Logo
image

ঘৰে ঘৰে গৈ ‘গেৰাণ্টী কাৰ্ড’ বিতৰণ কংগ্ৰেছৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৮ এপ্ৰিল : বিজেপিয়ে ইটোৰ পাছত সিটো গেৰাণ্টী ঘোষণা কৰাৰ পাছত ঘৰে ঘৰে গৈ গেৰাণ্টী কাৰ্ড বিতৰণ কাৰ্যসূচী আৰম্ভ কৰে কংগ্ৰেছে৷ অসম কংগ্ৰেছৰ তত্বাৱধায়ক, প্ৰাক্তন মন্ত্ৰী জিতেন্দ্ৰ সিঙে গুৱাহাটী লোকসভা সমষ্টিৰ বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰক লগত লৈ দেওবাৰে ঘৰে ঘৰে গৈ কংগ্ৰেছৰ গেৰাণ্টী কাৰ্ড বিতৰণ কাৰ্যসূচী মুকলি কৰে৷ গুৱাহাটীৰ খানাপাৰা অঞ্চলত উক্ত কাৰ্যসূচী মুকলি কৰা হয়৷ কংগ্ৰেছৰ উক্ত কাৰ্যসূচীত ভাগ লয় সাংসদ আব্দুল খালেক, প্ৰদেশ  কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰ, বিধায়ক ৰেকিবুদ্দিন আহমেদ আদিয়ে৷ গেৰাণ্টী কাৰ্ড বিতৰণ কৰি অসম কংগ্ৰেছৰ তত্বাবধায়ক জিতেন্দ্ৰ সিঙে কয়–মীৰা বৰঠাকুৰে দীৰ্ঘদিন ধৰি গুৱাহাটীবাসীৰ হৈ মাত মাতি আহিছে৷ গুৱাহাটীৰ মাজেৰে বৈ গৈছে বিশাল নদী ব্ৰহ্মপুত্ৰ৷ কিন্তু গুৱাহাটীবাসীয়ে খাবলৈ পানী নাই৷ দীৰ্ঘদিন ধৰি গুৱাহাটীত কোনো উন্নয়ন নাই৷ ভূমিপট্টাৰ সমস্যা, খহনীয়াৰ সমস্যাত আক্ৰান্ত গুৱাহাটীবাসী৷ এইবোৰ সমস্যাক সংসদত সবলভাৱে উত্থাপন কৰিব পাৰিব মীৰা বৰঠাকুৰে৷ তেওঁ সংকল্প লৈছে গুৱাহাটীক দেশৰ অন্যতম শ্ৰেষ্ঠ মহানগৰ ৰূপে গঢ়ি তোলাৰ৷ গুৱাহাটী লোকসভা সমষ্টিৰ জনগনে আন্তৰিকতাৰে আদৰি লৈছে মীৰা বৰঠাকুৰক৷ এইবেলি গুৱাহাটীবাসীয়ে লাভ কৰিব এগৰাকী সবল আৰু উপযুক্ত সাংসদ৷

বিৰোধী ঐক্যমঞ্চৰ অংশীদাৰ হ’ল সোণোৱাল কছাৰী গণমঞ্চ

বিৰোধী ঐক্যমঞ্চ, অসমক অধিক শক্তিশালী কৰি দেওবাৰে এই মঞ্চৰ অংশীদাৰ হয় সোণোৱাল কছাৰী গণমঞ্চ৷ বিগত সময়ত সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱা আঞ্চলিক দলটোৰ ৰাজ্যিক সমিতিয়ে দেওবাৰে গোপাল সোণোৱালৰ নেতৃত্বত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ সৈতে এক আলোচনাত মিলিত হয়৷ এই আলোচনাৰ অন্তত দলটোৱে উজনি অসমৰ ৫ টা সমষ্টিত বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈ আৰু কংগ্ৰেছৰ ৪ গৰাকী প্ৰাৰ্থী ক্ৰমে গৌৰৱ গগৈ, ৰ’জলীনা তিৰ্কী, উদয়শংকৰ হাজৰিকা আৰু প্ৰেমলাল গঞ্জুক সমৰ্থন দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে৷ আজিৰে পৰা দলটোৱে আনুষ্ঠানিকভাৱে বিৰোধী ঐক্য মঞ্চ, অসমৰ অংশীদাৰ হৈ একেলগে কাম কৰাৰ সিদ্ধান্ত লয়৷