Logo
image

ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বৃহৎ ৰ’ড শ্ব’

‘আমাৰ অসম’ৰ ডিব্ৰুগড়ৰ প্ৰতিবেদক, ৮ এপ্ৰিল: মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড়ত বিশাল নিৰ্বাচনী ৰেলীত অংশগ্ৰহণ কৰে৷ কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ হৈ ডিব্ৰুগড় চহৰত আজি সন্ধিয়া নিৰ্বাচনী প্ৰচাৰ চলোৱা হয়৷ বিজেপি প্ৰাৰ্থী সোণোৱালৰ অনুপস্থিতিতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দহ সহস্ৰাধিক দলীয় কৰ্মীক লগত লৈ নিৰ্বাচনী ৰেলীত অংশগ্ৰহণ কৰে৷ ডিব্ৰুগড় চহৰৰ চৌকিডিঙ্গি খেলপথাৰৰ পৰা উলিওৱা এই নিৰ্বাচনী ৰেলী চৌকিডিঙ্গি চাৰিআলি হৈ টি আৰ ফুকন ৰোডেৰে গৈ পি এন ৰোড, শান্তিপাৰাৰ পৰা আৰ কে বি পথ হৈ পুনৰ এইচ এছ ৰোড, মাৰোৱাৰীপট্টিৰ পৰা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে আহি মানকটা পথেৰে প্ৰৱেশ কৰি থানা চাৰিআলিৰ মণ্ডল বিজেপি কাৰ্যালয়ত সমাপন কৰে৷ ইফালে এই কাৰ্যসূচী সমাপন কৰি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই এইবাৰ ৪০০ আসন লাভ কৰি তৃতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোদীয়ে দেশৰ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হ’ব বুলি দাবী কৰে৷ অন্যহাতে ডিব্ৰুগড়ৰ পৰা বিপুল সংখ্যক ভোটত সৰ্বানন্দ বিজয়ী হ’ব বুলিও প্ৰকাশ কৰে৷ প্ৰতিকূল বৰষুণকো নেওচি হাজাৰ হাজাৰ কৰ্মীৰ নিৰ্বাচনী ৰেলীত অংশগ্ৰহণেৰে পুনৰ শক্তি প্ৰদৰ্শন কৰিলে বিজেপিয়ে৷ উল্লেখ্য যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্বশৰ্মাই প্ৰায় ১০ কিলোমিটাৰ নিৰ্বাচনী ৰেলীত অংশগ্ৰহণ কৰে৷ ইফালে মুখ্যমন্ত্ৰীৰ এই নিৰ্বাচনী ৰেলীৰ ফলত সমগ্ৰ ডিব্ৰুগড় চহৰতে ব্যাপক যান-জঁটৰ সৃষ্টি হোৱা পৰিলক্ষিত হয়৷ এই কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাক কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, মন্ত্ৰী বিমল বৰা, বিধায়ক প্ৰশান্ত ফুকন, চক্ৰধৰ গগৈ, বিনোদ হাজৰিকাই সংগ দিয়ে৷

নুমলীগড়ত কামাখ্যা প্ৰসাদ তাছাৰ হৈ মুখ্যমন্ত্ৰীৰ প্ৰচাৰ 

