এটা দল আছিল৷ কিন্তু ক্ষমতালৈ আহি বাংলাদেশীক তোষামোদ কৰাৰ বাবেই ৰাইজে প্ৰত্যাখ্যান কৰি বিজেপিক আনিছিল৷ এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ বিজেপিয়ে একে স্বৰূপ পুনৰাবৃত্তি কৰিছে৷’ ইফালে, বিজেপি আৰু মুখ্যমন্ত্ৰীৰ মিঞা প্ৰীতিক লৈ পুনৰ সৰৱ হৈ পৰা দেখা গ’ল নগাঁৱৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ৷ দেওবাৰে মৰিগাঁৱৰ মাণিপুৰত ভকত বৈষ্ণৱৰ মাজত উপস্থিত হোৱা কংগ্ৰেছ প্ৰাৰ্থীজনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত কয়– সিদিনালৈকে মুখ্যমন্ত্ৰীয়ে মিঞাসকলৰ ভোট নালাগে বুলি কৈছিল৷ আকৌ আজি তেওঁলোকৰ ভোট বেছি পাব বুলি কৈছে৷ নিজৰ স্বাৰ্থৰ বাবে মুখ্যমন্ত্ৰীয়ে ইমান সোনকালে বৰণ সলাব পাৰেঙ্গ ২০১৬ চনৰ পৰা এইসকলক সদায় উপলুঙা বৈষম্য, শোষণ, নিষ্পেষণ কৰি এতিয়া বৰণ সলাই গড গড হৈ পৰিছে৷ বৰণ সলোৱাত মুখ্যমন্ত্ৰী সিদ্ধহস্ত৷ পাহৰি যায় আমি সকলো একেখন সমাজৰ যে অবিচ্ছেদ্য অংগ৷ সেয়ে সৰ্বসাধাৰণৰ মানুহে ৰাজনৈতিক নেতাক বেয়া পাই৷