Logo
image

কাইলৈ আহিব অমিত শ্বাহ প্ৰচাৰ চলাব সৰ্বানন্দৰ হৈ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৮ এপ্ৰিল : অৱশেষত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসমত নিৰ্বাচনী প্ৰচাৰৰ দিন চূড়ান্ত হ’ল৷ দুবাৰকৈ অসম ভ্ৰমণৰ  কাৰ্যসূচী বাতিল কৰাৰ পাছত তৃতীয়বাৰলৈ ৯ এপ্ৰিলত বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ অমিত শ্বাহৰ অসমত নিৰ্বাচনী প্ৰচাৰৰ দিন নতুনকৈ ঘোষণা কৰা হৈছে৷ ৯ এপ্ৰিল কেন্দ্ৰীয় গৃহমন্ত্ৰীজনে বিজেপিৰ অন্যতম হাইপ্ৰ’ফাইল প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ হৈ ডিব্ৰুগড়ত নিৰ্বাচনী প্ৰচাৰ চলাই ৰাইজৰ পৰা ভোট বিচাৰিব৷ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হৈ প্ৰচাৰ চলোৱাৰ লগতে মঙলবাৰে একেটা দিনতে শোণিতপুৰ সমষ্টিৰ দলীয় প্ৰাৰ্থী ৰঞ্জিত দত্ত আৰু লখিমপুৰ সমষ্টিৰ প্ৰাৰ্থী প্ৰদান বৰুৱাৰ হৈয়ো আন দুখনকৈ প্ৰচাৰ সভাত ভোটাৰ ৰাইজক সম্বোধন কৰিব অমিত শ্বাহে৷ উল্লেখ্য, অমিত শ্বাহৰ অসম ভ্ৰমণৰ ৯ এপ্ৰিলৰ দিনটো ঘোষণা হোৱাৰ পূৰ্বে দুটাকৈ দিনৰ সভা বাতিল কৰা হৈছে৷ ডিব্ৰুগড়ত সৰ্বানন্দ সোণোৱালৰ সভাৰ পাছতেই পোনে পোনে লখিমপুৰৰ চুকুলীভৰীয়াত এখন বিশাল জনসভাত অংশগ্ৰহণ কৰি গৃহমন্ত্ৰী অমিত শ্বাহে দলীয় প্ৰাৰ্থীজনৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব৷ লক্ষ্যণীয়ভাৱে ইয়াৰ পূৰ্বে প্ৰথমে ৬ এপ্ৰিলত গৃহমন্ত্ৰী অমিত শ্বাহৰ সভাৰ দিন স্থিৰ কৰা হৈছিল৷ সেই অনুসৰি লখিমপুৰ নগৰৰ সমীপৰ চুকুলীভৰীয়াত কৰা হৈছিল বিশাল আয়োজন৷ পিছে হঠাৎ তেওঁৰ ভ্ৰমণসূচী বাতিল কৰা হয়৷ পৰৱৰ্তী সময়ত পুনৰ ৯ এপ্ৰিলৰ দিনটোত গৃহমন্ত্ৰী অসমলৈ আহিব বুলি ঘোষণা কৰা হয়৷ পিছে এইবাৰো এই সিদ্ধান্ত বাতিল হয়৷ গৃহমন্ত্ৰীজনৰ স্বাস্থ্যজনিত কাৰণত তেওঁৰ ভ্ৰমণসূচী বাতিল কৰা বুলি দলীয় সূত্ৰই জানিবলৈ দিছিল৷ শনিবাৰে বিয়লি পুনৰাই অমিত শ্বাহৰ সভাৰ তাৰিখ ঘোষণা কৰা হয়৷ সেই অনুসৰি অহা ৯ এপ্ৰিলত গৃহমন্ত্ৰীজনে লখিমপুৰত পূৰ্ব নিৰ্ধাৰিত স্থানত বিশাল জনসভাত অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে৷ শ্বাহৰ সৈতে একাধিক কেন্দ্ৰীয় নেতৃত্বৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰীসহ কেইবাজনো মন্ত্ৰী-বিধায়ক তথা সাংসদে অংশগ্ৰহণ কৰিব এই সভাত৷