‘আমাৰ অসম’ৰ নুমলীগড় আৰু বোকাখাতৰ প্ৰতিবেদক : ১৯ এপ্ৰিলত প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ হ’বলগীয়া কাজিৰঙা লোকসভা সমষ্টিৰ তথা বোকাখাত বিধানসভা সমষ্টিৰ বিহৰা চাহবাগিচাৰ কুঁহিয়াৰবাৰী ৰাজহুৱা খেলপথাৰত আজি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই বিজেপি মিত্ৰজোঁটৰ কাজিৰঙা লোকসভা সমষ্টি প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাৰ হৈ প্ৰচাৰ চলায়৷ বিহৰা চাহবাগিচাত বিশাল নিৰ্বাচনী সভা সম্বোধন কৰে মুখ্যমন্ত্ৰী ড॰ শৰ্মাই৷ অস্থায়ী হেলিপেডৰ পৰা মুখ্যমন্ত্ৰীক সভালৈ পুষ্পবৃষ্টি, ঝুমুৰা, বিহু আদিৰে আদৰি আনে৷ এই নিৰ্বাচনী সমাবেশত মুখ্যমন্ত্ৰী ড॰ শৰ্মাই ৰাইজৰ মাজলৈ গৈ ‘আকৌ এবাৰ মোদী চৰকাৰ’ শীৰ্ষক গীতটোৰ তালে তালে নাচি-বাগি প্ৰচাৰ চলায়৷ ৰাইজৰ উৎসাহ-উদ্দীপনা দেখি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় সকলো শ্ৰেণীৰ বাবে চৰকাৰে গ্ৰহণ কৰা আঁচনিসমূহ যোগ্যতাৰ ভিত্তিত প্ৰতিগৰাকী অসমীয়াই লাভ কৰিব৷ ইতিমধ্যে এক লাখ নিবনুৱাই চৰকাৰী চাকৰি, দুখীয়া পৰিয়ালে অৰুণোদয়, ৰেচন কাৰ্ড, আয়ুষ্মান কাৰ্ড, উজ্জ্বলা ইত্যাদি আঁচনি লাভ কৰিছে৷ নিৰ্বাচনৰ পাছতেই বাকী থাকি যোৱা হিতাধিকাৰীসকলে সকলো চৰকাৰী আঁচনি লাভ কৰিব বুলিও আশ্বাস প্ৰদান কৰে৷ ইপিনে নিবনুৱাসকলক আন এক আশাৰ বাৰ্তা দি ড॰ শৰ্মাই কয় যে বিভিন্ন বিভাগত অসম চৰকাৰে ৫০ হাজাৰ চাকৰি দিব৷ এই ৫০ হাজাৰ চাকৰি নিযুক্তি দি শেষ হ’লে আকৌ ৰ লাখ নিবনুৱাক চৰকাৰী চাকৰি দিব বুলিও প্ৰতিশ্ৰুতি দিয়ে মুখ্যমন্ত্ৰীয়ে৷ আনহাতে মহিলা সকলক অধিক উদ্যোগী স্বাৱলম্বী কৰি তুলিবলৈ প্ৰতিগৰাকী মহিলাক লাখপতি বাইদেউ বনাব বুলি কয় মুখ্যমন্ত্ৰী গৰাকীয়ে৷ অসম তথা দেশখনক আগুৱাই নিয়াৰ স্বাৰ্থত, প্ৰতিটো স্তৰৰ লোকৰ উন্নতিৰ স্বাৰ্থত মোদীক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচন কৰিবলৈ সকলোকে আহ৩ান জনায় মুখ্যমন্ত্ৰীয়ে৷ মোদীয়ে ৰাইজক দিয়া গেৰাণ্টি অসম চৰকাৰে ৱাৰেণ্টী কৰি ইয়াক স্থায়িত্ব দিব বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে৷ মোদীয়ে সকলো জাতি-জনগোষ্ঠী, সকলো শ্ৰেণীৰ বিপদৰ বন্ধু, পথ প্ৰদৰ্শক বুলি কৈ কেৱল চাহবাগিচা লোকৰ কাৰণে চৰকাৰী চাকৰি তিনি শতাংশ সংৰক্ষণ কৰা বুলিও কয় মুখ্যমন্ত্ৰী ড॰ শৰ্মাই৷ লগতে কামাখ্যা প্ৰসাদ তাছাক বিপুল ভোটত জয়ী কৰাবলৈ আহ৩ান জনায়৷ নিৰ্বাচনী সভাৰ মঞ্চতে তেওঁ অসম গন পৰিষদ দলৰ সভাপতি তেওঁৰেই মন্ত্ৰীসভাৰ জে্যষ্ঠ মন্ত্ৰী অতুল বৰাৰ ৰাজহুৱাকৈ জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে৷ ইপিনে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী ড॰ শৰ্মাও কয় যে কংগ্ৰেছৰ কথা বিশ্বাস কৰিব নালাগে৷ চান্দা পাবৰ কাৰণে টকা নাই বুলি কয়৷ মুখ্যমন্ত্ৰীয়ে হেলিকপ্টাৰ উঠিলে সমালোচনা কৰা কংগ্ৰেছৰ নেতাই ৰাইজৰ পৰা চান্দা উঠাই হেলিকপ্টাৰ উঠি নিৰ্বাচনী প্ৰচাৰ চলায়৷ কংগ্ৰেছৰ ওচৰত হাজাৰ হাজাৰ কোটি টকা আছে বুলিও কয় মুখ্যমন্ত্ৰী ড॰ শৰ্মাই৷ ইপিনে বিজেপিয়ে নিৰ্বাচনী বিধি উলংঘা নকৰাকৈ নীতিৰ আধাৰত স্বচ্ছ আৰু নিকাভাৱে নিৰ্বাচন প্ৰচাৰ চলাইছে বুলিও সংবাদ মাধ্যমৰ আগত কয় মুখ্যমন্ত্ৰী ড॰ শৰ্মাই৷ আজিৰ এই বিশাল নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰীক সংগ দিয়ে মন্ত্ৰী পীয়ূষ হাজৰিকা, প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈকে ধৰি বিজেপি, অগপ, সন্মিলিত গণশক্তি, অসমৰ বিভিন্ন পৰ্যায়ৰ নেতা-কৰ্মীয়ে৷  কাজিৰঙা লৈ আহি অভিভূত প্ৰধানমন্ত্ৰী গতিকে কাজিৰঙাৰ আশেপাশে থকা অঞ্চলসমূহ উন্নতি কৰিব লাগে৷

বোকাখাতত অগপৰ সভাপতি অতুল বৰাৰ বিশাল বাইক ৰেলী : ইফালে আজি বোকাখাতৰ বিহৰাত আয়োজিত এই নিৰ্বাচনী সভাত অংশ ল’বৰ বাবে কেইবা শতাধিক সতীৰ্থক লগত লৈ বোকাখাতৰ পৰা মটৰচাইকেল ৰেলী কৰি যায় মন্ত্ৰী অতুল বৰাই৷ নিজেই বুলেট চলায় বিজেপি আৰু অগপ দলৰ পতাকা লৈ বোকাখাতৰ কেন্দ্ৰীয় বিহুতলীৰ পৰা মটৰচাইকেল ৰেলী উলিয়ায় বিহৰাৰ নিৰ্বাচনী সভাত অংশ লয় বোকাখাতৰ বিধায়ক তথা অগপৰ সভাপতি অতুল বৰাই৷ উল্লেখ্য দেৰগাঁও নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰি হেলিকপ্তাৰেৰে বোকাখাতলৈ অহা হিমন্ত বিশ্ব শৰ্মাই বোকাখাতত নিৰ্বাচনী প্ৰচাৰ সমৰি পুনৰ হেলিকপ্তাৰেৰে লখিমপুৰলৈ যাত্ৰা কৰে৷

দেৰগাঁৱত নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰী 

দেৰগাঁৱৰ পৰা ইন্দুভূষণ মহন্ত [আমাৰ অসম] : মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আজি কাজিৰঙা লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাচাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি দেৰগাঁৱৰ বালিজান শিতলপথাৰত এখন বিশাল জনসভাত ভাগ লয়৷ দহ সহস্ৰাধিক লোকৰ সমাৱেশ ঘটা সভাত ভাষণ দি