Logo
image

কংগ্ৰেছক ভোট নিদিব : ৰিপুণ বৰা

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৮ এপ্ৰিল : তৃণমূল কংগ্ৰেছেহে বিজেপিক উৎখাত কৰিব পাৰিব৷ কংগ্ৰেছে নোৱাৰে৷ এই দাবী অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ৷ দেওবাৰে তেওঁ বৰাকত তৃণমূল কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ সভাত ভাগ লৈ কয়– দেশৰ জনগণে বিজেপিৰ অপশাসনৰ পৰা পৰিত্ৰাণ বিচাৰিছে৷ কিন্তু আজিৰ তাৰিখত কংগ্ৰেছ বিজেপিৰ বিকল্প হ’ব পৰা নাই৷ গতিকে কংগ্ৰেছক ভোট দি লাভ নাই৷ বিজেপি-কংগ্ৰেছৰ পৰিৱৰ্তে তৃণমূল কংগ্ৰেছক ভোট দিয়ক৷ ৰাইজৰ তৃণমূল কংগ্ৰেছৰ ওপৰত আস্থা বৃদ্ধি হৈছে কাৰণ বিজেপিৰ পৰা পৰিত্ৰাণ পাবলৈ ৰাইজে এনে এটা শক্তিশালী দল বিচাৰিছে যিটো দলে আপোচবিহীনভাৱে বিজেপিৰ লগত যুঁজিব পাৰিব৷ ৰাইজে সিদ্ধান্ত লৈছে যে বিজেপিৰ লগত যদি টক্কৰ দিব পাৰিব, বিজেপিক যদি উৎখাত কৰিব পাৰিব সেয়া পাৰিব কেৱল তৃণমূল কংগ্ৰেছেহে৷ কংগ্ৰেছে সেই কাম কৰিব নোৱাৰে সেই কথা ৰাইজে বুজি পাইছে৷ গতিকে বিজেপিক যদি উৎখাত কৰিব বিচাৰিছে কংগ্ৰেছক ভোট নিদিব৷ তাৰ পৰিৱৰ্তে তৃণমূল কংগ্ৰেছক ভোট দিয়ক৷