শাসকীয় চৰকাৰখনে কৰা উন্নয়ন মুলক কাম-কাজ ব্যাখ্যা কৰি তেওঁ কয় যে, ৰাইজে যেনেকৈ বিচাৰিছে চৰকাৰে তেনেকৈয়ে দিছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সমগ্ৰ দেশৰ লগতে অসমে আজি উন্নতিৰ জখলাত দোপদ-দোপে আগবাঢ়ি গৈ আছে৷ আঢ়ৈবছৰ আগতে নিৰ্বাচনৰ আগত দিয়া প্ৰতিশ্ৰুতি অনুসৰি ৰাজ্যখনত একলাখ নিযুক্তি ইতিমধ্যে স্বচ্ছভাৱে সম্পূৰ্ণ হৈছে৷ নতুনকৈ পুনৰ পঞ্চাছ হেজাৰ যুৱক-যুৱতীক চাকৰি দিয়া হ’ব৷ আৰক্ষী আৰু শিক্ষক পদৰ বাবে অহা জুলাই মাহত সাক্ষাৎকাৰ হ’ব৷ একেদৰে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ বাবে আগষ্ট-ছেপ্টেম্বৰত সাক্ষাৎকাৰ অনুষ্ঠিত কৰা হ’ব৷ ইপিনে অৰুণোদয় আঁচনি কংগ্ৰেছ দলে ফাঁকি বুলি কৈছিল৷ কিন্তু আপোনালোকে দেখিছেই এই আচঁনিৰ ধন এতিয়া আঠশৰ পৰা ১২৫০টকা হ’ল৷ এতিয়া ৰেচনকাৰ্ড থকা সকলো পৰিয়ালকে অৰুণোদয় দিয়া হ’ব৷ প্ৰতি মাহৰ দহ তাৰিখে বেংক একাউণ্টত সোমাব আঁচনিৰ ধন৷ তদুপৰি তেওঁ কয়, ৰেচন কাৰ্ড থকাসকলে চৰকাৰী বিনামূলীয়া চাউল আৰু অৰুণোদইয়ে নহয় আয়ুষ্মান কাৰ্ডৰ সুবিধা, উজ্বলা আঁচনিৰ সুবিধাৰ উপৰি লাভ কৰিব বিনামূলীয়া বীমাৰ সুবিধাও৷ যিসকল লোকে অৰুণোদয় পাই অথচ বীমা নাই তেনে পৰিয়ালৰ মুৰব্বীজনৰ মৃত্যু হ’লে চৰকাৰীভাৱে কৰা বীমাৰ ধন লাভ কৰিব পৰিয়ালটোৱে৷ ভাষণ প্ৰসংগত তেওঁ পুনৰ কয়, ছাত্ৰ-ছাত্ৰীক অধ্যয়নৰ ক্ষেত্ৰত চৰকাৰে যথেষ্ট পদক্ষেপ লৈছে৷ ইতিমধ্যে ছাত্ৰীসকলক স্কুটী দিয়া হৈছে৷ এতিয়া ছোৱালী বোৰক পঢ়ুওৱাৰ দায়িত্ব মামাই ল’ব৷ ল’ৰাক বাপেক-মাকে পঢ়াব৷ ছোৱালী মেট্ৰিক পাছ কৰি কলেজত নামভৰ্তি কৰাৰ লগে লগে একাউণ্টত দহহেজাৰকৈ সুমুৱাই দিয়া হ’ব৷ স্নাতক বৰ্ষত নামভৰ্তি কৰোঁতে বাৰ হাজাৰ টকা আৰু বিশ্ববিদ্যালয়ত নামভৰ্তি কৰাৰ সময়ত ছোৱালীৰ একাউণ্টত ২৫ হাজাৰকৈ ধন সুমুৱাই দিয়া হ’ব৷ তেওঁ কয়, লাখপতি বাইদেউৰ কথাত কংগ্ৰেছে হাঁহে৷ কিন্তু মহিলা সকলক আমি লাখপটি বনাইহে এৰিম৷ ১৫ আগষ্টৰ ভিতৰত এই আচঁনিৰ দহ হাজাৰকৈ ধন সোমাব একাউণ্টত৷ যিসকলে এইধন কামত খটুৱাই নিজাকৈ ব্যৱসায় কৰিব তেওঁলোকক পুনৰ ২৫ হাজাৰকৈ ধন দিয়া হ’ব৷ প্ৰয়োজন সাপেক্ষে পুনৰ ধন প্ৰদান কৰা হ’ব৷ কংগ্ৰেছ দলৰ সভাপতি ভূপেন বৰাৰ প্ৰসংগত তেওঁ কয়, ভূপেন বৰাই মনৰ পৰা বিজেপিক গালি নাপাৰে৷ চাকৰি বচাবলৈ গৈহে তেওঁ বিজেপিক গালি পাৰে৷ ভাষণৰ আৰম্ভণিতে তেওঁ আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জনাই সকলোকে৷ এই বিহু প্ৰসংগতে অসমীয়াৰ স্বাভিমানৰ প্ৰতীক গামোচাখন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডিঙিত ৰখাৰ কথা উল্লেখ কৰে৷ তেওঁ কয় যে, নৰেন্দ্ৰ মোদীয়ে জাপান, আমেৰিকালৈ যাওঁতেও আনকি ক’ভিডকালত এইমছত ভেকচিন লওতেও তেওঁৰ কান্ধত গামোচাখনে শোভাবৰ্ধন কৰিছিল৷ কিন্তু দেশৰ প্ৰধানমন্ত্ৰীৰ আসনত থকা অন্য কোনজন প্ৰধানমন্ত্ৰীয়ে অসমীয়া গামোচাখন ডিঙিত লোৱা দেখিছিলনে বুলি তেওঁ প্ৰশ্ন তোলে৷ মোদীয়ে চ্ছ বাৰ অসমলৈ অহাৰ কথা গৌৰৱেৰে উল্লেখ কৰি তেওঁ কাজিৰঙাত এৰাতি থাকি যোৱা প্ৰধানমন্ত্ৰীজনে অসমৰ গড়ক পুনৰ এবাৰ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰালে বুলি কয়৷ প্ৰধানমন্ত্ৰীৰ সদিচ্ছাৰ বাবেই অসমে উন্নতিৰ পথত আগবঢ়া বুলি কৈ তেওঁ পুনৰবাৰ নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰ গঠনৰ বাবেই আগন্তুক নিৰ্বাচনত বিজেপি অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থীক জয়ী কৰাবলৈ তেওঁ ৰাইজক আহ৩ান জনায়৷ আনহাতে, নৱগঠিত দেৰগাঁও সমষ্টিটো নতুন ৰূপত সজাই তোলাৰ প্ৰতিশ্ৰুতি দি কয় অহা দুবছৰত দেৰগাঁও জাকত জিলিকাই বনাই দিম৷ সমষ্টিটোৰ ৰাস্তা- ঘাট কিছু বেয়া হৈ আছে, মন্ত্ৰী অজন্তা নেওগক দায়িত্ব দিছো, নিজেও দায়িত্ব লৈ সমস্যাসমূহ সমাধান কৰা হ’ব৷ ইপিনে, ১০২ নামেৰে সেৱাৰ হেড কোৱাৰ্টাৰ দেৰগাঁৱত প্ৰতিষ্ঠা কৰি ইয়াৰ পৰাই ৰাজ্যখন পৰিচালিত কৰাৰ ব্যৱস্থা হ’ব বুলিয়ো তেওঁ জানিবলৈ দিয়ে৷ এজন অচিসহ আৰক্ষীৰ দল থাকিব লগা এই সেৱাৰ গাড়ী আইন শৃংখলাজিনত পৰিস্থিতিত ফোন কৰিলেই ঘৰতে গৈ হাজিৰ হ’ব আৰু ঘৰতে এজাহাৰ গ্ৰহণ কৰা হ’ব বুলি তেওঁ উল্লেখ কৰে৷ আকৌ বৰুৱা বামুণগাঁৱৰ চেনিকলৰ পৰিত্যক্ত ভূমি ইণ্ডাষ্ট্ৰিয়েল লেণ্ড ঘোষণা কৰি পকী বেৰা দিয়াৰ কাম আৰম্ভ কৰা হৈছে বুলি জানিবলৈ দি দেৰগাঁৱৰ অডিটেৰিয়ামো নিৰ্মাণ কৰা হ’ব বুলি কয়৷ ইপিনে সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰ দি মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছ গোটবন্ধনে জাৰি কৰা ইস্তাহাৰখন ভাৰতীয় নহয়, সেইখন পাকিস্তানী ইস্তাহাৰ বুলি মন্তব্য কৰে৷ ঢোলে- দগৰে নাচি-বাগি আহি সভাস্থলীত প্ৰৱেশ কৰা মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ সভাখনত মন্ত্ৰী অজন্তা নেওগ, মন্ত্ৰী পীয়ূষ হাজৰিকা, বিধায়ক ভৱেন্দ্ৰ নাথ ভৰালী, ৰাজ্যিক ক্ৰীড়া বৰ্ডৰ উপাধ্যক্ষ আকাশ ফুকন, বিজেপি ৰাজ্যিক কাৰ্য্যনিৰ্বাহক ড॰ মৃদুল কুমাৰ দত্ত, অগপৰ কেন্দ্ৰীয় উপ-সভাপতি নুৰুল চুলতান, বিজেপিৰ গোলাঘাট জিলাৰ সভাপতি দেবপ্ৰদীপ বৰা, বিজেপি জিলা প্ৰভাৰী প্ৰশান্ত গোস্বামী, পৌৰনেত্ৰী ৰূপাঞ্জলি ফুকন বৰা, বিজেপি যুৱ মৰ্চাৰ গোলাঘাট জিলা সমিতিৰ সভাপতি চন্দ্ৰজ্যোতি ঠাকুৰ, দেৰগাঁও মণ্ডলৰ সভাপতি অৰুণাভ কলিতা, দিব্য প্ৰকাশ নাৰাযণ, ময়ূৰ ফুকনকে ধৰি বহুকেইগৰাকী দলীয় বিষয়ববীয়া উপস্থিত থাকে৷

হোজাইত মেডিকেল কলেজ স্থাপনৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীৰ

‘আমাৰ অসম’ৰ লংকাৰ প্ৰতিবেদক : হোজাই জিলাত মেডিকেল কলেজ স্থাপন কৰা হ’ব৷ আজি এই ঘোষণাৰে হোজাই জিলাত কাজিৰঙা লোকসভা সমষ্টিৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ আজি হোজাই জিলা সদৰ শংকৰদেৱনগৰত এক বিশাল নিৰ্বাচনী সভাত কেইবা সহস্ৰাধিক লোকৰ সন্মুখত এই ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে৷ হোজাই লামডিঙ আৰু বিন্নাকান্দি [যুমুনামুখৰ] মাজত অতি সোনকালে এই চিকিৎসা মহাবিদ্যালয়খন নিৰ্মাণ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে৷ সভাত হোজাই, লামডিং, বঢ়ডমপুৰ সমষ্টিৰ বিধায়ক ক্ৰমে ৰামকৃষ্ণ ঘোষ, শিবু মিশ্ৰ আৰু জিতু গোস্বামীৰ উপৰিও প্ৰাক্তন হোজাইৰ বিধায়ক শিলাদিত্য দেৱ উপস্থিত থকা এই নিৰ্বাচনী সভাত কাজিৰঙা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছা উপস্থিত নাছিল৷ কামাখ্যা প্ৰসাদ তাছাৰ অনুপস্থিতিত মুখ্যমন্ত্ৰীগৰাকীয়ে উন্নয়নৰ কেইবাটাও প্ৰতিশ্ৰুতি প্ৰদান কৰে৷ কঠীয়াতলিৰ পৰা কামপুৰ, যমুনামুখৰ পৰা ডবকালৈ ১২৭ কোটি টকাৰে ৰাস্তা বনোৱাৰ কথাও ঘোষণা কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে৷ চৰকাৰৰ অৰোণোদয়, বসুন্ধৰা-৩ লগতে চৰকাৰে গ্ৰহণ কৰা বিভিন্ন আঁচনিসমূহৰ উপৰিও হোজাই জিলাত গ্ৰহণ কৰা আন বহু কেইটা উন্নয়নমূলক কামৰ বিষয়ে সভাত দাঙি ধৰি, মাত্ৰ মোদীক তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰিবলৈ আহ৩ান জনাই সমবেত ৰাইজক৷